
জি আই টেগ বিশিষ্ট অসমৰ কাজি নেমু টেঙাৰ বহিঃ ৰাজ্যত বাণিজ্যিক প্ৰচাৰ কাৰ্যসূচী হাতত লৈছে ৰাজ্যৰ উদ্যান শস্য সঞ্চালকালয়ে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ সমাদৰ লাভ কৰা অসমৰ কাজি নেমু বহিঃৰাজ্যৰ বজাৰত বাণিজ্য বৃদ্ধিৰ লক্ষ্যৰে দেশৰ আগশাৰীৰ মহানগৰসমূহত উদ্যান শস্য সঞ্চালকালয়ৰ উদ্যোগত এলানি বিশেষ বাণিজ্যিক প্ৰচাৰ কাৰ্যসূচী।
৫ অক্টোবৰৰ পৰা মহাৰাষ্ট্ৰৰ মুম্বাই আৰু পুণে চহৰকে ধৰি ১০০ টা স্থানত কাজি নেমুৰ প্ৰচাৰ অব্যাহত ৰাখিছে প্ৰশিক্ষণপ্ৰাপ্ত ৪০গৰাকী Marketing Expert এ। ৮ অক্টোবৰলৈ অব্যাহত থাকিব এই বিশেষ কাৰ্যসূচী।

মহাৰাষ্ট্ৰৰ পাছতে দেশৰ আগশাৰী নগৰ-মহানগৰসমূহত কাজি নেমুৰ বাণিজ্যিক প্ৰচাৰ চলাব অসম চৰকাৰে। ইয়াৰ বাবে হিন্দী, ইংৰাজীৰ লগতে স্থানীয় অন্যান্য ভাষাতো প্ৰচাৰ পত্ৰিকা তৈয়াৰ কৰিছে বুলি জানিবলৈ দিছে কৃষি মন্ত্ৰী অতুল বৰাই।
লগতে পঢ়ক-
কাঠফুলা খেতিৰে উজ্বলিছে ডিব্ৰুগড় বিনয়গুটীয়াৰ উদ্যমী মহিলা জ্যোৎস্না গগৈ

সম্প্ৰতি ৰাজ্যৰ বহু কৃষকে নেমু খেতি কৰে যদিও নেমুৰ উপযুক্ত বজাৰ এখন অসমত গঢ়লৈ উঠা নাই। ফলত কম দামত, কেতবোৰ অঞ্চলত বহু সময়ত নেমু পেলাই দিবলৈয়ো বাধ্য হয় অসমৰ কৃষকসকলে। যদি ৰাজ্যৰ উদ্যান শস্য সঞ্চালকালয় বিভাগৰ এই প্ৰচেষ্টা সফল হয়। তেতিয়া নি:সন্দেহে ৰাজ্যৰ নেমু খেতিয়কসকলৰ বাবে ই আশাৰ খবৰ হৈ পৰিব।
লগতে পঢ়ক-
New Methods: কল আৰু অমিতা গছত লাইশাক আৰু ওলকবি খেতি কৰা পদ্ধতি
Share your comments