
কাজিনেমু অসম উৎপাদিত এক প্ৰকাৰৰ বিশেষ প্ৰজাতিৰ নেমু। কাজিনেমুৰ কিছুমান বিশেষ বৈশিষ্ট্যৰ বাবে ই আন নেমুতকৈ পৃথক। বিশেষকৈ ইয়াৰ গোন্ধ আন নেমুতকৈ বেলেগ আৰু আকৃতি তুলনামূলকভাবে কাজিনেমুৰ বাকলি পাতল। পুৰঠ নেমুত প্ৰচুৰ পৰিমাণে ৰস থাকে। ফলৰ বৰণ ডাঠ সেউজীয়াৰ পৰা পাতল সেউজীয়া-হালধীয়া হ’লে ছিঙাৰ উপযুক্ত হয়। কাজি নেমুৰ উৎপাদন গোটেই বছৰ জুৰি হয় যদিও নৱেম্বৰৰ পৰা জানুৱাৰী মাহত উৎপাদন কম হয়। ডাঙৰ। উল্লেখ্য যে এই কাজিনেমু অসমৰ বাহিৰে আন কতো পোৱা নাযায়। সম্প্ৰতি অসমৰ কাজিনেমুৱে ভাৰতৰ অন্য ৰাজ্যসমূহৰ লগতে লণ্ডন, আমেৰিকা, ডুবাইৰ দৰে দেশতো ব্যাপক চাহিদা লাভ কৰিছে। গতিকে কাজিনেমুৰ খেতি কৰি অসমৰ কৃষকসকল প্ৰচুৰ লাভান্বিত হোৱাৰ স্থল আছে। উল্লেখ্য যে ২০১৯ চনত কাজিনেমুয়ে ভৌগোলিক স্বীকৃতি লাভ কৰে।
নেমুৰ ব্যৱহাৰ :
অসমীয়া খাদ্যত কাজিনেমুৰ এক সুকীয়া স্থান আছে। সাধাৰণতে ভাত আৰু আঞ্জাৰ সৈতে কেঁচা নেমুৰ টুকুৰা পৰিবেশন কৰা হয়। নেমুৰ টুকুৰা চেপি ভাত প্ৰয়োজন অনুসৰি টেঙা কৰি লোৱা হয়। বিয়া-সবাহ আদিতো নেমু খাদ্যৰ লগত ব্যৱহাৰ কৰা হয়। কিছুমানে টেঙা আঞ্জা প্ৰস্তুত কৰিবলৈ নেমুৰ ৰস ব্যৱহাৰ কৰে। কাজিনেমুৰ কিছুমান ঔষধি গুণ আছে। ঘৰুৱা চিকিৎসাত কাজিনেমু ব্যৱহাৰ কৰা হয়। কাজিনেমুৰ পৰা সুগন্ধি নিষ্কাষণ কৰি বিভিন্ন প্ৰকাৰে ব্যৱহাৰ কৰা হয়। কাজি নেমুৰ পৰা আচাৰ বনোৱা হয় লগতে কাজি নেমু চাবোনৰ দৰে ব্যৱহাৰ কৰিব পাৰি। নখ-ভৰি, চুলি কাজিনেমুৰে ধোলে চুলি ফিৰফিৰিয়া হয় লগতে নখ-ভৰি খুৱ সোনকালে চাফা হয়।

কাজি নেমুৰ খেতি :
পানী জমা নোহোৱা পলসুৱা মাটিত কাজিনেমুৰ খেতি ভাল হয়। সেমেকা জলবায়ু কাজিনেমুৰ বাবে উত্তম। কাজি নেমুৰ খেতি ঘাইকৈ কলম পদ্ধতিৰে কৰা হয় যদিও গুটিৰ পৰায়ো পুলি উৎপন্ন হয়। কিন্তু নেমু গছৰ ডাল ধৰা পদ্ধতিৰে উৎপাদন কৰা পুলিত এবছৰতে লাগে ফল। উপযুক্ত বয়সত এজোপা নেমু গছে ৩০০ৰ পৰা ৫০০ ফল লাগে। এটা ফলৰ ভৰ প্ৰায় ৬০-১০০ গ্ৰাম আৰু প্ৰতি হেক্টৰ মাটিত বছৰি ২০ৰ পৰা ৩০ টন উৎপাদন হয়।
লগতে পঢ়ক-
সৰ্বভাৰতীয় প্ৰেক্ষাপটত অসমৰ কৃষিখণ্ড পিছপৰি ৰোৱা কেইটামান কাৰণ

ৰোৱাৰ সময় আৰু পদ্ধতি :
বৰষুণ হোৱাৰ আগে আগে মূল পথাৰত আধা মিটাৰ ব্যাসাৰ্দ্ধৰ গাঁত কৰি তাত জাঁবৰ, গোঁবৰ আৰু পচনসাৰ দি পূৰায় থব লাগে৷ মনত ৰাখিব লাগে যাতে এটা গাঁতৰ পৰা আনটো গাঁতৰ ব্যৱধান ৩ মিটাৰ হ’ব লাগিব ৷ মে’ মাহৰ পৰা আগষ্ট মাহলৈকে এই গাঁতবোৰত পুলি ৰোব লাগে। পুলি ৰোৱাৰ এবছ-দুবছৰ পাছতে গছবোৰত নেমু লাগিবলৈ ধৰে। কিন্তু মাজে চাফ-চিকুন আৰু সাৰ-পানী প্ৰয়োজন অনুসৰি যোগান ধৰিব লাগিব কৃষকগৰাকীয়ে।

আগতেই উল্লেখ কৰি অহা হৈছে এজোপা সুস্থ সৱল নেমুৱে এবাৰত ৩০০ৰ পৰা ৫০০ টা নেমু দিয়ে। বৰ্তমান বজাৰত এটা নেমুৰ দাম ৫ ৰপৰা ৭ টকা। কেতিয়াবা বজাৰত এজোৰ নেমুৰ দাম ২০ টকা হয় গৈ। গতিকে নেমু খেতি কৰিলে এজন কৃষক যথেষ্ট লাভ হোৱাৰ স্থল আছে। কিন্তু দুখৰ কথা যে অধিক সময়ত কৃষকজনে নেমুৰ প্ৰকৃত মূল্য নাপায়। কাৰণ কৃষকৰ পৰা মধ্য ভোগীয়ে কম দামত কিনি তেওঁলোকে অধিক দামত বিক্ৰি কৰে। গতিকে কৃষকসকল এইক্ষেত্ৰত সাৱধান হ’ব লাগে।
লগতে পঢ়ক-
Share your comments