1. এগ্ৰিপেডিয়া

গ্ৰীণ ফ্লাইট জেচিদ পোকৰ আক্ৰমণ নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰক এই পদক্ষেপ...

KJ Staff
KJ Staff

চাহৰ গছৰ পাত চিঙাৰ সময় আৰম্ভ হোৱাৰ লগে লগেই গ্ৰীণ ফ্লাইট জেচিদ পোকৰ আক্ৰমণ আৰম্ভ হয় । অৰ্থাৎ মে' মাহৰ পৰা জুন মাহ পৰ্যন্ত এই পোকৰ আক্ৰমণ হোৱা দেখা যায় ।

বসন্তকাল অহাৰ লগে লগে খেতিয়ক সকলে চাহ পাত চিঙাৰ আৰম্ভ কৰে । কিন্তু এই সময়ছোৱাতে চাহ বাগান সমূহত ব্যাপক হাৰত পোকৰ আক্ৰমণ হোৱাৰ দেখা যায় । যাৰ ফলত বজাৰত চাহ পাতৰ চাহিদা থকাৰ পাছতো বৃহৎ লোকচানৰ সন্মুখীন হ'বলগীয়া হয় খতিয়ক সকলে ।

পূর্ণাংগ আৰু অ- পূর্ণাংগ দুয়োটা অৱস্থাতে গ্ৰীণ ফ্লাইট জেচিদ পোকে চাহগছৰ কোমলীয়া পাতৰ তলফালৰ পৰা পাতৰ ৰস শুহি খায় । ফলত পাতবোৰ ক্রমান্বয়ে তললৈ ধেনুভিৰিয়া হৈ পৰে আৰু মূগাবৰণীয়া হৈ শুকাবলৈ ধৰে ।

গ্ৰীণ ফ্লাইট জেচিদ পোকৰ আক্ৰমণ কেনেদৰে নিয়ন্ত্ৰণ কৰিব?

  • এই পোক বিধৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে প্ৰথমে আপুনি চাহ বাগানৰ বন-বাত মুক্ত কৰি ৰাখিব লাগিব ।
  • Quinalphos/Chloropyriphosৰ ৫০০ মিলি লিটাৰ দৰব ২০০ লিটাৰ পানীত মিহলাই ১৫ দিনৰ মূৰে মূৰে দুবাৰ স্প্রে কৰক ।
  • দৰৱ স্প্রে কৰোতে পাতৰ দুয়োফালে তিতি যোৱাকৈ স্প্রে কৰিব লাগে।
  • একেবিধ দৰৱ বাৰে বাৰে প্ৰয়োগ কৰাতকৈ বিধে বিধে ব্যৱহাৰ কৰিলে কীট-পতংগৰ নিয়ন্ত্রণ কৰিব পাৰি ।
  • নিশ্চিত আৰু অধিক তথ্যৰ বাবে কৃষি বিশেষজ্ঞৰ লগত যোগাযোগ কৰক ।

লগতে পঢ়কঃ চাহ বাগানত হেল’পেলটিছ নিয়ন্ত্ৰণৰ উপায়; জানিবলৈ সৰ্বিশেষ পঢ়ক...

English Summary: How to prevent insect attacks on tea gardens?

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.