1. এগ্ৰিপেডিয়া

চাহিদা অনুসৰি কুঁহিয়াৰ উৎপাদনৰ বাবে গ্ৰহণ কৰক এই পদ্ধতি...

KJ Staff
KJ Staff
Sugarcane Cultivation
Sugarvane Cultivation

চেনী উৎপাদনৰ মূল উৎস হৈছে কুঁহিয়াৰ । বিশ্বৰ প্ৰায় ২০.১০ নিযুত হেক্টৰ এলেকাত কৰা কুঁহিয়াৰ খেতি । এই এলেকাৰ পৰা উৎপাদন হয় প্ৰায় ১,৩১৮ নিযুত টন কুঁহিয়াৰ । তথ্য অনুসৰি, প্ৰতি হেক্টৰত উৎপাদন হয় প্ৰায় ৬৫.৫ টন ।

ভাৰত হৈছে বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ চেনী উৎপাদক দেশ আৰু কুঁহিয়াৰ উৎপাদনৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে ভাৰত । ভাৰতত কুঁহিয়াৰ শস্যৰ আনুমানিক উৎপাদনশীলতা প্ৰতি হেক্টৰত ৭৭.৬ টন আৰু সৰ্বমুঠ উৎপাদনৰ পৰিমাণ হৈছে প্ৰায় ৩০৬ নিযুত টন । কুঁহিয়াৰ উৎপাদনে ভাৰতৰ বৈদেশিক মুদ্ৰা লাভ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।

গতিকে চাহিদা আনুসৰি আপুনিও যদি কুঁহিয়াৰৰ খেতি কৰিব বিচাৰে তেন্তে তলত উল্লেখ কৰা উপায়খিনি অৱলম্বন কৰক ।

কুঁহিয়াৰ খেতি কেতিয়া আৰম্ভ কৰিবঃ

পথাৰৰ পৰা শস্য চপোৱাৰ পাছৰে পৰা আপুনি কুঁহিয়াৰৰ খেতি আৰম্ভ কৰিব পাৰে । অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ মাজভাগৰ পৰা মাৰ্চ মাহৰ শেষলৈ আপুনি এই খেতি আৰম্ভ কৰিব পাৰে । তদুপৰি চেপ্টেম্বৰৰ পৰা অক্টোবৰৰ সময়ছোৱাত অৰ্থাৎ শাৰদীয় সময়ত এই খেতি আৰম্ভ কৰিব পাৰে ।

কুঁহিয়াৰ ৰোৱাৰ আগতে কি কৰিবঃ

ৰুবলৈ অনা কুঁহিয়াৰ আগবোৰ পাঁচ মিনিটৰ বাবে কাৰ্বেণ্ডাজিমৰ দ্ৰৱণত ডুবাই চিকিৎসা কৰক (১০০ লিটাৰ পানীত ১০০গ্ৰাম কাৰ্বেণ্ডাজিম দ্ৰৱীভূত কৰি ৩৫ কুইণ্টল কুঁহিয়াৰ আগ ডুবাই ৰাখক)। কুঁহিয়াৰ (নাৰ্চাৰী) পথাৰ ৰোপণ কৰাৰ আগতে এক সেমেকা গৰম চিকিৎসা যন্ত্ৰত ৫৪°চেণ্টিগ্ৰেড উষ্ণতাত কুঁহিয়াৰ আগবোৰ এঘণ্টাৰ বাবে চিকিৎসা কৰক।

ফাৰ্মৰ প্ৰস্তুতি:

পথাৰখন এনেদৰে প্ৰস্তুত কৰিব লাগে যাতে মাটি মুগা হৈ পৰে আৰু পথাৰত কোনো ধৰণৰ পিণ্ড নাথাকে । কুঁহিয়াৰ ৰুবৰ বাবে ২-২.৫ ফুটত খুদ বনাওক । মাটি পৰীক্ষাৰ আধাৰত সাৰ ব্যৱহাৰ কৰিলে কম খৰচত অধিক উৎপাদন হ'ব পাৰে।

নাউলফ কুঁহিয়াৰৰ বাবে প্ৰতি একৰত ৬০ কিলোগ্ৰাম নাইট্ৰজেন (ইউৰিয়া ১৩৫ কি.গ্ৰা),২০ কি.গ্ৰা ফছফৰাছ (১২৫ কি.গ্ৰা চুপাৰ ফছফেট) আৰু ২০ কিলোগ্ৰাম পটাছ (৩৫ কি.গ্ৰা পটাছ) প্ৰয়োজন হ'ব ।

ৰাসায়নিক অপতৰণ নিয়ন্ত্ৰণ:

কুঁহিয়াৰৰ পথাৰৰ পৰা ঘাঁহ আৰু বাৰু অপতৃণ প্ৰতিৰোধ কৰিবলৈ, এট্ৰাজিন ৫০% (দ্ৰৱণীয় পাউডাৰ) ১.৬ কি.গ্ৰা. প্ৰতি একৰত ২৫০-৩০০ লিটাৰ পানীত দ্ৰৱীভূত কৰিব লাগে আৰু স্প্ৰে কৰিব লাগে ।  কুঁহিয়াৰৰ শস্যৰ ওপৰত ইয়াৰ কোনো বিৰূপ প্ৰভাৱ নপৰে । বহল পাতৰ অপতৃণৰ বাবে 60 দিন ৰোৱাৰ পিছত প্ৰতি একৰত ২৫০ লিটাৰ পানীত ১ কি.গ্ৰা. ২-৪ ডি (৮০% ছডিয়াম নিমখ) স্প্ৰে কৰক ।

জলসিঞ্চন:

কুঁহিয়াৰৰ অধিক উৎপাদনৰ বাবে ৰোৱাৰ 6 সপ্তাহৰ পিছত প্ৰথম জলসিঞ্চন কৰিব লাগে । লগতে, বাৰিষাৰ আগতে প্ৰতি ১০-১২ দিনৰ ব্যৱধানত আৰু বাৰিষাৰ পিছত প্ৰতি ২০-২৫ দিনত শস্যৰ জলসিঞ্চন কৰক । সাধাৰণতে বসন্তৰ সময়ত ৬ বাৰ জলসিঞ্চনৰ প্ৰয়োজন হয় । বৰষুণৰ আগতে ৪ বাৰ জলসিঞ্চন কৰিব লাগে আৰু বৰষুণৰ পিছত ২ বাৰ জলসিঞ্চন কৰিব লাগে ।

ক্ষতিকাৰক পতংগ প্ৰতিৰোধঃ

কুঁহিয়াৰৰ খেতি পথাৰত উঁই আৰু বাঁহী প্ৰতিৰোধ কৰিবলৈ, ৩৫০-৪০০ লিটাৰ পানীত দুই লিটাৰ ক্ল'ৰপাইৰিফছ দ্ৰৱীভূত কৰক আৰু স্প্ৰে কৰক ।

লগতে পঢ়কঃ ২০২১-২২ বৰ্ষত চেনীৰ ৰপ্তানি ৮৫ লাখ টন স্পৰ্শ কৰাৰ দিশে ভাৰত

English Summary: How to get higher yield of sugarcane

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.