1. এগ্ৰিপেডিয়া

Sustainable Agriculture: বহনক্ষম কৃষি পদ্ধতিত কিধৰণৰ ভূমিকা পালন কৰে কেঁচুৱে ?

KJ Staff
KJ Staff

বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে বহনক্ষম কৃষি পদ্ধতিয়ে বিশেষভাৱে গুৰুত্ব লাভ কৰিছে । খেতি পথাৰত অত্যাধিক ৰাসায়নিক সাৰ প্ৰয়োগ আৰু ইয়াৰ দ্বাৰা হোৱা মাটিৰ প্ৰদূষণে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিব পৰা এক মাত্ৰ উপায় হৈছে বহনক্ষম কৃষি পদ্ধতি । সেয়েহে চৰকাৰৰ ফালৰ পৰা বনহক্ষম কৃষি পদ্ধতি বিকশিত কৰিব পৰাকৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰাও পৰিলক্ষিত হৈছে ।

তদুপৰি, বৰ্তমানৰ কৃষি ক্ষেত্ৰখনত কেঁচুসাৰৰ চাহিদা ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে । স্বাস্থ্যৰ উপৰকাৰিতাৰ বাবে বজাৰত প্ৰায়ে জৈৱিক সামগ্ৰীৰ ক্ৰয়ৰ বাবে গ্ৰাহক বেছি আগ্ৰহ প্ৰকাশ কৰা দেখা । বজাৰত যিধৰণে জৈৱিক সামগ্ৰীৰ চাহিদা বৃদ্ধি পাবলৈ ধৰিছে সেইধৰণে কৃষক সকলৰ মাজতো কেঁচু সাৰৰ চাহিদা বৃদ্ধি পাইছে ।

যি কি নহওক আমি এই প্ৰৱন্ধটিত আলোচনা কৰিবলৈ গৈ আছো বহনক্ষম কৃষি পদ্ধতিত কেঁচুসাৰ বা কেঁচুৰ ভূমিকাৰ বিষয়ে । আমি সকলো জানো যে, খেতিৰ মাটিৰ উৰ্বৰতা অতুত ৰখাৰ লগতে উৎপাদন ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে কেঁচুসাৰে । কেঁচুবোৰক আমি উৎকৃষ্ট "মাটিৰ অভিযন্তা" বুলিও ক'ব পাৰো ।

কেঁচুবোৰে সাধাৰণতে মাটি ঢিলা কৰে, যাৰ ফলত এজোপা উদ্ভিদ সহজে মাটিৰ পৰা পুষ্টি আহৰণ কৰিব পাৰে । তদুপৰি কেঁচুবোৰে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে আৰু গৱেষকসকলৰ ধাৰণা অনুসৰি কেঁচুৰ দ্বাৰা উদ্ভিদলৈ দ্ৰুত হাৰত স্থানান্তৰিত হয় নাইট্ৰ'জেন আৰু আৰু কাৰ্বন ।

এই সন্দৰ্ভত গৱেষক সকলৰ দ্বাৰা দুটা পৰীক্ষা কৰা হৈছিল, এটা পৰীক্ষাগাৰত আনটো পথাৰত । গৱেষণাটোত কেঁচুৰ পৰা মাটিলৈ পুষ্টিৰ প্ৰবাহ, উদ্ভিদৰ পুলি, আৰু ৰস চুষা পোক ৰখাৰ বাবে ৰাসায়নিক ট্ৰেচাৰ ব্যৱহাৰ কৰা হৈছিল । পৰীক্ষাগাৰত মাত্ৰ দুই ঘণ্টাৰ পিছত কেঁচুৰ পৰা উদ্ভিদে নাইট্ৰজেন আৰু কাৰ্বন আহৰণ কৰিবলৈ সক্ষম

হৈছিল । ইয়াৰ বিপৰীতে পথাৰত 24 ঘণ্টাৰ পিছত নাইট্ৰজেন লাভ কৰিবলৈ সক্ষম হৈছিল উদ্ভিদে । গতিকে ইয়াৰ দ্বাৰা এটা কথা স্পষ্টৰ কেচু দ্বাৰা সহজে পুষ্টি আহৰণ কৰিব পাৰে উদ্ভিদে ।

কেঁচুৱে বহনক্ষম কৃষি পদ্ধতিত কেনেদৰে সহায় কৰে (Helps in Sustainable Agriculture)

কেঁচুৱে মাটিৰ উৰ্বৰতা বজাই ৰাখিবলৈ সক্ষম আৰু স্থিৰতাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । কেঁচু আৰু জীৱাণুবোৰে পচন ত্বৰান্বিত কৰিবলৈ একেলগে কাম কৰে ।  কেঁচুৱে জৈৱ-পচনশীল সামগ্ৰী আৰু জৈৱিক আৱৰ্জনাক পুষ্টি সমৃদ্ধ সামগ্ৰীলৈ ৰূপান্তৰ কৰে আৰু মাটিৰ ফাইচিকোকেমিকেল গুণাগুণ সংৰক্ষণ কৰে ।

তদুপৰি কেঁচুবোৰে পৃষ্ঠত শৌচ পদাৰ্থ(Vermicast) জমা কৰে । এই ভাৰ্মিকাষ্টে বাফাৰ হিচাপে কাম কৰে কিয়নো ইয়াত যথেষ্ট পৰিমাণৰ এন, পি, আৰু কে থাকে, যিবোৰ উদ্ভিদৰ বাবে সহজে উপলব্ধ । ভেৰ্মিকাষ্টত হুমিক এচিড আৰু উদ্ভিদৰ বিকাশ হৰমন পোৱা যায়, যি প্ৰাকৃতিক আৰু পৰিচালিত দুয়োটা পৰিস্থিতিতন্ত্ৰত উদ্ভিদৰ বিকাশ আৰু শস্যৰ উৎপাদন বৃদ্ধি কৰাত সহায় কৰে ।

লগতে পঢ়কঃ Soil Testing: পৰীক্ষাৰ বাবে কেনেধৰণৰ নমুনা সংগ্ৰহ কৰিব ?

English Summary: How do earthworms help in sustainable Agriculture

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.