1. এগ্ৰিপেডিয়া

ভোট জলকীয়া বিক্ৰিব পৰা নাই নেকি! উচিত দাম পোৱা নাই ! চিন্তা নকৰিব!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
How to add value to king chili?
How to add value to king chili?

অসমৰ বহু কৃষকে এইবাৰ ভোট জলকীয়া খেতি কৰিছে। ইয়াৰ মূলতে পূৰ্বতে যিসকল কৃষকে ভোট জলকীয়া খেতি কৰিছিল তেওঁলোকে যথেষ্ট উপাৰ্জন কৰিছিল। দুই এবছৰতে ভোট জলকীয়া খেতি কৰি দুই এজন কৃষকে গাড়ী কিনাৰো পৰিলক্ষিত হৈছিল। তেওঁলোকক অনুসৰণ কৰি অসমৰ বহু কৃষকে এইবাৰ ভোট জলকীয়া খেতি কৰিবলৈ লয়। বিশেষ সুত্ৰৰ পৰা জানিবলৈ পোৱা মতে, এই বছৰটোত বাংলাদেশৰ পৰাও বহু ভোট জলকীয়া অসমলৈ আহিছে। আৰু বাংলাদেশৰ কৃষকৰ দৰে কম দামত গ্ৰাহক বেপাৰিক ভোট জলকীয়া যোগান ধৰিব পৰা নাই। উপায়হীন হৈ কম দামত এতিয়া বহু কৃষকে ভোট জলকীয়া বিক্ৰি কৰিবলগীয়া হৈছে। ইফালে, বিক্ৰি নকৰিলেও উপায় নাই। পকা ভোট জলকীয়া গছৰ পৰা চিঙাৰ পাছতে কম দিনতে বেয়া হৈ যায়। গতিকে বিক্ৰি কৰিব লগীয়া হৈছে কম দামত। ইফালে, কেঁচাকৈ কেঁচাকৈ সংৰক্ষণ কৰিবলৈ অসমত শীতল ঘৰ নাই বুলিবই পাৰি। কাৰণ যিকেইটা শীতল ঘৰ আছে সেইকেইটা সাধাৰণ কৃষকৰ হৈ থকা নাই। আৰু অসমৰ কৃষকেও নাজানেই শীতল ঘৰবোৰ আছে ক’ত!

শীতল ঘৰত নাৰাখিলেও অসমৰ কৃষকসকলে ভোট জলকীয়াবোৰ শুকুৱাই সংৰক্ষণ কৰিব পাৰে! বা ভোটজলকীয়াবোৰ শুকান কৰি গুৰি বনায়ো ইয়াৰ বজাৰখন ল’ব পাৰে বা আচাৰ বনাব পাৰে! এতিয়া আমৰ বতৰ, বাঁহ গাজৰ বতৰ, অসমৰ থলুৱা যি ফল-মূল আছে সেইবোৰৰ সৈতে ভোট জলকীয়া মিশ্ৰণ ঘটাই বিভিন্নধৰণৰ আচাৰজাতীয় খাদ্যসামগ্ৰী প্ৰস্তুত কৰিব পাৰে। তাৰবাবে গাঁৱৰ মহিলাসকলক এটা দুটা আচাৰ বনোৱা প্ৰশিক্ষণ  ব্যৱস্থা কৰি নিজেও শিকি বিক্ৰি কৰিব নোৱৰা ভোট জলকীয়াখিনি বা কম দামত বিক্ৰি নকৰি এটা গঢ়ি তুলিব পাৰে।

এই কামটো কেৱল ভোট জলকীয়া খেতি কৰাসকলেই যে কৰিব পাৰিব এনে নহয় দাম কম হৈ থাকোঁতে কোনো ব্যক্তিয়ে ভোট জলকীয়াসমূহ ক্ৰয় কৰি এনে গ্ৰাম্য উদ্যোগ এটা গঢ়ি তুলিব পাৰে। এনে কৰিলে মধ্যভোগী হাতৰ পৰা আমাৰ কৃষকসকলে বহুখিনি ৰেহাই পাব আৰু লোকচানৰ বাচি যাব। কৃষকসকলৰ এই সমস্যাটোৰ প্ৰতি লক্ষ্য কৰিয়েই ধেমাজি জিলাৰ কৃষক আৰু কৃষি ব্যৱসায়ী ভৱেন শালৈৰ কাষ চাপিছিলো। তেওঁ বিগত কেইবাটাও বছৰ খাদ্যৰ প্ৰক্ৰিয়াকৰণ, সংসাধন বা মূল্য সংযোজনৰ ওপৰত কাম কৰি আহিছে। 

King chili Pickle
King chili Pickle

তেওঁক আমি কৃষকসকলে সততে সন্মুখীন হৈ এটা সমস্যা বজাৰ নোপোৱা, কম দামত কৃষিজাত সামগ্ৰী মধ্যভোগীক দিব লগীয়া হোৱাৰ কৃষকসকল কেনেকৈ ৰক্ষা পাব বুলি সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়- কৃষকসকলে এই সমস্যাটোৰ পৰা ৰক্ষা পাবলৈ খাদ্য সংসাধন আৰু মূল্য সংযোজনক লগত লৈ আগবাঢ়িব লাগিব। আমি দেখিছো আমাৰ বহু কৃষকে নেমুৰ বজাৰ নাপায় পানীত উটুৱাই দিব লগা হয় কেতিয়াবা আকৌ বিলাহীৰ লগতে অন্যান্য শাক-পাচলি গৰুক খোৱাব লগীয়া হয়।

কিন্তু আমি নেমুৰ পৰা খাদ্য প্ৰক্ৰিয়াকৰণৰ জড়িয়তে চৰবত বনাবলৈ নিশিকিলো বা বিলাহীৰ পৰা টমেট’ চপ বনাবলৈ, টমেট’ চুপ বনাবলৈ নিশিকিলো। যাৰবাবে আমি কৃষকসকল বজাৰখন নাপালেই লোকচানৰ সন্মুখীন হওঁ। মই বিগত কেইবাটাও বছৰ ধৰি ভোট জলকীয়া খেতি কৰি আছো। মোৰ কৃষি পথাৰত উৎপাদন কৰা ভোট জলকীয়া প্ৰথম অৱস্থাত দাম হৈ থাকোঁতে বিক্ৰি কৰো। কিন্তু যেতিয়া বজাৰত দাম কম হয় মই বিক্ৰি নকৰো। আচাৰ বনাও, ড্ৰাই কৰো, আৰু গুৰি কৰি থওঁ। সেইবোৰ ঠাণ্ডা দিনত জলকীয়া নাইকীয়া হোৱা অৱস্থাত বিক্ৰি কৰো। কিছুমান বাহিৰৰ দেশলৈয়ো পঠাও। ভূটান, ডুবাইৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল, নাগালেণ্ড আদি ৰাজ্যলৈয়ো পঠিয়াও।

এনে কৰিলে কেঁচা অৱস্থাত ভোট জলকীয়া দামত বিক্ৰি কৰাতকৈ অধিক লাভ পাওঁ। গতিকে মই আমাৰ কৃষকসকলক কওঁ- কৃষকসকলে খেতি কৰা সমান্তৰালভাৱে উৎপাদিত ফচলৰ মূল্য সংযোজন, প্ৰক্ৰিয়াকৰণৰ ওপৰত গুৰুত্ব দিলে ফচল চপোৱাৰ পাছতে বজাৰখন নাপালেও বা ফচলৰ দাম কম হ’লেও  চিন্তা কৰিব লগীয়া কোনো কথা নাহে।

লগতে পঢ়ক- 

Advanced Marketing : এডভান্স মাৰ্কেটিং ফৰ্মুলাৰে কৃষকে পথাৰতো জিকক, বজাৰতো জিকক

English Summary: How to add value to king chili?

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.