
দেশৰ কৃষি ক্ষেত্ৰলৈ নতুন শস্যৰ খেতিয়ে সম্ভাৱনাৰ কঢ়িয়াই অনা পৰিলক্ষিত হৈছে। কম পৰিশ্ৰমেৰে ভাৱিব নোৱৰাকৈ লাভ কৰিবলৈ নতুন জাতৰ ওপৰত অধিক গুৰুত্ব দিছে উদ্যমী কৃষকসকলে। এইক্ষেত্ৰত কিন্তু অসমৰ কৃষকসকল বৰ বেছি আগবঢ়া নাই। সম্প্ৰতি দুই এজন কৃষকে অৱশ্যে ব্ৰকলি, কলাজিকা, ৰং, বিৰঙৰ কবি, বাটাৰনাট স্কোৱাচ, কুমকুম ভেণ্ডি আদিৰ লগতে নতুন প্ৰজাতিৰ ধান, নতুন উদ্যান শস্যৰ খেতি আৰম্ভ কৰিছে। আৰু সফলতাও লাভ কৰিছে কৃষকসকলে। গতিকে আহি থকা দিনত অসমৰ কৃষকসকলে নতুন ৰবিশস্যৰ খেতিৰে লাভ উঠাব পৰাকৈ এই লেখাটো প্ৰস্তুত কৰা হৈছে।
ঝুকুনি খেতি
অসমত পূৰ্ণ সম্ভাৱনা থকা, অসমৰ জলবায়ুৰ লগত খাপ খাই পৰা লগতে অসমত ইয়াৰ বজাৰখনৰ পূৰ্ণ সম্ভাৱনা থকা এবিধ নতুন পাচলি হ’ল- জুকিনি। আমাৰ বহু কৃষকে হয়তো জুকিনি দেখা নাই। হয়তো দুই এজন কৃষকে কৰিবও পাৰে। কিন্তু অধিকাংশই জুকিনি নামৰ পাচলিবিধৰ বিষয়ে নাজানে। প্ৰথম কথা হ’ল জুকিনি এবিধ বিদেশী পাচলি। সম্প্ৰতি ভাৰতৰ প্ৰগতিশীল কৃষকসকলে এই খেতি আৰম্ভ কৰিছে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা চালে খেতিয়কে ইয়াৰ খেতি কৰি লাখ লাখ টকা উপাৰ্জন কৰি আছে। জুকিনি খেতি কৰি পৰম্পৰাগত পাচলি খেতিতকৈ অধিক উৎপাদন কৰিব পাৰিব কৃষকসকলে। জানিব পৰা মত, বহি:ৰাজ্যৰ বহুকেইজন চাকৰিয়ালে জুকিনি খেতি কৰিবলৈ চাকৰি এৰিছে। বৰ্তমান জুকিনিৰ চাহিদা বজাৰত অতি বেছি। বিজ্ঞানসন্মতভাৱে কৰিলে কৃষকে এই শস্যৰ পৰা সঁচাকৈ ভাল উপাৰ্জন কৰিব পাৰে। অসমৰ কৃষকসকলে কাতি-আঘোণ মাহৰ পৰা এই খেতি কৰিব পাৰিব। ফটোত দেখাৰ দৰেই শাৰী-শাৰীকৈ ৰুই কৃষকসকলে এই খেতি কৰিব পাৰে।

ক’লা বিলাহী
বিলাহী অসমৰ মানুহৰ অতিকে চিনাকী। কেৱল অসমেই নহয় সমগ্ৰ বিশ্বতে বিলাহীৰ এক পৰিচয় আছে। কিন্তু এই আলোচনাত আমি আপুনি নজনা বা নেদেখা এবিধ বিলাহীৰ বিষয়ে কম। কাৰণ এই জাতৰ বিলাহী অসমতে নহয় ভাৰততো একেবাৰে নতুন। বিলাহীৰ এই নতুন প্ৰজাতিটো হ’ল কলা বিলাহী। প্ৰথম ইংলেণ্ডত কলা বিলাহীৰ খেতি কৰা হৈছিল । ক’লা বিলাহীৰ খেতি আমাৰ কৃষকসকলে অক্টোৱৰ-নৱেম্বৰৰ পৰা আৰম্ভ কৰিব পাৰে। আমাৰ সাধাৰণ বিলাহী খেতিৰ দৰেই কৰা হয় ক’লা বিলাহীৰ খেতি। কিন্তু সাধাৰণ ৰঙা বিলাহীতকৈ ক’লা টমেটোৰ ঔষধি গুণ বেছি। ইয়াক বহুদিনলৈ সতেজ কৰি ৰাখিব পাৰি। ইয়াৰ দাম বজাৰত সাধাৰণ বিলাহীতকৈ বহু বেছি। গতিকে এই খেতি কৰি অসমৰ কৃষকসকলে ভাল উপাৰ্জন কৰিব পাৰিব।

গোলাপী আলু
শেহতীয়াকৈ দেশৰ বিজ্ঞানীসকলে উদ্ভাৱন কৰিছে এবিধ নতুন আলু। নাম গোলাপী আলু। গোলাপী আলুৰ খেতিয়ে সাধাৰণ আলু খেতিৰ তুলনাত কৃষকক অধিক লাভান্বিত কৰিব। বিহাৰৰ কৃষকসকলে শেহতীয়াকৈ গোলাপী আলুৰ খেতি কৰি সাধাৰণ আলু খেতিতকৈ দুগুণ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। এই আলুৰ প্ৰজাতিটো বিহাৰৰ এটা কৃষি বিজ্ঞান কেন্দ্ৰত উদ্ভাৱন কৰা হৈছে। বিজ্ঞানীসকলৰ মতে, গোলাপী আলু সাধাৰণ আলুতকৈ অধিক পুষ্টিকৰ। লগতে স্বাভাৱিক আলুতকৈ কাৰ্বহাইড্ৰেট আৰু ষ্টাৰচৰ পৰিমাণ কম, যিটো মানুহৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। সাধাৰণ আলুৰ তুলনাত গোলাপী আলুৰ শেল্ফ লাইফ বেছি। যাৰ বাবে গোলাপী আলু সহজে কেইবামাহো ৰাখিব পাৰি। সাধাৰণতে আলু পচি যোৱাৰ সমস্যা গ্ৰীষ্মকালত বেছিকৈ আহে যদিও এই প্ৰজাতিৰ আলুত এই সমস্যা নহয়। গতিকে ইয়াক কেইবামাহো সহজে সংৰক্ষণ কৰিব পাৰি।

কুমকুম ভেণ্ডি
সাধাৰণ ভেণ্ডিৰ কথা আমাৰ কৃষকসকলে জানে! কিন্তু ৰঙা ভেণ্ডিৰ বিষয়ে আজিও আমাৰ কৃষকসকল অজ্ঞ। কিন্তু ৰঙা ভেণ্ডিৰ খেতিৰে কৃষকসকলে বৰ্তমান সময়ত অধিক উপাৰ্জন কৰাৰ স্থল আছে। কাৰণ এই ভেণ্ডি সাধাৰণ ভেণ্ডিতকৈ স্বাস্থ্যসন্মত যাৰবাবে বজাৰত দাম অধিক। কিন্তু এই খেতি কৰিবলৈ বিনিয়োগ আৰু শাৰীৰিক পৰিশ্ৰমৰ পৰিমাণ সাধাৰণ ভেণ্ডিৰ খেতিৰ দৰেই। শেহতীয়াকৈ গ্ৰীষ্মকালত চৰাইদেউ জিলাৰ প্ৰগতিশীল কৃষক তনব গগৈয়ে এই কুমকুম ভেণ্ডিৰ খেতি কৰিছিল। এই ভেণ্ডি বছৰত দুবাৰকৈ কৰিব পাৰি। গ্ৰীষ্মকালত মাৰ্চ- এপ্ৰিলত কৰাৰ লগতে শীতকালৰ বাবে ছেপ্তেম্বৰত কৃষকসকলে কুমকুম ভেণ্ডিৰ খেতি কৰিব পাৰে।

কেপচিকাম
সম্প্ৰতি অসমত জনপ্ৰিয়তা লাভ কৰা এবিধ পাচলি কেপচিকাম। ই প্ৰধানতঃ বিদেশী শস্য যদিও অসমীয়া সমাজত কেপচিকামে কম সময়তে ইয়াৰ চাহিদা বৃদ্ধি কৰাবলৈ সক্ষম হৈছে। কেপচিকাম বিশেষকৈ অভিজাত শ্রেণীৰ অতি প্রিয়। কিন্তু বৰ্তমান ই সাধাৰণ লোকৰ মাজলৈয়ো ক্ৰমান্বয়ে সম্প্ৰসাৰণ ঘটিছে। কেপচিকাম শীতকালীন শস্য যদিও আগষ্টৰ শেষৰ পৰা এই খেতি কৰিব পাৰি। ই বিদেশী শস্য যদিও অসমৰ মাটিৰ লগত ইতিমধ্যে কেপচিকামে সম্পৰ্ক গঢ়ি তুলিছে। কেপচিকামৰ খেতি কৰি আমাৰ কৃষকসকল যথেষ্ট লাভাৱান্বিত হ’ব পাৰে। কাৰণ বজাৰত কেপচিকামৰ দাম যথেষ্ট। অন্যান্য শীতকালীন শস্যতকৈ বেছি যত্নৰো প্ৰয়োজন নাই। অথচ এইবিধ পাচলিৰ বজাৰত চাহিদা আৰু দাম দুয়োটাই বেছি। অধিক উত্পাদনক্ষম জাতবোৰ হৈছে - কেলিফোর্নিয়া ৱাণ্ডাৰ , পুচা দিপ্তী, আর্কা বসন্ত, চাইনিজ জায়েন্ট, ভাৰত, বুলন'জ, আর্কা গৌৰৱ ইত্যাদি ।
শেষত নতুন খেতি কৰিব বিচৰা মন কৰিব যে প্ৰথম অৱস্থাত যিকোনো নতুন শস্যৰ খেতি অধিক পৰিমাণে কৰিব নালাগে। পৰীক্ষামূলকভাৱে কম পৰিমাণে কৰিব লাগে। নতুন খেতি এটাৰ বিষয়ে কৃষকসকলে বেছি কথা নাজানে। লগতে নতুন পাচলিৰ বজাৰখনৰ পৰিমানো খুব কম হয়। প্ৰথমবাৰ সকলো ফালৰ পৰাই হ’লে সফল পৰৱৰ্তী সময়ত অধিক পৰিমাণে কৰিব লাগে।
Share your comments