1. এগ্ৰিপেডিয়া

শস্যত সাৰ প্ৰয়োগৰ যথাৰ্ততা আৰু শীতকালীন শাক-পাচলিতত সাৰ প্ৰয়োগ

KJ Staff
KJ Staff
শস্যত সাৰ প্ৰয়োগৰ যথাৰ্ততা
শস্যত সাৰ প্ৰয়োগৰ যথাৰ্ততা

শস্যত সাৰ প্ৰয়োগ কৰিবলৈ যাওঁতে, শস্যানুসৰি তলত উল্লেখিত দিহাবোৰৰ প্ৰতি লক্ষ্য ৰাখি সাৰ প্ৰয়োগৰ উপায় সমূহ অবলম্বন কৰি শস্যভূমিত সাৰ প্ৰয়োগ কৰাটো একান্ত বাঞ্চনীয়:

১) সাৰ প্ৰয়োগৰ আগত মাটি পৰীক্ষাগাৰত মাটি পৰীক্ষা কৰি সাৰ প্ৰয়োগৰ পৰিমাণ নিৰ্ধাৰণ কৰি লব লাগে।

২) প্ৰচুৰ পৰিমাণে জৈৱ সাৰ প্ৰয়োগ কৰিব লাগে, যাৰ ফলত মাটিৰ উৰ্বৰা শক্তি অটুট থকে বা বৃদ্ধি হয় তথা মাটিৰ পানী ধাৰণ ক্ষমতাও বৃদ্ধি পায়।

৩) সময়ত আৰু সুষম পৰিমাণৰ সাৰৰ শস্যানুসৰি প্ৰয়োগ কৰিব লাগে।

৪) ক্ষুদ্ৰমাত্ৰিক মৌলৰ যথাৰ্থ পৰিমাণত প্ৰয়োগ কৰাটো অত্যান্ত প্ৰয়োজনীয়।

৫) নিৰ্দিষ্ট পৰিমাণে শস্যভূমিত চূণ প্ৰয়োগ কৰিব লাগে।

৬) কৃষি বিভাগৰ কৃষি বিষয়াৰ তথা আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ ও কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীসকলোৰ ওচৰত শস্যত সাৰ প্ৰয়োগৰ সবিশেষ তথ্য গ্ৰহণ কৰি শস্যভূমিত সাৰ প্ৰয়োগ কৰাটো একান্ত বাঞ্চনীয় ।

সচৰাচৰ শস্যত প্ৰয়োগ কৰা সাৰ বোৰৰ ভিতৰত প্ৰধানকৈ তলত উল্লেখ কৰা ধৰণৰ হয় :

১) জৈৱ সাৰ ২) সেউজ সাৰ ৩) জৈৱিক সাৰ   (৪) ৰাসায়নিক সাৰ। ইত্যাদি ।

উপৰোক্ত চাৰিও বিধ সাৰৰে শস্য বা খেতি এদৰাত বা গছত যথাৰ্থ পৰিমাণত আৰু নিয়মিত সময়ত প্ৰয়োগ কৰাটো পৰিলক্ষিত হয়।

বিশেষকৈ ৰাসায়নিক সাৰ প্ৰয়োগৰ মাত্ৰা আৰু প্ৰয়োগ পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰি মাটিৰ উৰ্বৰাশক্তি, গুণাগুণ তথা গছৰ শ্ৰীবৃদ্ধি নিৰ্ধাৰণ হয়।

ইয়াৰ ওপৰত লক্ষ্য ৰাখি ৰাসায়নিক সাৰ বিশেষকৈ

(১) নাইট্ৰোজেন জাতীয় সাৰ যেনে ইউৰিয়া, নেনো ইউৰিয়া,

(২)ফছফৰাছ জাতীয় সাৰ যেনে একক ছুপাৰ ফছফেট (এছএছপি,

(৩) পটাছিয়াম জাতীয় সাৰ যেনে মিউৰিয়েট অফ পটাছ (এমওপি,

(৪) যৌগিক সাৰ যেনে ডাই এমোনিয়াম ফছফেট (ডিএপি,

(৫) মিশ্ৰ সাৰ এন-পি-কে গ্ৰেডেড সাৰ

ইত্যাদিৰ শস্যানুসৰি ব্যৱহাৰৰ অনুমোদিত হাৰ তথা বিঘা প্ৰতি প্ৰয়োজনীয় সাৰৰ মাত্ৰা প্ৰয়োগ কৰাটো অত্যান্ত দৰকাৰী।

এইখিনিতে মন কৰিব লগীয়া কথা যে অকল উপৰত উল্লেখিত ৰাসায়নিক সাৰৰ প্ৰয়োগেই মাটিৰ উৰ্বৰা শক্তি আৰু গছৰ শ্ৰীবৃদ্ধিৰ বাবে যথেষ্ট নহয়। ইয়াৰ বাবে মাটিত প্ৰচুৰ পৰিমাণে পচন সাৰ, গোৱৰ সাৰ, কেঁচু সাৰ, সেউজ সাৰ আদি নিৰ্দিষ্ট সময় আৰু পৰিমাণ অনুসৰি প্ৰয়োগ কৰিব লাগে। ঠিক তেনেকৈ খেতিৰ মাটিত চূণৰ ব্যৱহাৰেও অতিকৈ আৱশ্যকীয়।

সঠিক সময়ত ফুল আৰু ফল ধাৰণৰ বাবেও গছৰ বৃদ্ধি নিয়ন্ত্ৰক বা বৃদ্ধি হৰমোণ ব্যৱহাৰ কৰাটোও অত্যান্ত প্ৰয়োজনীয়।

প্ৰয়োজনানুসৰি, সাধাৰণতে মাটিত বা শস্যত সাৰৰ প্ৰয়োগ পদ্ধতি কেইটা উল্লেখ কৰা হল :

(১) বেছেল এপ্লিকেছন : মাটি প্ৰস্তুত কৰাৰ সময়ত বীজ সিচাঁ বা গছ পুলি অথবা কঠীয়া ৰোৱাৰ আগত প্ৰয়োগ কৰা হয়।

(২) টপ ড্ৰেচ আৰু ছাইড ড্ৰেচ : শস্যৰ বা গছৰ বৃদ্ধি কালত ব্যৱহাৰ কৰা হয়।

 (৩) ফলিয়াৰ স্প্ৰে : নিৰ্দিষ্ট পৰিমাণৰ পানীত দ্ৰৱণীয় সাৰ পানীত মিহলাই গছৰ পাতত, ডালত তথা গা-গছত স্প্ৰে কৰি প্ৰয়োগ কৰা হয়।

(৪) ফাৰ্টিগেছন  : জলসিঞ্চন কৰি থকা পানীৰ লগত মিহলাই সাধাৰণতে ড্ৰিপ ইৰ্ৰিগেছনত প্ৰয়োগ কৰা হয়।

শাক – পাঁচলিৰ খেতিত সাৰ প্ৰয়োগ

যিহেতু আমাৰ সংসাৰখন পৰিবৰ্তনশীল, সেয়ে আমি সময়ৰ লগত তাল মিলাই চলিব লাগে। আজিকালি কৃষি জগতত জৈৱিক কৃষি পদ্ধতি তথা প্ৰাকৃতিক কৃষিৰ ওপৰত পৰিবেশ তথা জীৱ-জন্তুৰ স্বাস্থ্য সন্মত কাৰক সমুহ অটুট ৰখাৰ হকে গুৰুত্ব আৰোপ কৰা হৈছে।

সেয়ে যত ৰাসায়নিক পদ্ধতিত কৃষকে কৃষি কাৰ্য কৰি আছে, সেইবোৰ কৃষি ক্ষেত্ৰত ওপৰোক্ত তালিকাত সন্নিবিষ্ট সুষম সাৰৰ প্ৰয়োগ তথা প্ৰয়োগ পদ্ধতিবোৰৰ সঠিক সময় আৰু সঠিক পৰিমানত শস্যক্ষেত্ৰত প্ৰয়োগ কৰিলে উন্নত মানদণ্ডৰ অধিক উদ্পাদন লভিব পাৰিব তথা অৰ্থনৈতিক দিশত যথেষ্ট টনকিয়াল হব পাৰিব।

শীতকালীন শাক-পাচলিৰ খেতি যথেষ্ট পৰিমাণে কৰা হয় । ইয়াৰ উন্নত মানদণ্ডৰ উদ্পাদন পাবলৈ সঠিক মাত্ৰাত সুষম সাৰ প্ৰয়োগ কৰাটো অত্যান্ত দৰকাৰী । এই দৃষ্টিভঙ্গী আগত ৰাখি শাক – পাঁচলিৰ খেতি (আলু, ফুলকবি, বন্ধা কবি , ব্ৰোকোলী, নোলখোল (ছাল গোম) ত সাৰ প্ৰয়োগ তালিকা এখন যুগুত কৰা হল।

সাৰ প্ৰয়োগ কৰিবলৈ যাওঁতে সাধাৰণতে ইউৰিয়া, এছএছপি তথা এমওপি ৰাসায়নিক সাৰৰ কথাই ভৱা হয় যদিও আজিকালি ডিএপিৰ ওপৰিও মিশ্ৰসাৰ (এন-পি-কে গ্ৰেডেড) যেনে এন-পি-কে (১০-২৬-২৬), এন-পি-কে (১৫-১৫-১৫) , এন-পি-কে (২০-২০-০০-১৩) ইত্যাদি সাৰৰো বহুল ব্যাৱহাৰ পৰিলক্ষিত হৈ আছে। সেইমৰ্মে তলৰ তালিকাত আলু খেতিত বিকল্প সাৰৰ ব্যৱহাৰ দেখুউয়া হৈছে।

 

 

 

 

ক্ৰঃ নং

 

 

শস্য

অনুমোদিত পোষক মৌলৰ মাত্ৰা

এনপিকে কেজি/হেঃ

বিঘা প্ৰতি সাৰৰ পৰিমাণ

 

 

সাৰৰ প্ৰয়োগ পদ্ধতি

 

 

সাৰৰ নাম

 

পৰিমাণ

(কেজি/বিঘা)

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

আলু

আলু

৬০  :   ১০০   :   ১০০

(জলসিঞ্চনৰ ব্যৱস্থা থকা মাটিৰ বাবে)

 

 

 

 

 

ইউৰিয়া

 

এছএছপি

 

এমওপি

 

১৭.৪০০

 

৮৩.০০০

 

২২.২০০

সম্পূৰ্ণ পৰিমাণৰ ইউৰিয়া, এছএছপি, আৰু এমওপি ভালকৰি মাটি প্ৰস্তুত কৰিলৈ আলুগুটি ৰোৱাৰ আগত শাৰীপতাকৈ বনোৱা সিঁৰলু বোৰত ১০ ছেমি গভীৰতাত প্ৰয়োগ কৰি মাটিৰে ঢাকি দিব লাগে যাতে তাৰ ওপৰত আলু গুটি বোৰ ৰুলে সাৰৰ সংস্পৰ্শলৈ নাহে ।

বিকল্প (১)

 

ডিএপি

 

ইউৰিয়া

 

এমওপি

 

২৯.০০০

 

৬.০০০

 

২২.২০০

সম্পূৰ্ণ পৰিমাণৰ ডি এ পি, আৰু এমওপি ভালকৰি মাটি প্ৰস্তুত কৰিলৈ আলুগুটি ৰোৱাৰ আগত শাৰীপতাকৈ বনোৱা সিঁৰলু বোৰত ১০ ছেমি গভীৰতাত প্ৰয়োগ কৰি মাটিৰে ঢাকি দিব লাগে যাতে তাৰ ওপৰত আলু গুটি বোৰ ৰুলে সাৰৰ সংস্পৰ্শলৈ নাহে।

বাকী থকা ইউৰিয়া ৬ কেজি জলসিঞ্চন তথা মাটি দি ছাইড ড্ৰেচ হিচাবে প্ৰয়োগ কৰিব পাৰি ।

বিকল্প (২)

 

 

এন-প-কে (১০-২৬-২৬)

 

 

 

৫১.৩০০

সম্পূৰ্ণ পৰিমাণৰ এন-পি-কে (১০-২৬-২৬) ভালকৰি মাটি প্ৰস্তুত কৰিলৈ আলুগুটি ৰোৱাৰ আগত শাৰীপতাকৈ বনোৱা সিঁৰলু বোৰত ১০ ছেমি গভীৰতাত প্ৰয়োগ কৰি মাটিৰে ঢাকি দিব লাগে যাতে তাৰ ওপৰত আলু গুটি বোৰ ৰুলে সাৰৰ সংস্পৰ্শলৈ নাহে ।

বাকী থকা ইউৰিয়া ৬ কেজি জলসিঞ্চন তথা মাটি দি ছাইড ড্ৰেচ হিচাবে প্ৰয়োগ কৰিব পাৰি ।

 

ইউৰিয়া

 

 

৬.২০০

৬০   :    ৫০   :   ৫০

(বৰষুণৰ ওপৰত

নিৰ্ভৰ্শীল মাটিৰ

 

ইউৰিয়া

 

এছএছপি

 

এমওপি

 

১৭.৪০০

 

৪১.৭০০

 

১১.১০০

সম্পূৰ্ণ পৰিমাণৰ ইউৰিয়া, এছএছপি, আৰু এমওপি ভালকৰি মাটি প্ৰস্তুত কৰিলৈ আলুগুটি ৰোৱাৰ আগত শাৰীপতাকৈ বনোৱা সিঁৰলু বোৰত ১০ ছেমি গভীৰতাত প্ৰয়োগ কৰি মাটিৰে ঢাকি দিব লাগে যাতে তাৰ ওপৰত আলু গুটি বোৰ ৰুলে সাৰৰ সংস্পৰ্শলৈ নাহে ।

বিকল্প (১)

 

ডিএপি

 

ইউৰিয়া

 

এমওপি

 

১৪.৫০০

 

১১.৭০০

 

১১.১০০

সম্পূৰ্ণ পৰিমাণৰ ডি এ পি, আৰু এমওপি অথবা  বিকল্প (২) এন-প-কে (১০-২৬-২৬)= ২৫.৬০০   ভালকৰি মাটি প্ৰস্তুত কৰিলৈ আলুগুটি ৰোৱাৰ আগত শাৰীপতাকৈ বনোৱা সিঁৰলু বোৰত ১০ ছেমি গভীৰতাত প্ৰয়োগ কৰি মাটিৰে ঢাকি দিব লাগে যাতে তাৰ ওপৰত আলু গুটি বোৰ ৰুলে সাৰৰ সংস্পৰ্শলৈ নাহে।

 

বাকী থকা ইউৰিয়া ১১.৭০০ কেজি এমাহ পিচত অৰ্থাত্ জলসিঞ্চন তথা মাটি দি ছাইড ড্ৰেচ হিচাবে প্ৰয়োগ কৰিব পাৰি ।

বিকল্প (২)

এন-প-কে (১০-২৬-২৬)

 

ইউৰিয়া

 

২৫.৬০০

 

১১.৮০০

 

 

 

 

 

 

ফুলকবি

৮০ : ৬০ : ৫০

(উন্নত জাতৰ বাবে (এইচওয়াইভি))

 

ইউৰিয়া

 

এছএছপি

 

এমওপি

 

২৩.২০০

 

৫০.০০০

 

১১.১০০

     মাটি প্ৰস্তুত কৰাৰ শেষৰ বাৰ হাল বোৱাৰ সময়ত আধাভাগ ইউৰিয়া আৰু গোটেই পৰিমাণৰ এছএছপি আৰু এমওপি প্ৰয়োগ কৰিব।

      আৰু বাকী থকা আধা পৰিমাণৰ ইউৰিয়া পুলি ৰোৱাৰ ৩০-৩৫ দিনৰ ভিতৰত প্ৰয়োগ কৰিব।

 

 

২৫০  :  ১০০  :  ১২০

 

(হাইব্ৰীড জাতৰ বাবে

 

ইউৰিয়া

এছএছপি

এমওপি

 

৭২.৫০০

৮৩.৩০০

২৬.৭০০

 

 

 

 

 

বন্ধা কবি

১২০ : ৬০ : ৬০

(উন্নত জাতৰ বাবে (এইচওয়াইভি))

 

 

ইউৰিয়া

এছএছপি

এমওপি

   

   ৩৪.৮০০

৫০.০০০

১৩.৩০০

মাটি প্ৰস্তুত কৰাৰ শেষৰ বাৰ হাল বোৱাৰ সময়ত আধাভাগ ইউৰিয়া আৰু গোটেই পৰিমাণৰ এছএছপি আৰু এমওপি প্ৰয়োগ কৰিব।

 আৰু বাকী থকা আধা পৰিমাণৰ ইউৰিয়া পুলি ৰোৱাৰ ৩০-৩৫ দিনৰ ভিতৰত প্ৰয়োগ কৰিব।

১৭০ : ১০০ : ১২০

(হাইব্ৰীড জাতৰ বাবে )

 

ইউৰিয়া

এছএছপি

এমওপি

 

৯.৩০০

৮৩.৩০০

২৬.৭০০

 

 

 

ব্ৰোকোলী

 

১০০-২০০০ : ৬০-৮০ : ৪০-৬০

ইউৰিয়া

 

এছএছপি

 

এমওপি

২৯.০০০-৫৮.০০০.

৫০.০০০-৬৬.৭০০.

৮.৮০০ – ১৩.৩০০

মাটি প্ৰস্তুত কৰাৰ শেষৰ বাৰ হাল বোৱাৰ সময়ত আধাভাগ ইউৰিয়া আৰু গোটেই পৰিমাণৰ এছএছপি আৰু এমওপি প্ৰয়োগ কৰিব ।

 আৰু বাকী থকা আধা পৰিমাণৰ ইউৰিয়া পুলি ৰোৱাৰ ৩০-৩৫ দিনৰ ভিতৰত প্ৰয়োগ কৰিব ।

 

 

নোলখোল (ছাল গোম)

 

৮০ : ৬০ : ৬০

 

ইউৰিয়া

এছএছপি

এমওপি

 

   ২৩.২০০

৫০.০০০

১৩.৩০০

মাটি প্ৰস্তুত কৰাৰ শেষৰ বাৰ হাল বোৱাৰ সময়ত আধাভাগ ইউৰিয়া আৰু গোটেই পৰিমাণৰ এছএছপি আৰু এমওপি প্ৰয়োগ কৰিব ।

 আৰু বাকী থকা আধা পৰিমাণৰ ইউৰিয়া পুলি ৰোৱাৰ ২০ দিনৰ ভিতৰত প্ৰয়োগ কৰিব ।

শ্ৰী নিৰ্ম্মল চন্দ্ৰ ঘোষ,     মহকুমা কৃষি বিষয়া, ধুবুৰী 

লগতে পঢ়ক-Pineapple Farming: আনাৰসৰ খেতিৰে আত্মনিৰ্ভৰশীল হ'ব পাৰে কৃষকসকল, পঢ়ক সম্পূৰ্ণ তথ্য!

English Summary: Fertilizer uses in Winter vegetables

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.