বানৰ সময়ত বা বানৰ পিছত মানুহৰ লগতে পশুকুলৰো বিষয়ে যত্ন লোৱাটো অতি জৰুৰী।কাৰণ বানৰ কবলত প্ৰতি বছৰে যথেষ্ট সংখ্যক পশুধনৰ মৃত্যু হোৱাৰ লগতে বিভিন্ন প্ৰকাৰৰ ৰোগত আক্ৰান্ত হোৱা দেখা যায়।তলত বানৰ সময়ত আৰু বানৰ পিছত পশুধনৰ প্ৰতি ল’বলগীয়া সতৰ্কমুলক ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰিলো।
বানৰ সময়ত (During Floods)
বানপীড়িত অঞ্চলত পশুধনক ওখ ভেটি বা অস্থায়ীভাৱে নিৰ্মিত চাংঘৰত ৰখাৰ ব্যৱস্থা কৰক।
বানবিধ্বস্ত অঞ্চলত ঘাঁহৰ অভাৱ হ’লে পশুধনসমুহক দলঘাঁহ, উলু, নল, তৰা, আম, কঁঠাল, ডিমৰু, আঁহত, শিমলু, কাঞ্চন, বাঁহগছৰ পাত, কলপাত আৰু ইয়াৰ গা-গছ সৰু সৰুকৈ কাটি খুৱাব পাৰে।
পশুধনসমুহে অনভ্যস্ত খাদ্য খোৱাৰ ফলত হ’ব পৰা ৰোগসমুহ যেনে-হাগনি, গ্ৰহণী, বদহজম, পেটফুলা, বিষক্ৰিয়া আৰু অন্যান্য সংক্ৰামক ৰোগৰ লক্ষণ দেখা পালে তৎক্ষণাৎ ওচৰৰ পশু চিকিৎসকৰ লগত যোগাযোগ কৰি পৰামৰ্শ গ্ৰহণ কৰক।
বানৰ পাছত (After Floods)
পশুধনৰ গোহালি,গৰাল আদি বীজাণুনাশক ঔষধেৰে পৰিষ্কাৰ কৰি বীজাণুমুক্ত কৰিহে পশুধনসমুহক গোহালি,গৰালত ৰাখিব।
পশুধনৰ বিভিন্ন সংক্ৰামক ৰোগ যেনে-চবকা, টেটুৰা, গলফুলা,জহৰবাত ,গাহৰি জ্বৰ (swine flue)আদি ৰোগৰ প্ৰতি সতৰ্ক হ’ব।এনে কোনো ৰোগৰ লক্ষণ দেখা পালে তৎক্ষণাৎ ওচৰৰ পশু চিকিৎসকৰ লগত যোগাযোগ কৰি চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰক।
পশুধনক খাল-বিল লেতেৰা পানী,গেলা-পচা বস্তু,বোকা-পলস লাগি থকা ঘাঁহ-বন আদি খাবলৈ নিদিব।
পশুধনৰ বাবে সংগৃহীত থলুৱা ঘাঁহ-বন ,পাত আদি পৰিষ্কাৰ পানীৰে ধুই শুকুৱাই খুৱাব।
বিভিন্ন ধৰণৰ পেলুজাতীয় ৰোগৰ প্ৰতিৰোধৰ বাবে পশু চিকিৎসকৰ পৰামৰ্শ লৈ পেলুৰ ঔষধ খুৱাব।
বানৰ সময়ত আৰু বানৰ পিছত পশুধনৰ যিকোনো ৰোগৰ লক্ষণ দেখা পালে ততালিকে উপযুক্ত পৰামৰ্শ আৰু চিকিৎসাৰ বাবে ওচৰৰ পশু চিকিৎসক আৰু ক্ষেত্ৰ সহায়কৰ লগত যোগাযোগ কৰক।
চবকা ৰোগত আক্ৰান্ত পশুধনৰ প্ৰতিকাৰ আৰু সতৰ্কতামুলক ব্যৱস্থা
চবকা ৰোগ:(Foot and mounth Disease)এবিধ বিষাণু (ভাইৰাছৰ)ৰ পৰা হোৱা পশুধনৰ সংক্ৰামক ৰোগ।ই অতি কম সময়ৰ ভিতৰত পশুধনৰ মাজত বিয়পিব পাৰে।
চবকা ৰোগৰ প্ৰধান লক্ষণসমুহ হ’ল-
প্ৰথমে জ্বৰ হয়,মুখৰ পৰা লেলাউতি ওলায়।ইয়াৰ পাছত দাঁতৰ আলু,জিভা আৰু ঠেঙৰ দুই খুৰাৰ মাজত পানীজোলা ওলায়।পানী জোলাবোৰ ফাটি ঘা হয় আৰু খাব নোৱাৰা হয়।গাখীৰৰ কমে,খুৰাবোৰ বেয়া হৈ লেঙেৰা হয় আৰু কামৰ অনুপযুক্ত হৈ পৰে।
সতৰ্কতামুলক ব্যৱস্থা আৰু প্ৰতিকাৰ:
নিৰোগী পশুধনসমুহক প্ৰতিষেধক ছিটা দিয়াব লাগে।প্ৰথম ছিটা চাৰি মাহ আৰু দ্বিতীয় ছিটা আঠ মাহ বয়সত দিয়াব লাগে।তাৰ পিছত ছয় মাহৰ অন্তৰে অন্তৰে দিয়া উচিত।
বাৰিষা বতৰ আৰম্ভ হোৱাৰ আগতে এই ৰোগৰ প্ৰতিৰোধক ছিটা দিয়াব লাগে।
লক্ষণসমুহ দেখা পালে ততালিকে ওচৰৰ পশু চিকিৎসকৰ লগত যোগাযোগ কৰিব।
ৰোগৰ নমুনা পশু চিকিৎসকৰ জৰিয়তে সংগ্ৰহ কৰি ৰোগ নিৰুপণ পৰীক্ষাগাৰলৈ পঠিওৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব।
ৰোগত আক্ৰান্ত পশুধনসমুহক চলা-ফুৰা বন্ধ কৰি বীজাণুনাশক ঔষধেৰে গোহালি পৰিষ্কাৰ কৰি ৰাখিব।
ৰোগত আক্ৰান্ত অঞ্চলৰ পৰা পশুখাদ্য ,ঘাঁহ-বন,দানা পানী,খেৰ আদি সংগ্ৰহ নকৰিব।
লেলাউতি আৰু মল-মুত্ৰৰে মিহলি হোৱা ঘাঁহ-বন,দানা-পানী,খেৰ আদি ভালদৰে পুতি বা পুৰি পেলাব।
ঘাবিলাক সম্পুৰ্ণ ভাল নোহোৱালৈকে পশুধনসমুহক জিৰণি দিব আৰু সহজে খাব পৰা কোমল ঘাঁহ-দানা দিয়াৰ ব্যৱস্থা কৰিব।
দাঁতৰ আলু আৰু জিভাৰ ঘাবোৰত অলপ ফিটকিৰি গুড়িৰ লগত অলপ গ্লিচাৰিন মিহলাই লগালে সোনকালে শুকুৱায়।
খুৰাৰ ঘাবোৰত এক শতাংশ পটাছ মিশ্ৰণৰ পানীৰে ধুৱাব। ঘাঁবোৰত পোক লাগিলে তাৰ্পিন তেল ব্যৱহাৰ কৰিব পাৰে।
স্বাস্থ্য ৰক্ষাৰ বাবে পোহনীয়া পশুধনক সময়মতে বিভিন্ন মহামাৰী ৰোগৰ প্ৰতিষেধক ছিটা দিয়াওক।
উপযুক্ত পৰামৰ্শ আৰু চিকিৎসাৰ বাবে ওচৰৰ পশু চিকিৎসকৰ লগত যোগাযোগ কৰক। লেখক: ডা: মাখন চন্দ্ৰ গগৈ
Share your comments