
বাটাৰনাট স্কোয়াচ এক গ্ৰীষ্মকালীন শস্য। ই লতাজাতীয় উদ্ধিদ। অসমত এই খেতি একেবাৰে নতুন। জানিব পৰা মতে, বৰ্তমানলৈ কেইজন মুষ্টিমেয় কৃষকেহে অসমত এই খেতি কৰিছে। ওদালগুৰিৰ নলবাৰী গাঁৱৰ কৃষক বিনেশ্বৰ বাগলাৰীয়ে পৰীক্ষামূলকভাৱে এইবাৰ এবিঘা মাটিত বাটাৰনাট স্কোয়াচ খেতি কৰিছিল।

ফটোত দেখা এই লমালমে লগা বাটাৰনাট স্কোয়াচবোৰ তেওঁৰ বাৰীৰে। এবিঘা মাটিত খেতি কৰি কৃষকজনে ৫০-৬০ দিনৰ ভিতৰত ১ লাখতকৈ অধিক টকা উপাৰ্জন কৰিছে। বৰ্তমান এই খেতিৰ সময় নাই। আহি থকা আমাৰ কৃষকসকলে এই বাটাৰনাট স্কোয়াচৰ খেতিৰে যথেষ্ট লাভান্বিত হোৱাৰ স্থল আছে। কাৰণ বাগলাৰীয়ে ২ মাহতে মাত্ৰ এবিঘা মাটিত খেতি ১ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।
লগতে পঢ়ক-
বিনামূলীয়া চাউল, অৰুণোদয়ৰ দৰে আঁচনিয়ে অসমীয়া মানুহক এলেহুৱা কৰিছে!

বাটাৰনাট স্কোয়াচ এক গ্ৰীষ্মকালীন শস্য। মাঘৰ শেষৰ পৰা চ’তৰ শেষলৈ কৃষকসকলে এই খেতি কৰিব পাৰে। ইয়াক মাটিত বগাবলৈ দিয়াৰ লগতে হেন্দালি দিও কৰিব পাৰে। অৱশ্যে বিনেশ্বৰ বাগলাৰীয়ে মাটিত বগাবলৈ দিয়ে কৰিছিল। আপোনালোক ফটোত দেখিবলৈ পাইচে বাগলাৰীয়ে খুব প্ৰণালীবদ্ধভাৱে এই বাটাৰনাট স্কোৱাচৰ খেতি কৰিছিল। গতিকে অনাগত দিনত যিসকল কৃষকে এনেদৰে বাটাৰনাট স্কোৱাচৰ খেতি কৰিম বুলি ভাবিছে তেওঁলোকে এই প্ৰণালীবদ্ধ দিশটোক গুৰুত্ব দিব। তেওঁ বনবাত নুঠিবৰ বাবে মালচিং পেপাৰো ব্যৱহাৰ কৰিছে।

আমাৰ বাবে অচিনাকী এই বিনেশ্বৰ বাগলাৰীয়ে কৰা এই বাটাৰনাট স্কোৱাচ সোৱাদযুক্ত। বিশেষকৈ স্কোৱাচ পাচলিৰে এটা প্ৰকাৰ।
লগতে পঢ়ক-
Share your comments