
বৰ্তমান সময়ত অসমৰ কৃষকসকলে কৰিব পৰা বেঙেনাৰ এটা উন্নত তথা হাইব্ৰীড জাত হ’ল- ললিতা। বছৰ সকলো সময়তে ললিতা জাতৰ বেঙেনাৰ খেতি কৰিব পাৰে। যদিও উপযুক্ত সময় নৱেম্বৰ-ডিচেম্বৰ।
ললিতাৰ ৰোগ প্ৰতিৰোধী ক্ষমতা অন্য সকলো বেঙেনাতকৈ বেছি। সাধাৰণতে বেঙেনাৰ তুলসী বা মৰহি যোৱা ৰোগ দেখা যায়। এই ৰোগ প্ৰতিৰোধৰ ক্ষমতা আটাইতকৈ বেছি ললিতা জাতৰ বেঙেনাৰ।
ৰোপনৰ ৬৫ৰ পৰা ৭৫ দিনত এই শস্য চপাব পৰা যায়। কৃষকসকলে জানিবলৈ দিয়া মতে, প্ৰতিখিলা পাতৰ ঠাঁৰিয়ে ঠাঁৰিয়ে লাগে এই জাতৰ বেঙেনা। প্ৰতিটো বেঙেনাৰ ওজন ১২০ৰ পৰা ১৫০ গ্ৰাম হয়।
প্ৰতিজোপা গছত প্ৰায় ১০ কিলোগ্ৰামকৈ লাগে ললিতা জাতৰ বেঙেনা। কৃষকসকলে, ললিতা জাতৰ বেঙেনা শাৰী শাৰীকৈ আৰু গছৰ পৰা গছলৈ ৩ ফুট দূৰত্বত ৰোপণ কৰিব লাগে। ভালদৰে যত্ন আৰু সাৰ-পানী যোগান ধৰিলে এজোপা বেঙেনাৰ পৰা ১০ কিলোগ্ৰামতকৈ অধিক উৎপাদন হ’ব।
লগতে পঢ়ক-
Share your comments