-
-
ভতুৱা বা জিলমিল এবিধ উপকাৰী শাক
White Goosefoot
ভতুৱা বা জিলমিল আমাৰ এবিধ চিনাকি বনৰীয়াবনৰীয়া শাক। এই শাক নিয়মিত খালে কিড্নিৰ পাথৰি ৰোগ নহয়। যকৃতৰ বাবেও ই উপকাৰী। ধানখেতিৰ মাজে মাজে হোৱা এই শাক অতি সহজলভ্য।
ভতুৱা শাকত যথেষ্ট পৰিমাণে লো, পাৰা, খনিজ লৱণ আৰু ক্ষাৰ পোৱা যায়। এই শাক যিমান অধিক খাব পৰা যায় সিমানে দেহ নিৰোগী হৈ থাকে। এই বিধ শাক ৰন্ধনত নিমখ প্ৰয়োগ নকৰিলে ভাল। যদিহে স্বাদৰ বাবে নিমখ মিহলাব লাগে তেন্তে সাধাৰণ নিমখত কৈ সৈন্ধৱ লৱণ হে দিয়া উচিত। এই বিধ শাক দৈৰ সৈতে মহলাই ৰায়তা বনায়ো খাব পাৰি। ই শুক্ৰবৰ্দ্ধক।
- কোষ্ঠ কাষ্ঠিন্যৰ বাবে ভতুৱা শাক উপকাৰী। এনে ৰোগত ভোগা ৰোগীয়ে কেই দিনমান একেৰাহে নিয়মিত ভতুৱা শাক খালে কোষ্ঠ কাঠিন্য দূৰ হয়। শৰীৰত শক্তি পোৱা যায় আৰু দেহলৈ সফূৰ্তি আহে। বতৰৰ যিটো সময়ত ইয়াক নিতৌ খাব লাগে। ভতুৱা শাকৰ ৰস, সিদ্ধ পানী খালে পেটৰ অজীৰ্ণ, গেচ, কৃমি, বিষ আদি যিকোনো ৰোগ নাশ হয়।
- পাথৰি ৰোগত এগিলাচ কেঁচা ভতুৱা শাকৰ ৰসৰ লগত চেনি মিহলাই নিতৌ সেৱন কৰিলে এই ৰোগ নাশ হয়। মূৰত ওকণি হ’লেও ভতুৱা শাক সিজোৱা পানীৰে মূৰ ধুলে ওকণি নোহোৱা হোৱাৰ লগতে মূৰটো চফা হয়। মাহেকীয়া ঋতুস্ৰাৱ বন্ধ হ’লে দুই চামুচ ভতুৱা শাকৰ গুটি এগিলাচ পানীত সিজাই আধা গিলাচ হ’লে পানী খিনি চেকি খাব লাগে। চকুৰ খজুৱতি, চকু ৰঙা পৰা আদি ৰোগতো এই শাক খোৱা ভাল।
- আধা কিলো ভতুৱা শাক তিনি গিলাচ পানী মিহলাই সিজাই তাৰ পিছত আকৌ পানী ঢালি লব লাগে। শাক খিনি চেপি আতঁৰাই পানী খিনি চেকি লওক। স্বাদৰ বাবে নিমখ, জিৰা, সামান্য জালুক আৰু সৈন্ধৱ লৱণ মিহলাই লওক। এনেদৰে তৈয়াৰ কৰা শাকৰ ৰস দিনত তিনি বাৰকৈ পান কৰিলে পেচাব হৈ যোৱাৰ পিছত হোৱা বিষ দূৰ হোৱাৰ লগতে পেটৰ গেচ আতঁৰে। সিদ্ধ শাক খিনি পেলাই নিদি দৈ মিহলাই খাব পাৰি। মূত্ৰাশয় আৰু শুক্ৰাশয় আৰু শুক্ৰাশয়ৰ ৰোগটো ই উপকাৰী।
- নিতৌ পুৱা এক কাপ কেঁচা ভতুৱা শাকৰ ৰস পান কৰিলে কৃমি নাশ হয়। এচামুচ ভতুৱাৰ বীজৰ চূৰ্ণ মৌৰ লগত মিহলাই খালেও কৃমি নষ্ট হোৱাৰ লগতে ৰক্তপিত্ত আৰোগ্য হয়।
- বগা দাগ, খজুৱতি, ফোঁহা আদি চৰ্মৰোগত নিতৌ ভতুৱা শাক সিদ্ধ কৰি চেকি লৈ ৰস সেৱন কৰিব লগে। এনে ধৰণৰ শাক সিজোৱা পানী ছালত লগালেও উপকাৰ হয়।
- ভতুৱাৰ কেঁচাপাত পিহি ৰস উলিয়াই লওক। দুই কাপ ৰসৰ লগত আধাকাপ তিলৰ তেল মিহলাই কম জুইত গৰম কৰক। পানী শুকাই গ’লে তেল খিনি চেকি লৈ ঠাণ্ডা কৰি বটলত ভৰাই থওক। যিকোনো চৰ্মৰোগত নিতৌ এই তেল লগালে উপকাৰ পোৱা যায়।
- ভতুৱা শাক কুটি, শুকান আদা আৰু নিমখ মিহলাই তিতা কাপোৰত বান্ধি লৈ ওপৰত মাটিৰ লেপন লগাওক। ইয়াৰ পিছত জুইত সেকি লৈ গৰম হৈ থাকোঁতে যিকোনো ফোঁহাৰ ওপৰত লগাওক। ফোঁহা সোনকালে পকি ফুটি দূষিত তেজ-পূঁজ আদি ওলাই চফা হ’ব।
লেখক: জীৱন হাজৰিকা, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন
English Summary: Benefits of White Goosefoot
Share your comments