1. এগ্ৰিপেডিয়া

উলম্ব কৃষি পদ্ধতি সংস্থাপনৰ এক আধুনিক সমাধান

KJ Staff
KJ Staff
Vertical Farming
Vertical Farming

ভার্টিকেল ফার্মিং বা উলম্ব কৃষি পদ্ধতি হৈছে এনে এক নিৰ্ভৰযোগ্য সমাধানসূত্র, যিয়ে আগন্তুক সময়ত বিশ্ববাসীক প্রবল খাদ্য সংকটৰপৰা ৰক্ষা কৰাৰ লগতে সংস্থাপনৰ ক্ষেত্ৰতো এক নতুন যুগৰ সুচনা কৰি নিবনুৱা সমস্যাৰ সম্ভাব্য ভয়াৱহতাৰপৰা নতুন প্ৰজন্মক ৰক্ষা কৰিবলৈ সক্ষম হ’ব।

মানৱ জাতিৰ ভৱিষ্যতৰ ওপৰত কুঠাৰঘাত কৰা বিভিন্ন উত্তৰ আধুনিক সমস্যাসমূহৰ ভিতৰত অন্যতম হৈছে সমগ্ৰ বিশ্বজুৰি ঘটি থকা প্ৰৱল জনসংখ্যাৰ বিস্ফোৰণ। জনসংখ্যাতত্ত্বৰ শেহতীয়া অধ্যয়ন অনুসৰি ২০৫০ চনৰ ভিতৰত এই সমস্যাই এনে ৰূপ ল'বগৈ যে তিনিকোটি হাৰত বৃদ্ধি পাবলগীয়া বিশ্ব জনসংখ্যাক পৰম্পৰাগত কৃষি পদ্ধতিৰে ভৰণ-পোষণৰ বাবে অতিৰিক্ত ১০৯ হেক্টৰ ভূমিৰ প্রয়োজন হ’ব। কোৱা বাহুল্য যে নিকট ভৱিষ্যতৰ এয়াই হৈ পৰিব পৰৱৰ্তী প্ৰজন্মৰ বিশ্ববাসীৰ উমৈহতীয়া সমস্যা।

বিজ্ঞান প্ৰযুক্তিৰ ধুম-ধুপালত ব্যস্ত থকা আমাৰ প্রজন্মটোৰ বাবে এনে কথাবোৰ কোনো হলীউডী ছাইফাই চিনেমাৰ প্লট যেন লগাটোৱে স্বাভাৱিক যদিও নাছা তথা এফ এ অ’ আদি আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে ইতিমধ্যেই এই সমস্যাৰ বিভিন্ন সমাধান সূত্ৰৰ ওপৰত অধ্যয়ন আৰম্ভ কৰিছে। আনহাতে, উন্নত তথা দূৰদৰ্শী ৰাষ্ট্ৰসমূহে উক্ত সমস্যাসমূহৰ সৈতে মোকাবিলা কৰি পৰৱৰ্তী প্রজন্মক সুৰক্ষিত কৰাৰ বিভিন্ন বিজ্ঞানসন্মত কৃষি পদ্ধতিৰ উদ্ভাৱন কৰি ইয়াৰ যোগাত্মক ফলাফল প্রমাণিত কৰিছে।

ভার্টিকেল ফার্মিং বা উলম্ব কৃষি পদ্ধতি হৈছে এনে এক নিৰ্ভৰযোগ্য সমাধানসূত্ৰ, যিয়ে আগন্তুক সময়ত বিশ্ববাসীক প্রবল খাদ্য সংকটৰপৰা ৰক্ষা কৰাৰ লগতে সংস্থাপনৰ ক্ষেত্ৰতো এক নতুন যুগৰ সূচনা কৰি নিবনুৱা সমস্যাৰ সম্ভাব্য ভয়াৱহতাৰপৰা নতুন প্ৰজন্মক ৰক্ষা কৰিবলৈ সক্ষম হ’ব। গতিকে এতিয়া সময় আহি পৰিছে কেৰিয়াৰৰ পৰম্পৰাগত নিৰ্বাচনৰ পৰিকল্পনাসমূহৰ উৰ্ধ্বত গৈ কিছু যুগসাপেক্ষ আৰু দূৰদৰ্শী চিন্তাধাৰাৰে আহিবলগীয়া সময়ত আগতীয়াকৈ নিজৰ স্থিতি স্থিৰ কৰাৰ। নিজৰ ভৱিষ্যতৰ লগতে এনে পদক্ষেপসমূহৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ দৰে বৃহত্তৰ স্বাৰ্থত অংশীদাৰ হৈ পৰি মানৱজাতিৰ শ্রেষ্ঠত্ব অটুট ৰখাৰ বাঘজৰী গঢ়াটো এতিয়া আমাৰ স্বাৰ্থই নহয় এক মহৎ দায়িত্বও।

উলম্ব কৃষি পদ্ধতি: এক প্রস্তাৱনা

আভ্যন্তৰীণ কৃষিৰ ধাৰণাটো নতুন নহয়। কিন্তু ২০৫০ৰ সম্ভাব্য জনসংখ্যাৰ বাবে প্ৰয়োজন হ’ব সম্পূর্ণ নতুন পদ্ধতিৰ শেহতীয়া প্রযুক্তিসম্পন্ন কৃষি পামৰ। এই সকলো দিশ সামৰি উলম্ব কৃষি অভ্যন্তৰীণ পদ্ধতি হ’ব নিম্ন নির্মাণ ব্যয়ক্ষম আৰু সুৰক্ষিত কৰ্ম পদ্ধতিসম্পন্ন। কেবামহলা ওখ এই কৃষি পামসমূহ পৃথিৱীৰ অত্যাধুনিক নগৰসমূহত প্রতিষ্ঠা কৰা হ'ব। সফলভাৱে প্রতিষ্ঠিত এনে পামসূহ নগৰ নৱীকৰণ, সুৰক্ষিত আৰু বিভিন্ন প্ৰকাৰৰ খাদ্য, বহুকালজুৰি চলি থাকিব পৰা যোগান (বছৰজোৰা শস্য উৎপাদন) আৰু যোগান আনুভূমিক কৃষি পদ্ধতিৰ ফলত ত্যাগ কৰিবলগীয়া হোৱা পৰিৱেশতন্ত্ৰৰ মেৰামতিৰ সেৱা আগ বঢ়াব।

উলম্ব কৃষিৰ উপযোগিতা

১। বছৰজোৰা শস্য উৎপাদন।

২। বতৰৰ বিৰূপ প্ৰভাৱত শস্য নাশৰ শূন্য সম্ভাৱনা।

৩। সম্পূর্ণ জৈৱিক পদ্ধতিৰ উৎপাদন

৪। প্ৰকৃতিক কৃষিভূমি ওভতাই দিয়া।

৫। নতুন নিয়োগ সুবিধা প্রদান ইত্যাদি।

ভাৰতীয় প্রেক্ষাপটতো উলম্ব কৃষিৰ বিভিন্ন আঁচনিৰ ওপৰত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অধীনত কাম-কাজ অব্যাহত আছে। এই আঁচনিসমূহৰ সফল ৰূপায়ণ ঘটিলে দিল্লী, মুম্বাই, কলকাতা, চেন্নাইত আদিত বহুমহলীয়া দালানসমূহত খাদ্য শস্য উৎপাদন কৰিব পৰা যাব।

ফলত ইয়াৰ মানুহৰ বাবে ঘৰৰ কাষতে উৎপাদন হোৱা সতেজ শাক-পাচলি আৰু খাদ্য শস্য উপলব্ধ হ’ব। ১ হেক্টৰ ভূমি অধিগ্ৰহণ কৰি থকা ৫ মহলাযুক্ত এটা দালানত ৫ হেক্টৰ ভূমিৰ সমান শস্য উৎপাদন কৰিব পৰা যাব। আনহাতে, নতুন কৃষিপাম পদ্ধতিৰদ্বাৰা কোনো ধৰণৰ কীটনাশক ব্যৱহাৰ নকৰাকৈ কম পৰিমাণৰ মাটিতে প্ৰয়োজনীয় পুষ্টি যোগ দি কাঁচৰ খিৰিকীৰে অহা সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰি বা কৃত্ৰিম পোহৰৰ জৰিয়তে আৰু প্ৰয়োজন সাপেক্ষে উষ্ণতা নিয়ন্ত্ৰণ কৰি প্ৰচুৰ খাদ্য উৎপাদন কৰিব পৰা যাব বুলি ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ ডেপুটী ডিৰেক্টৰ জেনেৰেল (খাদ্য শস্য) স্বপন কুমাৰ দত্তই প্ৰকাশ কৰিছে।

অসমত উলম্ব কৃষি পদ্ধতিৰ ধাৰণা এতিয়াও বিকাশ হোৱা নাই যদিও চাদৰ ওপৰত কৰা বাগিচাৰ বাবে চৰকাৰে বিভিন্ন আঁচনি হাতত লৈছে। গুৱাহাটী আৰু যোৰহাটৰ বছা বছা কেইগৰাকীমান নাগৰিকক এই সন্দৰ্ভত প্ৰশিক্ষণ দি পিছত ৰাজ্যৰ আন ঠাইতো ইয়াৰ প্ৰসাৰ শীঘ্ৰে আৰম্ভ কৰা হ’ব।

উৎস: জনসাধাৰণ।

English Summary: Vertical Farming

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.