1. এগ্ৰিপেডিয়া

নিষিদ্ধ হ’ল ক্ষতিকাৰক কীটনাশক, ২০২৪ চনৰ পিছত নোৱাৰিব বিক্ৰী কৰিব

KJ Staff
KJ Staff
farmer fertilizing
farmer fertilizing

এফালে কৃষকসকলক চৰকাৰে জৈৱিক খেতিৰ প্ৰতি উৎসাহিত কৰিছে আনফালে অকৌ বিপদজনক বিপদজনক কীটনাশক চিনাক্ত কৰি ইয়াক বন্ধ কৰাৰ কাম আৰম্ভ কৰিছে । স্হাস্হ্যৰ দিশটোৰ ওপৰত গুৰুত্ব দি কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে দুটা কীটনাশক নিষিদ্ধ কৰিছে । সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ষ্ট্ৰেপ্টোমাইচিন আৰু টেৰাচাইক্লিন নামে দুটা কীটনাশক নিষিদ্ধ কৰা হৈছে । এইবোৰ বিলাহী আৰু আপেলক কীটৰ পৰা সুৰক্ষিত কৰিবলৈ ব্যৱহাৰ কৰা হয় ।

ভাৰতীয় কোম্পানীবোৰে ২০২৪ চনৰ পৰা এই দুটা কীটনাশক বিক্ৰী কৰিব নোৱাৰিব । এই দুয়োটা ৰাসায়নিক পদাৰ্থৰ শস্যৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ ক্ষমতা আছে । অৱশ্যে, এই ৰাসায়নিক পদাৰ্থই সাধাৰণ গ্ৰাহকৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে ।

কেন্দ্ৰীয় চৰকাৰে ইতিপূৰ্বে ২৭ টা কীটনাশক নিষিদ্ধ কৰিছিল । কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি, ষ্ট্ৰেপ্টোমাইচিন আৰু টেৰাচাইক্লিন নামৰ কীটনাশকৰ আমদানি আৰু উৎপাদন ১ ফেব্ৰুৱাৰী, ২০২২ তাৰিখৰ পৰা নিষিদ্ধ কৰা হ'ব। কোম্পানীটোক ইয়াৰ পুৰণি ষ্টক খালী কৰিবলৈ সময় দিয়া হ'ব । কোম্পানীটোৱে ৩১ জানুৱাৰী, ২০২২ ৰ পৰা ২০২৪ চনলৈ তৈয়াৰ কৰা সামগ্ৰী বিক্ৰী কৰিবলৈ সক্ষম হ'ব । ই ভেঁকুৰনাশক আৰু বেক্টেৰিয়াজনিত ৰোগ নিয়ন্ত্ৰণ কৰে।

কেন্দ্ৰীয় কীটনাশক পৰিষদে চৰকাৰক ২০২০ চনত এই দুটা ৰাসায়নিক পদাৰ্থ নিষিদ্ধ কৰিবলৈ দাবী জনাইছিল ।  পৰিষদৰ বিষয়াসকলে কৈছিল যে উচ্চ মূল্যৰ ফল আৰু পাচলি যেনে বিলাহী আৰু আপেলত এই কীটনাশকৰ ব্যৱহাৰে মানুহৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে ।

শেহতীয়াকৈ, পঞ্জাৱ চৰকাৰে বাচমতি ধান খেতিত ব্যৱহৃত ১২ টা কীটনাশক নিষিদ্ধ কৰিছিল । কাৰণ শস্যত কীটনাশকৰ পৰিমাণ নিৰ্ধাৰিত পৰিমাণতকৈ বেছি পোৱা গৈছিল। ভৱিষ্যতে বাচমতী খেতিৰ কৃষকসকলৰ ডাঙৰ ক্ষতি প্ৰতিহত কৰাৰ বাবে, তেওঁলোকৰ কীটনাশক কেইদিনমানৰ বাবে নিষিদ্ধ কৰা হৈছে ।

লগতে পঢ়ক ঃ অসম বীজ নিগম লিমিটেড (Assam Seed Corporation Ltd.)অধীনৰ ১২ খন ফাৰ্ম

English Summary: baned chemical fertilizer by central government

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.