1. এগ্ৰিপেডিয়া

এইবাৰ এবিঘা মাটিত অসম কৃষি বিশ্ববিদ্যালয়ৰ স্বীকৃতিপ্ৰাপ্ত আপেলৰ এই জাতকেইটাৰ খেতি কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR

জুন মাহ গছপুলি ৰোপনৰ উপযুক্ত সময়। বিশ্ব পৰিৱেশ দিৱস সেইকাৰণেই পালন কৰা হয় জুন মাহত। অৱশ্যে জুলাই মাহো বৰ ব্যতিক্ৰম নহয়। কাৰণ জুলাই মাহতো বৰযুণৰ পৰিমান আৰু জলবায়ু প্ৰায় একেই। গছৰ পুলি ৰোপনৰ এক অনুকুল পৰিৱেশ বৰ্তি থাকে। গতিকে এই সময়ছোৱাতে আমি উদ্যান শস্যৰ পুলি ৰোপন কৰিলে ভাল ফলাফল পাবলৈ সক্ষম হ’ব। উদ্যান শস্যৰ খেতি হিচাপে আমাৰ কৃষকসকলে এবিঘা মাটিত আপেল খেতিও কৰিব পাৰে।

সাধাৰণতে ভৱা হয় অসমত আপেলৰ খেতি ভাল নহয়। হিমাচল বা জম্মু কাশ্মীৰ দৰে ঠাণ্ডা পৰিবেশ আপেল খেতিৰ অনুকুল। কিন্তু অসমত হিমাচল বা জম্মু কাশ্মীৰ দৰে আপেল খেতি নহয় কিন্তু অসমতো আপেল খেতি হয়। শেহতীয়াকৈ এই কথাৰ প্ৰমাণ কৰি দেখুৱাইছে অসম কৃষিবিশ্ব বিদ্যালয়ৰ উদ্যান শস্য বিভাগৰ বিজ্ঞানীসকলে। তেওঁলোকে তিনিটা জাতৰ আপেলৰ খেতিৰ ওপৰ পৰীক্ষা চলাইছিল। পৰীক্ষাৰ অন্তত দেখা গৈছিল যে দুবছৰতে লমালমে আপেল গছত লাগিছে আপেল। কৃষি বিজ্ঞানীসকলে আন্না, গোল্ডেন ডৰচেট আৰু এইচ আৰ এম এন-৯৯ৰ এই জাতকেইটা আপেলৰ খেতি অসমত জলবায়ুৰ উপযোগী হয় নে নহয় তাৰ পৰীক্ষাৰ কৰে। পৰীক্ষাত যোগাত্মক ফলাফল পাবলৈ সক্ষম হয় কৃষি বিজ্ঞানীসকল।

বৰ্তমান বাৰিষা বতৰ। জুন মাহো আহি আছে। গতিকে আমাৰ আগ্ৰহী কৃষকসকলে এইবাৰ বিশ্ববিদ্যালয়খনৰ কৃষি বিজ্ঞানীসকলৰ পৰামৰ্শ লৈ লিজৰ কৃষিভূমিত এবিঘা মাটিত উল্লিখিত জাতকেইটাৰ আপেলৰ খেতি কৰিব পাৰে। অসমৰ ধান নোহোৱা বহু মাটি খালি হৈ পৰি থাকে। সেই ঠাইসমূহ আপেলৰ খেতি উপযোগী হয় নে নহয় কৃষি বিজ্ঞানীসকলৰ হতুৱাই মাটি পৰীক্ষা কৰাই চাব পাৰে। পৰীক্ষাত আপেল খেতিৰ বাবে উপযুক্ত বুলি চিহ্নিত হ’লে আপেল খেতি কৰিব পাৰে।

আমি সকলোৱে জানো আপেলৰ এখন ভাল বজাৰ আছে। অসমৰ ফলৰ দোকান্ত বহি:ৰাজ্যৰ আপেলেৰে ভৰি থাকে। গতিকে অসমৰ কৃষকে কৰা আপেল বিক্ৰি নহ’ব বা বজাৰখন নাপাম বুলি ভাবিব লগা একো নহয়। লগতে আমাৰ পাঠকসকলক জনাও। কেৱল আপেলেই নহয়। বিভিন্নধৰণৰ ফল-মূলৰ পুলি আমাৰ কৃষকসকলে এই সময়ছোৱাত ৰোপন কৰিব পাৰে। লগতে কওঁ অসমৰ ধান খেতি নোহোৱা বাম মাটি সমূহত পানী যোগানৰ সু ব্যৱস্থা কৰি অসমৰ জলবায়ুৰ লগত মিলা যিকোনো উদ্যান শস্যৰ খেতিন কৰিলে লাভান্বিত হ’ব আমাৰ কৃষকসকল।

লগতে পঢ়ক- 

Apple Farming : যোৰহাট দুবছৰতে এনেদৰে লমালমে লাগিছে আপেল

English Summary: Apple farming time in Assam

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.