
সম্প্ৰতি অসমৰ বহু কৃষকে নতুনকৈ কৰিবলৈ এবিধ লাভজনক খেতি হ’ল বগৰী খেতি। বৰ্তমান ১ কেজি বগৰীৰ দাম ৮০-১০০ টকা। সম্প্ৰতি বহু কৃষকে পুখুৰী পাৰত, বালিয়া আৰু নৈপৰীয়া মাটিত এই খেতি কৰিবলৈ আৰম্ভ কৰিছে। কাৰণ এই খেতিৰ বাবে বালিয়া মাটি আটাইতকৈ উপযোগী। অসমৰ মাটিৰ উপযোগী বগৰীৰ জাতকেইটা হ’ল- Thai Green", "Kashmiri Red" আৰু "Ball Sundari" আদি।
এই খেতি লাভজনক বুলি কোৱা কাৰণ কেইটা এনেধৰণৰ-
১। এবাৰ ৰোপন কৰিলে ১০-১৫ বছৰলৈ ফল দি থাকিব।
২। বৰ বেছি যত্ন ল’ব নালাগে। ৰোৱাৰ পাছত বছৰকেত মাত্ৰ এবাৰ কলম দিব লাগে।
৩। ৰোপনৰ ৮-৯ মাহৰ ভিতৰত বগৰীৰ পুলিত ফল লাগিবলৈ ধৰে।
৪। বগৰী খেতিৰ বাবে বৰ বেছি সাৰুৱা মাটিও প্ৰয়োজন নহয়। অন্য খেতি ভাল নোহোৱা পথাৰত এই খেতি কৰিব পাৰে।
কৃষক জিতু গগৈয়ে জানিবলৈ দিয়া মতে, এজোপা গছত বছৰি ২৫-৩০ কেজি বগৰী লাগে। কৃষক জিতু গগৈয়ে তেওঁ পুখুৰীৰ পাৰত বগৰী গছসমূহ ৰোপন কৰিছে আৰু বছৰি তাৰ পৰা বিনা পৰিশ্ৰমে উপাৰ্জন কৰি আহিছে। একেদৰে পুখুৰীৰ পাৰতে এই খেতি কৰিছে ধেমাজিৰ কৃষক মুক্তা দিহিঙিয়াই। তেওঁ পুখুৰীৰ পাৰত ৰোপন কৰা বগৰী গছত লগা বগৰীবোৰৰ আকাৰ এটা সৰু আপেলৰ সমান।

শেহতীয়াকৈ মাজুলিৰ এজন যুৱক ৰঞ্জিত কলিতাই বগৰী খেতিৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছে। বিগত ২ বছৰ ধৰি যুৱকজনে জৈৱিকভাৱে ২ বিঘা কৃষিভূমিত আপেল বগৰীৰ খেতি কৰি আহিছে। ২০২৩ বৰ্ষত ২ বিঘা মাটিৰ খেতিৰপৰা ৪০ কুইণ্টলতকৈও অধিক বগৰী উৎপাদন কৰাৰ লগতে প্ৰায় ২ লক্ষাধিক টকা উপাৰ্জন কৰিবলৈও সক্ষম হয়।
লগতে পঢ়ক-
Share your comments