 
            খেতিৰ সন্দৰ্ভতো দেশত প্ৰতিদিনে নতুন চিন্তা-চৰ্চা, নতুন নতুন উদ্ভাৱন হৈ আছে। বৰ্তমান ভেণ্ডি খেতিৰ বতৰ। গতিকে শেহতীয়াকৈ উদ্ভাৱন কৰা ৰঙা ভেণ্ডিৰ বিষয়ে আজিৰ লেখাটোত লৈ আহিছো। সাধাৰণ ভেণ্ডিৰ কথা আমাৰ কৃষকসকলে জানে! কিন্তু ৰঙা ভেণ্ডিৰ বিষয়ে আজিও আমাৰ কৃষকসকল অজ্ঞ। কিন্তু ৰঙা ভেণ্ডিৰ খেতিৰে কৃষকসকলে বৰ্তমান সময়ত অধিক উপাৰ্জন কৰাৰ স্থল আছে। কাৰণ এই ভেণ্ডি সাধাৰণ ভেণ্ডিতকৈ স্বাস্থ্যসন্মত যাৰবাবে বজাৰত দাম অধিক। কিন্তু এই খেতি কৰিবলৈ বিনিয়োগ আৰু শাৰীৰিক পৰিশ্ৰমৰ পৰিমাণ সাধাৰণ ভেণ্ডিৰ খেতিৰ দৰেই।
কুমকুম ভেণ্ডি বা ৰঙা ভেণ্ডিত প্ৰচুৰ পৰিমাণে এন্টি অক্সিডেন্ট আৰু আইৰণ থকাৰ লগতে প্ৰায় ৯৪ শতাংশ পলি অনচেচুৰেটেড ফেট থাকে।, যিয়ে বেয়া কলেষ্টেৰল নিৰ্মূল কৰাত সহায় কৰে আৰু এই জাতৰ ভেণ্ডিত থকা ৬৬ শতাংশ ছডিয়ামে উচ্চ ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে।
উপযুক্ত মাটি
কুমকুম ভিণ্ডী খেতিৰ বাবে বালিচহীয়া মাটি সৰ্বোত্তম বুলি বিবেচিত হয়। ভাল উৎপাদন আৰু গুণগত ফলৰ বাবে পথাৰত পানী নিষ্কাশন সঠিক হ’ব লাগে আৰু মাটিৰ পি এইচ মান ৬.৫ৰ পৰা ৭.৫ৰ ভিতৰত হ’ব লাগে।
জলবায়ু
গৰম আৰু আৰ্দ্ৰ জলবায়ু খেতিৰ বাবে উপযোগী। খাৰিফ আৰু ৰবি দুয়োটা ঋতুতে কুমকুম ভেণ্ডিৰ খেতি কৰা হয়।
লগতে পঢ়ক-
Grapes Farming in Assam : ভালকে কৰিলে অসমতো লমা-লমে লাগিব আঙুৰ
খেতিৰ বাবে সঠিক সময়
ৰঙা ভেণ্ডিৰ খেতি বছৰত দুবাৰকৈ কৰিব পাৰি। কুমকুম ভিন্দী বীজ সিঁচাৰ সময় ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিৰ পৰা এপ্ৰিল মাহৰ দ্বিতীয় সপ্তাহলৈ। ইফালে, জুন মাহৰ পৰা জুলাই মাহত পথাৰত সিঁচিব পাৰি।
ক্ষেত্ৰৰ প্ৰস্তুতি
কুমকুম ভেণ্ডিৰ খেতি কৰিবলৈ পথাৰত ২ৰ পৰা ৩ বাৰ হাল বাব লাগে, তাৰ পিছত পথাৰখন কিছুদিন শুকাবলৈ দিব লাগে। প্ৰতি একৰত ১৫ কুইণ্টল গোবৰত প্ৰয়োগ কৰি পুনৰ ১ ৰ পৰা ২ বাৰকৈ পথাৰখন হাল বোৱা, তাৰ পিছত পথাৰত পানী প্ৰয়োগ কৰি পুনৰ এচাহ দুচাহ হালবাই দুই তিনিদিনৰ মৈয়াই মাটি সমান কৰি বীজ ৰোপন কৰিব লাগে।
জলসিঞ্চন
মাৰ্চ মাহত ১০ৰ পৰা ১২ দিনৰ ব্যৱধানত, এপ্ৰিল মাহত ৭ৰ পৰা ৮ দিনৰ ব্যৱধানত আৰু মে’-জুন মাহত ৫০ দিনৰ ব্যৱধানত জলসিঞ্চন কৰিব লাগে । ৪ৰ পৰা ৫ দিন যদি বাৰিষাত সমান বৰষুণ হয়, তেন্তে জলসিঞ্চনৰ প্ৰয়োজন নাই। ৰবি বতৰত বীজ সিঁচাৰ পিছত ১৫ৰ পৰা ২০ দিনৰ ব্যৱধানত জলসিঞ্চন কৰিব লাগে।
লগতে পঢ়ক-
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments