1. সফল কাহিনী

কেঁচু সাৰ উৎপাদনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন সৰভোগৰ কল্পনা বৰ্মনৰ

RAHUL ALI
RAHUL ALI
কেঁচু সাৰ উৎপাদনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন সৰভোগৰ কল্পনা বৰ্মনৰ
কেঁচু সাৰ উৎপাদনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন সৰভোগৰ কল্পনা বৰ্মনৰ

কেঁচুমতা সাৰ যাক ইংৰাজীত Vermi Compose বুলি কোৱা হয়, বৰ্তমান সমগ্ৰ বিশ্বতে ইয়াৰ ব্যাপক সমাদৰ আছে এই সাৰৰ৷ কিয়নো এইবিধ জৈৱিক সাৰৰ নাই কোনো পাশ্বপ্ৰতিক্ৰিয়া, আছে মাথো শস্য উৎপাদনৰ প্ৰচুৰ ক্ষমতা৷ এই কেঁচুমতা সাৰৰ উৎপাদনৰ বাবে এতিয়া স্বাৱলম্বিতা উৎকৃষ্ট নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে বৰপেটা জিলাৰ সৰভোগৰ উত্তৰ ভেৰভেৰী গাওঁৰ কল্পনা বৰ্মন নামৰ এগৰাকী মহিলাই৷

ঘৰৰ পেলনীয়া কেঁচাসামগ্ৰী, শাক-পাচলিৰ বাকলি, কলগছ, পচলা, গোৱৰ আৰু অন্যান্য গছ গছনিৰ পাত আদি ব্যৱহাৰ কৰি উৎপাদন কৰিছে কেঁচুমতা সাৰ৷ গাওঁখনৰ কল্পনা বৰ্মন নামৰ মহিলা গৰাকীয়ে ২০১১চনত হাউলীস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত কেঁচুমতা সাৰ উৎপাদনৰ প্ৰশিক্ষণ কৰি প্ৰথমতে আৰম্ভ কৰিছিল এই উৎপাদন কাৰ্য্য৷ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা ১০০ গ্ৰাম কেঁচু আৰু এখন প্লাষ্টিক লাভ কৰি ঘৰতে বাঁহেৰে আৰম্ভ কৰিছিল কেঁচুমতা সাৰৰ উৎপাদন।

বৰ্তমান নিজৰ ঘৰতে পাঁচটাকৈ টেংকীত স্থাপন কৰি প্ৰতিটো টেংকীত পাঁচ কুণ্টলকৈ তিনি মাহৰ মূৰে মূৰে ২৫ কুণ্টলকৈ কেঁচু মতা সাৰ উৎপাদন কৰি আহিছে। কেচুমতা সাৰ উৎপাদনেৰ বছৰি লক্ষাধিক টকা উপাৰ্জন কৰি আহিছে এই মহিলা গৰাকীয়ে। তেওঁৰ এই কাৰ্য্যত অনুপ্ৰাণিত হৈ এতিয়া গাঁওখনৰ প্ৰায় ৫০-৬০ গৰাকী মহিলাই এই কাৰ্য্যত নিয়োজিত হৈছে৷ প্ৰতিগৰাকী মহিলাই কেঁচুসাৰ বিক্ৰী কৰি ৮ হেজাৰৰ পৰা ১২ হেজাৰ টকালৈকে প্ৰতি মাহে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে৷

Vermicompost
Vermicompost

কৃষিখণ্ডত প্ৰচুৰ চাহিদা থকা এই কেঁচুমতা সাৰ উৎপাদন কৰাৰ বাবে আগ্ৰহী যদিও থমকি ৰব লগা হৈছে আৰ্থিক দৈন্যতাৰ বাবে কল্পনা বৰ্মনে৷ ইয়াৰ উপৰিও বৈজ্ঞানিক পদ্ধতিৰে ধান, বিলাহী, নহৰু, আলু আদি খেতি কৰিও স্বাৱলম্বীৰ লগতে লাভবান হৈ আহিছে। আনহাতে, ঘৰতে তাঁতশালত কাপোৰ বুই উলিয়াই বিক্ৰীৰ বাবে পঠিয়াই বহি: ৰাজ্যৰ লগতে আমেৰিকালৈ। প্ৰতিখন কাপোৰত ৪০০-৪৫০টকা দামত বিক্ৰী কৰি অধিক লাভবান হৈছে কল্পনা বৰ্মনে।

আনহাতে কল্পনা বৰ্মন এগৰাকী অসম ৰাজ্যিক কৃষি জীৱিকা অভিযানৰ আত্মসহায়ক গোটৰ কৃষি সখী। তেওঁ কেইবাটাও আত্ম সহায়ক গোট সদস্যসকলক জৈৱিক কৃষি পদ্ধ্তি সম্পৰ্কে প্ৰশিক্ষণ ও প্ৰদান কৰি আহিছে। চৰকাৰৰ কৃষি আৰু গ্ৰামোন্নয়ন বিভাগে এইক্ষেত্ৰত ঋণ আৰু অন্যান্য সা- সজুলি আগবঢ়ালে নিশ্চিতকৈ লাভৱান হব আৰ্থিক ভাৱে পিছ পৰা এই মহিলা গৰাকীয়ে।

এতিয়া গাওঁৰ সকলো মহিলাৰে আদৰ্শ হৈ পৰিছে কল্পনা বৰ্মন নাম এই মহিলা গৰাকী। মহিলা সাৱলীকৰণ আৰু গ্ৰামোন্নয়নৰ শ্লোগান দিয়া অসম চৰকাৰে এইক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া অৱশ্যে লক্ষ্যনীয় হব৷

গনেশ চাহা

মোবাইল নম্বৰঃ ৮৪৮৬৭৬৪৮৪৯

লগতে পঢ়ক- বগৰী খেতিৰে আদৰ্শ তামুলপুৰৰ প্ৰগতিশীল কৃষক প্ৰানেশ্বৰ স্বৰ্গীয়াৰী

English Summary: Vermicompost Producing Story of Sarbhog Women

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.