1. সফল কাহিনী

বগৰী খেতিৰে আদৰ্শ তামুলপুৰৰ প্ৰগতিশীল কৃষক প্ৰানেশ্বৰ স্বৰ্গীয়াৰী

RAHUL ALI
RAHUL ALI
বগৰী খেতিয়ে সলনি কৰিব পাৰে কৃষি অৰ্থনীতিৰ ভেটি
বগৰী খেতিয়ে সলনি কৰিব পাৰে কৃষি অৰ্থনীতিৰ ভেটি

বগৰী এবিধ অতি  লাভজনক খেতি৷ বগৰীগছ খৃষ্টপূৰ্ব ৯০০০ বছৰ পূৰ্বে এচিয়া মহাদেশত ঘৰছীয়াকৰণ কৰা হৈছিল। ৪০০ ৰো অধিক বিভিন্ন প্ৰকাৰত উপলব্ধ এই গছ। উন্নত প্ৰজাতিৰ বগৰী খেতিয়েও সলনি কৰিব পাৰে আপোনাৰ কৃষি অৰ্থনীতিৰ ভেটি৷ বগৰী  ইংৰাজীত ইয়াক সাধাৰণতে যুযুবে বা যুযুবা, ৰেড ডেইট, ইণ্ডিয়ান ডেইট, কোৰিয়ান ডেইট, ছাইনীজ ডেইট আদি শব্দেৰে জনা যায়। ফল উৎপাদনৰ বাহিৰেও ইয়াক সাধাৰণতে ছা-দিয়া গছ হিচাপেও ৰোপন কৰা হয়। বগৰীৰ বৈজ্ঞানিক নাম যিযিফাছ যুযুবা।

বগৰীৰ আছে বহুতো ঔষধি গুন৷ বগৰী খালে তেজৰ চলাচল নিয়মীয়াকৈ ৰাখে। হাড় মজবুত কৰে, বগৰীৰ সাহটোৱে ডাইবেটিছ ৰোগৰ বাবে হোৱা নিৰ্ভৰ দুর্বলতা দূৰ কৰিব পাৰে। বগৰীত থকা উপকাৰী উপাদানে শৰীৰত ৰোগ প্ৰতিৰোধ কৰিব পাৰে। বগৰীয়ে বল, বীর্য বৃদ্ধি কৰে, দূষিত তেজ পৰিষ্কাৰ কৰে। শীত কালত হোৱা বগৰী সম্প্ৰতি একাংশ কৃষকে বহলভিত্তিত কৰিবলৈ লৈছে৷

তামুলপুৰ জিলাৰ দক্ষিন গান্ধীবাৰী অঞ্চলৰ এগৰাকী প্ৰগতিশীল খেতিয়ক প্ৰানেশ্বৰ স্বৰ্গীয়াৰী৷ সম্প্ৰতি বগৰী খেতিৰে তেওঁ স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে। বয়সে হাৰমনাব নোৱাৰা খেতিয়ক জনে সাধাৰনতে ধান মাহ সৰিয়হৰ খেতি কৰি পৰিয়ালক সকাহ দি আহিছে যদিওঁ এইবেলি বগৰি খেতি কৰি আন বহুতো খেতিয়কৰ বাবে তেওঁ আদৰ্শ হৈ পৰিছে স্বৰ্গীয়াৰী।  

বৰলীয়া নদীৰ পূৱপাৰৰ বালিচাপৰিত  তিনিবিঘা মাটিত বিগত ২০১৮ চনৰে পৰা বগৰী খেতি কৰি আহিছে৷ ডাল ভৰি ভৰি লাগিছিল বগৰী৷ প্ৰতিজোপা বগৰী গছত ৮০ কিলোগ্ৰাম পৰ্যন্ত উৎপাদন কৰিছে বগৰী৷ প্ৰথমতে বগৰী প্ৰতিকিলগ্ৰামত ৫০/ দৰত বিক্ৰী কৰিছিল৷ মাৰ্চ মাহলৈকে কুইন্টলে প্ৰতি ২/৩ হেজাৰ টকাত পাইকাৰী দৰত ঘৰতে বিক্ৰী কৰি আহিছিল৷

প্ৰাণেশ্বৰ স্বৰ্গীয়াৰীয়ে জনোৱা মতে তেওঁ প্ৰথমে তিনিবিঘা মাটিত ২০০ জোপা বগৰী লগাইছিল৷ এইবছৰ ১৭০ জোপা বগৰী লাগি আছে৷ প্ৰতিবছৰে তেওঁ বগৰী খেতিৰ পৰা দুই আঢ়ৈ লাখ টকা লাভ কৰি আহিছে বুলি কয়৷ তেওঁ কয় যে আন লোকেও বগৰী খেতি লগাব পাৰে৷ কম মাটিত কম খৰছত অধিক উৎপাদনৰ লক্ষ্য বান্ধি সকলোৱে বগৰী খেতি কৰিবলৈ আগবাঢ়ি আহিলে উদ্যান শস্যৰ ক্ষেত্ৰ খন নিশ্চয় উপকৃত হব৷ কিয়নো বগৰীৰ বজাৰত চাহিদা যথেষ্ট আছে৷

কৃষক গৰাকীয়ে এইবেলিওঁ বগৰী খেতি ডৰাৰ পৰা ভাল ফল লাভ কৰিবলৈ সক্ষম হোৱাৰ আশা বুকুত বান্ধি ৰাখিছে৷

লগতে পঢ়ক-তামুলপুৰৰ মৌচুমী ফলৰ খেতিয়ক লক্ষেশ্বৰৰ কথাৰে

প্ৰেৰকঃ উৎপল ডেকা, তামুলপুৰ

English Summary: Success Story of Apple Berry farmer Praneswar Swargiary

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.