1. সফল কাহিনী

তামোলৰ ঢকুৱাৰ উদ্যোগেৰে প্লাষ্টিকৰ বিৰুদ্ধে অবিৰত সংগ্ৰাম ধৰ্মেন্দ্ৰৰ

RAHUL ALI
RAHUL ALI
Success story of Tamolpur Youth Dharmendra Kalita
Success story of Tamolpur Youth Dharmendra Kalita

দেশৰ জৈৱবৈচিত্ৰৰ প্ৰতি ভাবুকি স্বৰূপ প্লাষ্টিকৰ ব্যৱহাৰৰ বিৰুদ্ধে সদা সচেতন হৈ দহৰ উপকাৰ সাধনৰ লক্ষ্যৰে টেলিকম বিভাগত টেলিকম টেকনিচিয়ানৰ পদৰ লোভনীয় চাকৰি এৰি ঘৰৰ বাৰী পিছৰ পেলনীয়া তামোলৰ ঢকুৱাকে সম্পদলৈ ৰূপান্তৰিত কৰি পশ্চিম নাওকাটাৰ ধৰ্মেন্দ্ৰ হ’ল গৈ এজন ক্ষুদ্ৰ উদ্যোগী৷ গোলকীয় উষ্ণতা বৃদ্ধি, পৰিবেশ প্ৰদূষন আৰু স্বচ্ছ ভাৰত অভিযানৰ নামত দেশৰ শাসক সকলে বিভিন্ন সময়ত বিভিন্ন ধৰনে শ্লোগান আওৰাই কোটি কোটি টকা শৰাধ কৰি যি সময়ত “সেউজ অসম স্বচ্ছ অসম” ৰ শ্লোগান দি ৰাজ্য চৰকাৰে ৰাইজৰ মাজত সজাগতা অনিবলৈ প্ৰয়াস কৰিছে, সেই সময়তে তামুলপুৰ জিলাৰ এগৰাকী যুৱকে বিগত পাঁছ বছৰ ধৰি প্লাষ্টিকৰ সামগ্ৰীৰ বিপৰীতে সহজলভ্য তামোলৰ ঢকুৱাৰ পৰা নিত্যব্যৱহাৰ্য্য সা-সামগ্ৰী তৈয়াৰ কৰি সমাজক উপহাৰ দিয়াৰ উপৰিও নিজেও আত্মসংস্থাপনৰ দিহা কৰিছে৷

তামুলপুৰ জিলাৰ পশ্চিম নাওকাটাৰ ধৰ্মেন্দ্ৰ কলিতা নামৰ যুবক জনে ঘৰৰ পিছৰ তামোলৰ বাৰী খনত পৰি থকা পেলনীয়া তামোলৰ ঢকুৱাক লৈ গঢ়ি তোলা এটি ক্ষুদ্ৰ উদ্যোগৰ মাজেৰেই নিজেই এগৰাকী পৰিবেশ কৰ্মী হিচাপে সমাজত থিয় দিবলৈ সক্ষম হোৱাৰ উপৰিও আন দহজনক পেটৰ ভাত মোকলাই দিবলৈ সক্ষম হৈছে৷ এটি কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা ধৰ্মেন্দ্ৰই ২০০৮ চনতে হাইস্কুল শিক্ষান্ত পৰৱৰ্তী সময়ত উচ্চমাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হৈ শ্বিলং তেজপুৰ টংলা আদি ঠাইত এয়াৰটেল এয়াৰচেল আদি টেলিকম কোম্পানীত সুদীৰ্ঘ এঘাৰ বছৰ কাল চাকৰি কৰি আমনি লগাত নিজেই কিবা এটা কৰাৰ মানসিকতা হৃদযৰ মনিকোঠাত হেচা মাৰি ধৰিছিল৷ প্ৰথমে কাগজৰ উদ্যোগ ৰ কথা চিন্তা কৰে যদিওঁ পৰিবেশ সংৰক্ষণ আৰু প্লাষ্টিক বৰ্জনৰ যি শ্লোগান তাৰ প্ৰতি অনুৰাগ জন্মাত ঘৰৰ চৌদিশে থকা কেচা সামগ্ৰীক লৈ কিবা এটা কৰিবলৈ সিদ্ধান্ত ললে।

পোনতে অনলাইনত তামোলৰ ঢকুৱাৰ পৰা বাচন বৰ্তন কি দৰে তৈয়াৰ কৰে তাক শিকি বুজি লৈ, পিছত তামিলনাডুৰ জি কে এছ ইঞ্জিনীয়াৰিং নামৰ কোম্পানীৰ এটাৰ সৈতে কথা পাতি সেই মতে যন্ত্ৰপাতি আনি ঘৰতে ২০১৭ চনত আৰম্ভ কৰিলে তামোলৰ ঢকুৱাৰ পৰা কাহি বাটি প্লেট বনোৱা কাম৷ এই সময়খিনিৰ ভিতৰতে নাওকাটা চ’কত ধৰ্মেন্দ্ৰই সৰু ভাইটিক লগত লৈ ৰূপায়ন বুক ষ্টল নামৰ এখন কিতাপৰ দোকান খুলিও আত্মসংস্থাপনৰ দিহা কৰিছিল৷ আনকি বিৰামহীন সংগ্ৰামৰ মাজেৰেই ২০২০ চনত কলা শাখাত স্নাতক সন্মান লাভ কৰিবলৈও সক্ষম হৈছিল ধৰ্মেন্দ্ৰ ৷ তামোলৰ খেতিৰ কাৰনে বিখ্যাত ভাৰত-ভুটান সীমান্তৰ বগামাটি, নাগ্ৰীজুলি, গুৱাবাৰী আদিৰ পৰা তামোলৰ ঢকুৱাক কেচাসামগ্ৰী হিচাপে ব্যৱহাৰ কৰি তেওঁ এই ক্ষুদ্ৰ উদ্যোগ টো স্থাপনৰ দিহা কৰে৷

ইপিনে ধৰ্মেন্দ্ৰই ভাৰত-ভুটান সীমান্তৰ গাঁৱ সমূহৰ পৰা মাঘ ফাগুন চ’ত মাহত প্ৰতিটো ঢকুৱাত ১.৫০/১.৮০ টকা দৰত কিনি সংগ্ৰহ কৰিছিল৷ বিগত পাঁছ বছৰে লগত তিনিগৰাকী কৰ্মচাৰী নিয়োগ কৰি ১২ ইন্সিৰ কাহি- ৬ টকা, ১০ ইন্সিৰ কাহি ৪ টকা, ৪/৮ ইন্সিৰ স্কোৱাৰ বাতি ৩.৫০ টকা৭ ইন্সিৰ অভেল বাতি প্লেটত ২.৫০ টকা, ৬ ইন্সিৰ বাতিত ১.৮০ টকা, ৪/৫ ইন্সিৰ বাতি প্লেটত ১.৫০ দৰত  বিক্ৰী কৰি আহিছে৷ প্ৰতি যুৱ উদ্যোগী গৰাকীয়ে প্ৰতি মাহত  তামোলৰ ঢকুৱাৰ পৰা ৩০/৩৫ হেজাৰ কাহ বাতি প্লেট আদি ছয়টা আইটেমৰ সা সামগ্ৰী তৈয়াৰ কৰিবলৈ সক্ষম হৈছে৷ যুবক গৰাকীয়ে তিনি গৰাকী কৰ্মচাৰী নিয়োগ কৰি দুগৰাকীক দিনে ৩৫০-৪০০ টকা মাননি দিয়াৰ লগতে ঢকুৱা পানী ধুই চাফচিকুণ কৰাৰ বাবদ মাহিলি ছয় হেজাৰ টকা দি আহিছে৷

এই উৎপাদিত সামগ্ৰী সমূহৰ চাহিদা ও অধিক হোৱাত উৎসাহী হৈ পৰিছে ধৰ্মেন্দ্ৰ৷ বিশেষকৈ তেওঁৰ ক্ষুদ্ৰ উদ্যোগৰ উৎপাদিত সমুদায় বাচন মণিপুৰৰ এটি অনুষ্ঠানলৈ যোগান ধৰাৰ উপৰিও স্থানীয় ভাৱে অৰ্ডাৰ অনুযায়ী দিবলৈ সক্ষম উদ্যোগী গৰাকী৷ ধৰ্মেন্দ্ৰই জনোৱা মতে মণিপুৰ চৰকাৰে বিগত নিৰ্বাচনত খোৱা লোৱাত ব্যৱহৃত হোৱা প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰৰ বিপৰীতে তেওঁৰ উদ্যোগত উৎপাদিত কাহি বাতি প্লেটো আদি সামগ্ৰী ব্যৱহাৰ কৰি পৰিবেশ নিকাকৰনৰ এক উদাহৰন হৈ পৰিছে৷ সুখৰ কথা যে তামুলপুৰ জিলাৰ পশ্চিম নাওকাটাৰ ধৰ্মেন্দ্ৰৰ ক্ষুদ্ৰ উদ্যোগত উৎপাদিত তামোলৰ ঢকুৱাৰ কাহি-বাতি-প্লেটত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহেও আহাৰ গ্ৰহন কৰি ধন্য হৈছে৷ এই খবৰে নিশ্চয়কৈ ধৰ্মেন্দ্ৰক উৎসাহিত কৰি তুলিছে৷

Dharmendra Kalita
Dharmendra Kalita

সম্প্ৰতি কোনো চৰকাৰী সহায় সহযোগ নোহোৱাকৈয়ে তামিলনাডুৰ কোম্পানীটোৱে যোগান ধৰা হাইড্ৰলিক মেচিন ব্যৱহাৰ কৰি বছৰি লাখ লাখ সা সামগ্ৰী চাহিদা অনুযায়ী উৎপাদন কৰি আহিছে৷ বছৰি তেওঁ প্ৰায় পাঁচলাখতকৈও অধিক তামোলৰ ঢকুৱাৰ পৰা বাচন বৰ্তন উৎপাদন কৰে  ৷ ভৱিষ্যতে ধৰ্মেন্দ্ৰই উদ্যোগটোক আৰু অধিক সবল কৰি তোলাৰ মানসিকতাৰে “বন্ধন” নামৰ বিত্তীয় প্ৰতিষ্ঠান টোৰ পৰা আঠ লাখ টকাৰ ঋণ লৈ সুন্দৰভাৱে পৰিচালনা কৰাৰ লগতে নতুনকৈ এটি ক্ষুদ্ৰ উদ্যোগৰ উপযোগী ঘৰ নিৰ্মানৰ দিহা কৰি তামোলৰ ঢকুৱাকে সম্পদ হিচাবে লৈ পৰিবেশ নিকা কৰনৰ লগতে প্লাষ্টিকৰ সা সামগ্ৰী ব্যৱহাৰৰ  বিৰুদ্ধে যেন নীৰৱে  শীতল যুঁজ আৰম্ভ কৰি নিজৰ কৰ্মমুখী যাত্ৰাৰে ভৱিষ্যত গঢ়াৰ সপোন দেখিছে৷

অলপতে ধৰ্মেন্দ্ৰৰ উদ্যোগত উপস্থিত হৈছিল বিটিআৰৰ দুগৰাকী কাৰ্যবাহী সদস্য ক্ৰমে ধৰ্ম নাৰায়ন দাস আৰু ৰনেন্দ্ৰ নাৰ্জাৰী৷ তেওঁলোকে ধৰ্মেন্দ্ৰৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱাৰ লগতে অনাগত দিনত বগামাটিৰ মনোমোহা জৈৱবৈচিত্ৰ তথা প্ৰাকৃতিক পৰিবেশ ধৰি ৰখাৰ স্বাৰ্থত পৰ্যটক সকলে যাতে পৰিবেশ বিনষ্ট কৰিব নোৱাৰে তাৰ প্ৰতি সজাগ হবলৈকে প্লাষ্টিকৰ সামগ্ৰীৰ বিপৰীতে তামোলৰ ঢকুৱাৰ বাচন বৰ্তন ব্যৱহাৰ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে৷ নিশ্চয় ই প্ৰশংসনীয় কাম৷

উল্লেখযোগ্য যে গুৱাহাটিৰ কোম্পানী যোগাযোগ কৰি বাৰিষা কালৰে পৰা তেওঁলোকক ঢকুৱা সংগ্ৰহ কৰি দিয়াৰ কাৰনে চুক্তিবদ্ধ হোৱাৰ বিপৰিতে ধৰ্মেন্দ্ৰৰ উদ্যোগত তৈয়াৰ হোৱা সমুদায় বাচন ইলেকট্ৰিক পদ্ধতিৰে পেষ্টিং কৰি বজাৰত সুন্দৰকৈ উলিয়াই দিয়াৰ কাৰনে প্ৰয়োজনী মেচিন আদি দি সদায়ৰ হাত আগবঢ়োৱাক কথা সদৰি কৰিছে৷ আনহাতে অনূকুল বতৰত এডাল তামোল গছৰ পৰা ব্যৱহাৰ কৰিব পৰা তামোলৰ ঢকুৱা বছৰত পাঁচটাকৈ ব্যৱহাৰ্য হয় বুলি ক্ষুদ্ৰ উদ্যোগী গৰাকীয়ে জনাইছে৷

লগতে পঢ়ক-তামোলৰ ঢকুৱাৰ পৰা জীৱিকাৰ পথ মোকলাইছে বাক্সাৰ ধনেশ্বৰ বৈশ্যই

উৎপল ডেকা

তামুলপুৰ

English Summary: Success story of Tamolpur Youth Dharmendra Kalita eco friendly Dishes

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.