1. সফল কাহিনী

উচ্চশিক্ষিত হৈয়ো বোকা-পানী গছকিবলৈ, শাৰিৰীক কষ্ট কৰিবলৈ ভয় নকৰে নন্দিতাই

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Nandita Boruah
Nandita Boruah

সপোন খেদি ফুৰা এজনী ছোৱালী। যি জোখতকৈ বেছি সাধাৰণ। নলবাৰীৰ জিলাৰ এই যুৱতীগৰাকীৰ নাম নন্দিতা বৰুৱা। মাষ্টাৰ ডিগ্ৰী কৰি থাকোতেই নন্দিতাই খেতিয়ক পিতৃৰ সৈতে ইউটিউবত ভিডিঅ’ চাই সূদূৰ হিমাচল প্ৰদেশৰ পৰা ষ্ট্ৰবেৰীৰ পুলি আনি আৰম্ভ কৰে ষ্ট্ৰবেৰীৰ খেতি । ষ্টবেৰীৰ খেতিত ভাল উপাৰ্জন হোৱাৰ পাছতে পাছলৈ ঘূৰি চোৱা নাই নন্দিতাই। খেতিৰ লগত জড়িত হৈয়ে মাষ্টাৰ ডিগ্ৰী সম্পন্ন কৰি শিক্ষকৰ যোগ্যতাৰ বাবে প্ৰয়োজন হোৱা দুবছৰীয়া বিপ্লমা কৰ্চ এটাও সম্পন্ন কৰে।

পৰৱৰ্তী সময়ত খেতিৰ সমান্তৰালভাৱে কুকুৰা ফাৰ্ম, বটা চৰাই ফাৰ্ম,  মাছ পালনো আৰম্ভ কৰে উচ্চশিক্ষিতা নন্দিতাই। সাধাৰণতে মহিলাসকলক কৃষিক্ষেত্ৰখনলৈ আগবাঢ়ি অহা দেখা নাযায়। কিন্তু উচ্চ শিক্ষিত হৈয়ো নন্দিতাই কৃষিকৰ্মৰ মাজেৰেই সপোন খেদাৰ প্ৰথমটো খোজ আগবঢ়ায়। নন্দিতাৰ এই কাৰ্যই বহুতক অনুপ্ৰাণিত কৰিছিল। আৰু বহুতৰে প্ৰশংসাৰ পাত্ৰৰো হৈছিল। কিয়নো আমাৰ যুৱক-যুৱতীসকলে পঢ়া-শুনা কৰিলেই ঘৰৰ কাম-বন কৰিবলৈ মন নকৰা হয়। বোকা-পানী গছকিবলৈ, শাৰীৰিক কষ্ট কৰিবলৈ ভয় কৰে। এক চাহাবী জীৱনৰ প্ৰতি আকৰ্ষিত হয়।

লগতে পঢ়ক- 

পৰম্পৰাগত গো-পালনে অসমৰ কৃষিখণ্ডৰ উন্নয়নত প্ৰাচীৰ হৈ থিয় দিছে!

চৰকাৰী চাকৰি নাপালেও অসমীয়া মানুহৰ বাৰীতেই লাখ টকা উপাৰ্জনৰ পথ এটা বিচাৰি পাইছিল নন্দিতাই। আৰু এই পথটোৰেই আগবাঢ়ি ধন সম্পদ লাভ কৰাৰ সমান্তৰালভাৱে মানুহৰ শ্ৰদ্ধা, সন্মান লাভ কৰি বহুতক এই পথটোৰে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰিছিল। ফলস্বৰূপে ২০২২ বৰ্ষত অসম কৃষি বিশ্ববিদ্যালয়ে তেওঁক প্ৰশংসা পত্ৰৰে উপচাই পেলাইছিল। দল-সংগঠনে সন্মান জনাইছিল, অনুষ্ঠান-প্ৰতিষ্ঠানে, সভা-সমিতিয়ে আমন্ত্ৰণ জনাইছিল।

২০২২ বৰ্ষৰ শেষৰ ফালে এটা চাকৰি লাভ কৰিলে নন্দিতাই। কিন্তু খেতি এতিয়াও বাদ দিয়া নাই। নিজেই খেতি পথাৰত ব্যৱহাৰিকভাৱে আগৰ দৰে সময় দিব নোৱাৰিলেও কৃষক পিতৃক সকলো দিশৰ পৰাই উচ্চাহ যোগাই গৈছে নন্দিতাই। 

লগতে পঢ়ক- 

ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই

English Summary: Nandita farms alongside her studies

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.