1. অন্যান্য

আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
And we need a world record!
And we need a world record!

এইবাৰ ১০০ কোটি টকা খৰচ কৰি অসম চৰকাৰে বিহুক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিলে। অৰ্থাত অভিলেখ গঢ়িলে। এনে অভিলেখ আমাক আৰু লাগে। কেৱল বিহুৰে নহয় অসমত বিশ্বৰ ভিতৰতে এখন গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ গঢ়ক। ১০০০ কোটি টকা ধাৰ লৈ বিশ্বৰ আটাইতকৈ ডাঙৰ কৃষিফাৰ্ম এখন খুলি, অসমক বিশ্বৰ ভিতৰতে কৃষিৰে চহকী ৰাজ্য হিচাপে গঢ়ি তোলক।

এই সন্দৰ্ভত লেখক দৰ্শপ্ৰাণ মান্য হাজৰিকাই তেওঁৰ ফেচবুক ৱালত লিখিছে- ‘’আৰু বিশ্ব অভিলেখ লাগে। অসম চৰকাৰে বিশ্বৰ আটাইতকৈ ডাঙৰ চৰকাৰী কৃষি উদ্যোগ পাম এখন গঢ়ি বিশ্ব অভিলেখ গঢ়ি তোলক । যি অসমক খাদ্যৰ ক্ষেত্ৰত অকলেই স্বাৱলম্বী কৰি তোলে । অসমে চাউল, দাইল, মিঠাতেল, আলু, পিয়াজ ইত্যাদি আমদানি কৰিব লগা যাতে নহয় । বিনামূলীয়া চাউল নালাগে সুলভ মূল্যত আৰু স্বাস্থ্যসন্মত খাদ্য যোগান ধৰা চৰকাৰৰ উদ্দেশ্য হওক ।‘’

লগতে পঢ়ক- 

Green House : সেউজগৃহ এটা বনাই ল’লে কি কি দিশত লাভান্বিত হ’ব কৃষকজন

লগতে তেওঁ বৰ্তমানৰ চৰকাৰখনক উদ্দেশ্য কৰি লিখিছে- ‘’হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসমচৰকাৰে পাৰিব। অসমৰ কাগজ কল কেইটা বন্ধ কৰি আন ৰাজ্যৰ কাগজ কললৈ বাঁহ সুলভ কৰি সোণালী সুযোগ দিয়াৰ পৰিৱৰ্তে বিশ্বৰ আটাইতকৈ ডাঙৰ কাগজ কল এটা খুলি বিশ্ব অভিলেখ গঢ়ক । অসম চৰকাৰে সমগ্ৰ বিশ্বত কাগজ ৰপ্তানি কৰক । হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে নোৱাৰা একো নাই । এনে বিশ্ব অভিলেখৰ বাবে ঋণৰ বোজা, কৰৰ বোজা যিমান হ’লেও বহন কৰিবলৈ আমি সাজো আছো । নহয়নে ?’’

লেখক দৰ্শপ্ৰাণ মান্য হাজৰিকাৰ দৰেই একেই ধাৰণা পোষণ কৰিছে সুলেখিকা দীপ্তি কলিতায়ো- ''প্ৰতিভাৰে বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা নহ’ল যদিও অসমীয়া হিচাপে বিহুক লৈ বিৰূপ মনোভাৱ পোষণ কৰিবলৈ মনে নকয় ৷ কিন্তু কৃষি আৰু উৎপাদন, উদ্যোগ আৰু বাণিজ্যত আমি গ্ৰীণিজ ৰেকৰ্ডৰ সৰ্বনিম্ন স্থানতহে আছোঁ ৷ এদিনৰ বাবে শ-কোটি টকাৰে ৰেকৰ্ড কিনিলোঁ হয়, পিছে বছৰটোত খাবলৈ আনৰ ওচৰত প্ৰতি দিনেই হাত নাপাতিলে নহয় ; সমস্যাৰে আক্ৰান্ত আমি এদিনৰ বাবেহে উত্ৰাৱল হ’লোঁ ৷''

লগতে পঢ়ক- 

নামঘৰ, গীৰ্জাৰ বাবে লাখ টকা খৰচ কৰাতকৈ গাঁওবোৰত শীতল ঘৰ একোটাকৈ বনোৱা হ’লে!

English Summary: And we need a world record!

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.