1. News

আজি মহাসপ্তমীঃ পূজা মণ্ডপত প্ৰতিফলিত হ’ব কৃষি আৰু কৃষকৰ বিৱৰ্তন

Mrigakshi Phukan
Mrigakshi Phukan
Durga Puja
Durga Puja

পশ্চিমবংগৰ বাংকুৰাৰ "ইন্দাৰগোৰা হৰেশ্বৰ মেলা সৰ্বজনীন দুৰ্গোৎসৱ কমিটি"ৰ পূজাভাগ এইবাৰ আনবাৰতকৈ যথেষ্ট পৃথক হ’ব।বাংকুৰা জিলাৰ অন্যতম শ্ৰেষ্ঠ পূজা কমিটীখনে প্ৰতি বছৰে দৰ্শনাৰ্থীসকলক ব্যতিক্ৰমী বিষয়বস্তু উপস্থাপনেৰে আকৰ্ষণ কৰি আহিছে। গতিকে স্বাভাৱিকতে এই পূজাক কেন্দ্ৰ কৰি সকলোৰে আগ্ৰহ থাকে। এইবাৰো পূজা সমিতিখনৰ শাৰদোৎসৱক লৈ নিৰাশ নহয় দৰ্শনাৰ্থীসকল।

এইবাৰ ইন্দাগোৰা হৰেশ্বৰ মেলা সৰ্বজনীন দুৰ্গোৎসৱ সমিতিয়ে বিষয়বস্তুৰ জৰিয়তে কৃষি আৰু কৃষকৰ আৰ্থ-সামাজিক বিৱৰ্তনৰ ওপৰত আলোকপাত কৰিব বিচাৰিছে। মণ্ডপ নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। দিনে-ৰাতিয়ে একেলগে কাম কৰি আছে মণ্ডপ শিল্পী সকলে। মূলতঃ বাঁহ আৰু খেৰৰ সৈতে গ্ৰাম্য বংগৰ ৰূপটো ৰাজস্থানী শিল্পকৰ্মৰ শৈলীত উলিয়াই আনিবলৈ চেষ্টা কৰা হৈ’ছে। পূজা সমিতিৰ সভাপতি পিন্টু বিশ্বাসে কয় যে পূজাৰ বাজেট ১৬ লাখ টকাৰ আশে-পাশে হ’ব। এই পূজা জিলাখনৰ অন্যতম চমক হিচাপে পৰিগণিত হ’ব বুলি আশাবাদী বুলিও তেওঁ কয়৷

পিন্টু বিশ্বাসে কয় যে প্ৰতি বছৰে পূব মেদিনিপুৰৰ কান্থী শিল্পীৰ সৈতে মণ্ডপ বনোৱা হয়। যোৱা দুবছৰ ধৰি কৰ’নাৰ বাবে পূজাৰ বাজেট বেছি নাছিল। এক প্ৰকাৰৰ বগা-মাটিৰ মণ্ডপ স্থানীয় মণ্ডপ শিল্পীয়ে তৈয়াৰ কৰিছিল। এইবাৰ কৰোনাৰ পৰিস্থিতি স্বাভাৱিক হোৱাৰ বাবে কান্থীৰ পুৰণি শিল্পীসকলক পুনৰ অনা হৈছে মণ্ডপ নিৰ্মাণৰ বাবে। থিমটোও আপডেট কৰা হৈছে। কান্থীৰ মণ্ডপ শিল্পী শৰবিন্দু বেৰাই কয়, "প্ৰতি বছৰে মই মণ্ডপ সজ্জাৰ ক্ষেত্ৰত শ্ৰেষ্ঠৰ তালিকাত আছো, এইবাৰো মই তাত উপস্থিত থাকিম বুলি আশা কৰিছো।" তেওঁ আশাবাদী যে বাঁহ, খেৰ আদি সাধাৰণ সামগ্ৰীৰে নিৰ্মিত মণ্ডপটোৱে দৰ্শনাৰ্থীসকলক আপ্লুত কৰিব।

ইন্দাগোড়া হৰেশ্বৰ মেলা সৰ্বজনীন দুৰ্গোৎসৱ সমিতিৰ সভাপতি পিন্টু বিশ্বাসে কয় যে মণ্ডপটো সম্পূৰ্ণৰূপে পৰিৱেশ অনুকূল সামগ্ৰীৰে নিৰ্মাণ কৰা হৈছে। একে সময়তে মণ্ডপৰ ভিতৰত দৰ্শনাৰ্থীৰ সুৰক্ষাৰ কথাও মনত ৰাখিছে পূজা আয়োজক সকলে। সেয়ে মণ্ডপ নিৰ্মাণত দাহ্য সামগ্ৰীৰ ব্যৱহাৰ বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি কমিটীৰ অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে। 

বাংকুৰা জিলাৰ অন্যতম শ্ৰেষ্ঠ পূজা কমিটীখনে প্ৰতি বছৰৰ দৰে এইবাৰো দৰ্শনাৰ্থীসকলক এই ব্যতিক্ৰমী বিষয়বস্তু উপস্থাপনেৰে আকৰ্ষণ কৰিব বুলি আশা কৰা হৈছে।কমিটীখনে বাছি লোৱা ব্যতিক্ৰমী থীমটোৱে কৃষকক সমাজৰ সমস্যাসমূহৰ বিষয়ে সৰ্বসাধাৰণকো সজাগ কৰি তুলিব বুলি আশা কৰিছে কমিটীৰ বিষয়ববীয়াসকলে।

লগতে পঢ়কঃ দুৰ্গা পূজাৰ নহয় মহাপুৰুষজনাৰ জন্মোৎসৱৰ উচাহ মাজুলীত

English Summary: Puja theme focuses on evolution of farming and farmers

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.