1. News

ৰাজ্যত চলি আছে শস্য কৰ্ত্তন সমীক্ষা, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ ধন ক্ষিপ্ৰতাৰে প্ৰদান কৰাৰ চেষ্টা

Pranita Chutia
Pranita Chutia
ৰাজ্যত চলি আছে শস্য কৰ্ত্তন সমীক্ষা, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ ধন ক্ষিপ্ৰতাৰে প্ৰদান কৰাৰ চেষ্টা
ৰাজ্যত চলি আছে শস্য কৰ্ত্তন সমীক্ষা, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ ধন ক্ষিপ্ৰতাৰে প্ৰদান কৰাৰ চেষ্টা

বানপানী, খৰাং, শস্যৰ বেমাৰ -আজাৰ, পোক- পৰুৱা আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ ফলত কিছুমান জাননীকৃত শস্যৰ ক্ষেত্ৰত হোৱা ক্ষতিৰ বিপৰীতে ফচল বীমাৰ জৰিয়তে কৃষকক সকাহ দিয়াৰ বাবে অসম চৰকাৰৰ কৃষি বিভাগে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা নামৰ কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাৱাহী আঁচনিখন ৰূপায়ণ কৰা হৈছে। অসমত এই যোজনাখনৰ অধীনত খাৰিফ শস্য হিচাপে মাটিমাহ,শালি ধান আৰু ৰবি বতৰৰ শস্য হিচাপে গ্ৰীষ্মকালীন ধান, আলু, কুঁহিয়াৰ আৰু সৰিয়হ সামৰি লোৱা হৈছে৷

প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ জৰিয়তে জৰিয়তে প্ৰাকৃতিক দুৰ্যোগত কৃষকৰ শস্যৰ ক্ষতিৰ বিপৰীতে কৰা দাবীৰ সুবিধা আগবঢ়াবলৈ ৰাজ্যৰ বিভিন্ন ঠাইত চলি আছে শস্য কৰ্ত্তন সমীক্ষা (Crop Cutting Experiment)।

 পূৰ্বতকৈ অধিক ক্ষিপ্ৰতাৰে তথা সফলতাৰে সম্পন্ন কৰাৰ ক্ষেত্ৰত বিভিন্ন ঠাইত আয়োজন কৰা হৈছে প্ৰশিক্ষণ কাৰ্যসূচী৷

বুধবাৰে প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনি (পিএমএফবিৱাই)ৰ অধীনত কৃষি বিভাগ ,অসম তথা অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়, গুৱাহাটীৰ যুটীয়া সহযোগিতাত অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়, প্ৰেক্ষাগৃহত শস্য কৰ্তন সমীক্ষা (Crop Cutting Experiment) ৰ সন্দৰ্ভত এদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়৷

অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়ৰ সঞ্চালিকা নিৰুপমা তালুকদাৰ, অতিৰিক্ত সঞ্চালক জি. চি. মিলি, কৃষি বিভাগৰ যুটীয়া সঞ্চালক মৌচম হাজৰিকা,  কৃষি বিভাগৰ ন’ডেল বিষয়াদ্বয় মকিবুৰ ৰহমান আৰু বিজু নাথ শৰ্মা, সংশ্লিষ্ট বিভাগ দুটাৰ অন্যান্য বিষয়ববীয়াসকলৰ লগতে বিভিন্ন জিলাৰপৰা এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰা শস্য কৰ্তন সমীক্ষাৰ জিলা সমন্বয়কসকল উপস্থিত থাকে৷

লগতে পঢ়কঃ পি এম কিষাণ আঁচনিৰ শেহতীয়া অগ্ৰগতি সন্দৰ্ভত অতুল বৰাৰ বৈঠক

English Summary: PM Fasal Bima Yojna

Like this article?

Hey! I am Pranita Chutia. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.