1. News

পি এম কিষাণ আঁচনিৰ শেহতীয়া অগ্ৰগতি সন্দৰ্ভত অতুল বৰাৰ বৈঠক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Atul borah meeting on PMKSN
Atul borah meeting on PMKSN

কৃষকে ৰাইজৰ উপাৰ্জন বৃদ্ধিত সহায় কৰি গ্ৰাম্য অৰ্থনীতিৰ ভেটি টনকিয়াল কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত আন আন ৰাজ্যসমূহৰ লগতে অসমতো ৰূপায়ণ কৰা হৈছে পি এম কিষাণ আঁচনি। ৰাজ্যখনৰ বিভিন্ন জিলাত আঁচনিখনৰ ৰূপায়ণৰ শেহতীয়া অগ্ৰগতিৰ সন্দৰ্ভত আজি জনতা ভৱনৰ পৰা ভিডিঅ' কনফাৰেন্সযোগে এক বৈঠক অনুষ্ঠিত হয়।

মন্ত্ৰী অতুল বৰাৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ স্বায়ত্তশাসিত পৰিষদসমূহৰ প্ৰধান সচিব, জিলাসমূহৰ উপায়ুক্ত আৰু জিলা কৃষি বিষয়াসকলৰ সৈতে ৰাজ্যখনৰ বিভিন্ন জিলাত আঁচনিখনৰ ৰূপায়ণৰ শেহতীয়া অগ্ৰগতিৰ বুজ লয়।

বৈঠকত মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি কৃষকসকলৰ আধাৰ সংযোগীকৰণ, e-KYC আৰু ভূমিলেখ্য উন্নীতকৰণ সম্বন্ধীয় কাম-কাজসমূহৰ অগ্ৰগতিৰ সবিশেষ বুজ লয়।

ইয়াৰোপৰি কোনো যোগ্য কৃষক আঁচনিখনৰ যাতে সুবিধা লাভৰ পৰা বঞ্চিত হ'বলগীয়া নহয় সেই কথা নিশ্চিত কৰিবলৈ আৰু বাকী থকা কামসমূহ আগন্তুক ৩০ ছেপ্টেম্বৰৰ ভিতৰত দ্ৰুতভাৱে সম্পন্ন কৰিবলৈ বিষয়াসকলক মন্ত্ৰী বৰাই নিৰ্দেশ দিয়ে। আজিৰ এই বৈঠকত কৃষি সঞ্চালক অনন্ত লাল জ্ঞানীকৈ অন্যান্য বিভাগীয় সংশ্লিষ্ট বিষয়াসকলে অংশ লয়।

লগতে পঢ়ক- KITCHEN GARDEN ত বিলাহীৰ খেতি

English Summary: Atul borazh meet on PMKISHAN NIDHI

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.