1. News

গৰুখুঁটিৰ গিৰ গাইৰ অৱস্থাৰ বুজ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Mrigakshi Phukan
Mrigakshi Phukan
Meeting about Gorukhuti Project in janta bhawan
Meeting about Gorukhuti Project in janta bhawan

গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ বুজ ল’লে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। সোমবাৰে জনতা ভৱনত মন্ত্ৰী অতুল বৰা আৰু ৰাষ্ট্রীয় দুগ্ধ উন্নয়ন ব'র্ডৰ প্রতিনিধিসকলৰ সৈতে এক বৈঠকত ছিপাঝাৰৰ গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্প সন্দৰ্ভত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে এই বহুমুখী কৃষি প্রকল্পটোলৈ গুজৰাটৰপৰা অনা গিৰ গৰুসমূহৰ বর্তমানৰ স্থিতি আৰু অৱস্থাৰ বুজ লোৱাৰ লগতে কৃষকসকলৰ দ্ৰুত কল্যাণৰ বাবে যাৱতীয় সকলো পদক্ষেপ গ্রহণ কৰিবলৈ বিষয়াসকলক নির্দেশনা প্ৰদান কৰে৷

বৈঠক সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘আজি জনতা ভৱনত গৰুখুঁটি প্রকল্প সন্দর্ভত ৰাষ্ট্রীয় দুগ্ধ উন্নয়ন ব’র্ডৰ প্রতিনিধিসকলৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰোঁ৷ বৈঠকত ছিপাঝাৰৰ গৰুখুঁটি বহুমুখী কৃষি প্রকল্প গিৰ গৰুৰ বর্তমান স্থিতি আৰু অৱস্থাৰ বুজ লৈ কৃষকসকলৰ কল্যাণৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্রহণ কৰিবলৈ নির্দেশনা প্ৰদান কৰোঁ৷মোৰ সৈতে কেবিনেট সতীৰ্থ শ্ৰীঅতুল বৰা আৰু শ্ৰীজয়ন্ত মল্লবৰুৱা, গৰুখুঁটি কৃষি প্ৰকল্পৰ মাননীয় অধ্যক্ষ বিধায়ক শ্ৰীপদ্ম হাজৰিকা, মাননীয় আয়ুক্ত সচিব শ্ৰীজয়ন্ত নাৰ্লিকাৰ উপস্থিত থাকে।‘

আনহাতে বৈঠক সন্দৰ্ভত মন্ত্ৰী অতুল বৰাই এইদৰে কয়- ‘কৃষি আৰু আনুষংগিক খণ্ডত আমাৰ উদ্যমী যুৱক-যুৱতীসকলক নিয়োজিতকৰণেৰে এই খণ্ডৰ বিকাশৰ দিশত এক নিদৰ্শন গঢ়ি তোলাৰ লক্ষ্যৰে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সপোনৰ প্ৰকল্প হৈছে- ছিপাঝাৰৰ গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্প। এই প্ৰকল্প সম্বন্ধীয় বিভিন্ন দিশৰ সন্দৰ্ভত আলোচনাৰ উদ্দেশ্যে আজি জনতা ভৱনত ৰাষ্ট্রীয় দুগ্ধ উন্নয়ন ব'র্ডৰ প্রতিনিধিসকলৰ সৈতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত এক বৈঠকত আমিও উপস্থিত থাকোঁ।

বৈঠকত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বহুমুখী কৃষি প্রকল্পটোলৈ গুজৰাটৰপৰা অনা গিৰ গৰুসমূহৰ বর্তমানৰ স্থিতি আৰু অৱস্থাৰ বুজ লোৱাৰ লগতে কৃষকসকলৰ দ্ৰুত কল্যাণৰ বাবে যাৱতীয় সকলো পদক্ষেপ গ্রহণ কৰিবলৈ বিষয়াসকলক নির্দেশনা প্ৰদান কৰে৷

বৈঠকত সতীৰ্থ মন্ত্ৰী শ্ৰী জয়ন্ত মল্লবৰুৱা ডাঙৰীয়া, গৰুখুঁটি কৃষি প্ৰকল্পৰ অধ্যক্ষ তথা বিধায়ক শ্ৰী পদ্ম হাজৰিকা ডাঙৰীয়া, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ আয়ুক্ত-সচিব শ্ৰী জয়ন্ত নাৰ্লিকাৰ, কৃষি বিভাগৰ সঞ্চালক শ্ৰী অনন্ত লাল জ্ঞানী, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালিকা শ্ৰীমতী ইন্দিৰা কলিতা প্ৰমুখ্যে সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে।‘

লগতে পঢ়কঃ স্নাতক ডিগ্ৰীধাৰীসকলে ক’ত, কেনেদৰে অধ্যয়ন কৰিব পাৰিব Forest Management ৰ পাঠ্যক্ৰম!

English Summary: Meeting about Gorukhuti Project in janta bhawan

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.