1. News

আৰম্ভ হ’ল কৃষি উন্নতি সন্মিলন ২০২২

Mrigakshi Phukan
Mrigakshi Phukan
odishas largest agricultural exhibition the krishi unanti sammelan 2022 has started today
odishas largest agricultural exhibition the krishi unanti sammelan 2022 has started today

আজিৰে পৰা উৰিষ্যাত আৰম্ভ হ’ল কৃষি উন্নতি সন্মিলন ২০২২। কৃষি জাগৰণ, এমএছ স্বামীনাথন স্কুল অব এগ্ৰিকালচাৰ এণ্ড স্কুল অব ফাৰ্মাচী অফ চেঞ্চুৰিয়ান বিশ্ববিদ্যালয়ে দুদিনীয়াকৈ আয়োজন কৰিছে এই কৃষি সন্মিলন। দুয়োটা দিনত ১০ টা বেচৰকাৰী সংগঠন আৰু প্ৰায় ৩০০০ কৃষকে সন্মিলনত অংশগ্ৰহণ কৰিব।

উল্লেখ্য যে এই মেগা কৃষি প্ৰদৰ্শনীয়ে নতুন উদ্ভাৱন আৰু প্ৰযুক্তিগত উন্নয়নৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিব বুলি জানিবলৈ দিয়ে। প্ৰদৰ্শনীৰ বিশেষ আকৰ্ষণ হ’ব ডংগ্ৰিয়া জনগোষ্ঠীৰ শিল্প আৰু সংস্কৃতি, খাদ্য, আৰু কৃষি পদ্ধতিৰ লগতে ডংগ্ৰিয়া জনগোষ্ঠীৰ হাতেৰে বোৱা হস্ততাঁত আৰু হস্তশিল্প।

কৃষি উন্নাতি সন্মিলন ২০২২ (Krishi Unnati Sammelan 2022) আজি অৰ্থাত ১৭ অক্টোবৰ আৰু কাইলৈ ১৮ অক্টোবৰত অনুষ্ঠিত হ’ব। ৰায়গড়ৰ চেঞ্চুৰিয়ান ইউনিভাৰ্চিটি অৱ টেকন'লজী এণ্ড মেনেজমেণ্টৰ স্কুল অব ফাৰ্মাচীত অনুষ্ঠিত মেলাত বিভিন্ন প্ৰান্তৰ বিশেষজ্ঞ উপস্থিত আছে। লগতে ইয়াত কৃষি জাগৰণৰ প্ৰতিষ্ঠাপক তথা মুখ্য সম্পাদক এম চি ডমিনিককে ধৰি অন্যান্য কৰ্মচাৰীও উপস্থিত আছে।

কৃষি জাগৰণ দলটোৱে ইয়াত ইয়াত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। ৰায়গড়াৰ বিধায়ক মকৰন্দ মুদুলী, উৰিষ্যাৰ অনুসূচীত জাতি উন্নয়ন আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ মন্ত্ৰী জগন্নাথ শৰকা, এমএচএছএ ডিন এডমিন এছ.পি. নন্দা আৰু অধ্যাপক শ্ৰী ৰাজেশ কুমাৰ পাধিৰো অনুস্থানটোত উপস্থিত থাকে।

লগতে পঢ়কঃ কৃষি উন্নতি সন্মিলন ২০২২: ১৭-১৮ অক্টোবৰত ওড়িশাত সৰ্ববৃহৎ কৃষি প্ৰদৰ্শনী

English Summary: krishi unnati sammelan

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.