1. News

#HarGharTiranga: ভাৰতীয় কৃষিৰ চাইকেল মেন খ্যাত নীৰজ প্ৰজাপতি কে জে চৌপালত!

RAHUL ALI
RAHUL ALI
he Bicycle Man of Indian Agriculture Neeraj Prajapati
he Bicycle Man of Indian Agriculture Neeraj Prajapati

জৈৱিক কৃষিসম্পৰ্কে কৃষকসকলৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে সমগ্ৰ দেশ জুৰি চাইকেল ভ্ৰমণৰে সজাগতাৰ সৃষ্টি হাৰিয়ানাৰ নীৰজ প্ৰজাপতিৰ। ১,১১,১১১ কিলোমিটাৰ অতিক্ৰম কৰাৰ লক্ষ্যৰে জৈৱিক কৃষি আৰু শস্যত কীটনাশক প্ৰয়োগৰ সমস্যাৰ বিষয়ে সজাগতা বিয়পাবলৈ সমগ্ৰ দেশতে চাইকেল চলাই ভ্ৰমণ কৰি আছে প্ৰজাপতিয়ে। বুধবাৰে তেওঁ চাইকেলেৰে ভ্ৰমণ কৰি দিল্লীৰ কৃষি জাগৰণ চৌপালত উপস্হিত হয়।

প্ৰধানমন্ত্ৰীয়ে আহ্বান কৰা 'হৰ ঘৰ তিৰঙ্গা'ৰ অংশ হিচাপে কৃষি জাগৰণ ভ্ৰমণ কৰি সংবাদ মাধ্যম সমূহে দেশত ইতিমধ্যে প্ৰতিষ্ঠিত কৃষকক গুৰত্ব দিয়াৰ পৰিবৰ্তে নতুন উদ্যমী কৃষকসকলৰক গুৰুত্ব দিয়াৰ প্ৰয়োজন বুলি তেওঁ উল্লেখ কৰে।

কৃষি জাগৰণত দলটোৰ সৈতে কথা পাতি নীৰজে কয়, "মই ৪৫,০০০ কিলোমিটাৰ অতিক্ৰম কৰিবলৈ ওলাইছো। আমি যুৱ আৰু আগন্তুক কৃষকসকলৰ ওপৰত গুৰুত্ব দিয়াৰ সময় আহি পৰিছে, বিশেষকৈ যিসকলে শেহতীয়াকৈ পথাৰত কাম কৰা আৰম্ভ কৰিছে। যুৱ কৃষকসকলক সঠিক কৌশলৰ বিষয়ে অৱগত কৰিব লাগে যাতে তেওঁলোকে কৃষিক্ষেত্ৰত কাম অব্যাহত ৰাখিবলৈ অনুপ্ৰাণিত অনুভৱ কৰে,"

কৃষি জাগৰণ এণ্ড এগ্ৰিকালচাৰ ৱৰ্ল্ডৰ প্ৰতিষ্ঠাপক এমচি ডমিনিকে তেওঁক আদৰণি জনায় আৰু তেওঁক এখন স্মৰণিকা আৰু গছপুলিৰে তেওঁক সম্ভাষণ জনাই কয় যে "আমি তেওঁৰ যাত্ৰা কভাৰ কৰি আছো আৰু তেওঁক শুভকামনা জনাইছো। কৃষিক্ষেত্ৰত সজাগতা বিয়পাবলৈ এনে ধৰণৰ সমৰ্পণ কাৰ্যক সমৰ্থন কৰিবলৈ আমি সদায় উপস্থিত আছোঁ।"

নীৰজ এজন প্ৰখ্যাত ব্যক্তিত্ব যি চাইকেলত 44,817 কিলোমিটাৰ অতিক্ৰম কৰাৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে। তেওঁক ভাৰতীয় কৃষিৰ "বাইচাইকেল মেন" (Bycycle Man of Indian Agriculture) বুলি জনা যায়।

তেওঁ কৃষকসকলক তেওঁলোকৰ শস্যত কীটনাশক প্ৰয়োগ কৰাৰ প্ৰভাৱৰ বিষয়ে শিক্ষিত কৰিবলৈ ৰাজস্থান, পঞ্জাৱ আৰু হাৰিয়ানাৰ মাজেৰে চাইকেল চলাই আহিছে। তেওঁ কৃষকসকলৰ মাজত সজাগতা বৃদ্ধি কৰাৰ লগতে কেনেকৈ এই ৰাসায়নিক পদাৰ্থবোৰে দেশত হাঁওফাঁওৰ ৰোগ আৰু কৰ্কট ৰোগ বৃদ্ধি কৰিছে সেই সম্পৰ্কে কৃষকসকলৰ মাজত সজাগতাৰ সৃষ্টি কৰিছে।

লগতে পঢ়ক-গছ ৰোপণ কৰি ভাল পোৱা বৃক্ষ মানৱ ৰূপে পৰিচিত গহপুৰৰ বকুল গগৈ!

English Summary: #HarGharTiranga: The Bicycle Man of Indian Agriculture Neeraj Prajapati is at Krishi Jagran

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.