1. News

গছ ৰোপণ কৰি ভাল পোৱা বৃক্ষ মানৱ ৰূপে পৰিচিত গহপুৰৰ বকুল গগৈ!

RAHUL ALI
RAHUL ALI
‘আমাৰ বনানী’- বৃক্ষ ৰোপন ক্ষেত্রত এক আন্দোলন
‘আমাৰ বনানী’- বৃক্ষ ৰোপন ক্ষেত্রত এক আন্দোলন

বৃক্ষ ৰোপন, জলাশয় সংৰক্ষণ, জৈৱ বৈচিত্র সংৰক্ষণ আদি মহান লক্ষ্যৰে আমাৰ বনানী নামৰ এটি স্বেচ্ছাসেবী সংগঠনৰ সহায়ত সাধাৰণ মানুহৰ মাজত এক আন্দোলনৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে ১৯৭৭ চনৰ ২৪ আগষ্টত গহপুৰত জন্ম লাভ কৰা বৃক্ষ মানৱ নামেৰে পৰিচিত বকুল গগৈয়ে। গহপুৰত প্রথম বাৰৰ বাবে বকুল গগৈয়ে তেওঁৰ নিজ গৃহতে নাৰ্চাৰী স্থাপন কৰি গছ পুলি ৰোপন তথা গছৰ প্ৰতি মানুহৰ মনত ভালপোৱা সৃষ্টি কৰিবৰ বাবে প্ৰতি দিনে কাম কৰি অহা দেখা গৈছে।

গহপুৰৰ বিভিন্ন বিদ্যালয়ত, কাৰ্যালয়ত,ৰাজহুৱা স্থানত গছ পুলি ৰোপন কৰা, সজাগতা সৃষ্টি কৰা, সংৰক্ষণ কৰাত সততে দেখা যায় প্ৰকৃতি প্ৰেমি বকুল গগৈক। উল্লেখযোগ্য যে গোটেই জীবন চিৰকুমাৰ হিচাবে থাকি এক মাত্র গছৰ প্ৰতি থকা তেখেতৰ ভালপোৱাৰ বাবেই আমাৰ বনানী স্বেচ্ছাসেবী সংগঠনৰ হৈ গছ পুলি ৰোপন কৰাটোৱেই জীৱনৰ ব্ৰত হিচাবে লৈ কাম কৰি গৈছে।

বিভিন্ন লোকৰ জন্ম দিন, বিবাহ অনুষ্ঠান আদিতো আমাৰ বনানীয়ে উপহাৰ হিচাবে গছ পুলি প্ৰদান কৰি এক পৃথক ধাৰাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে আমাৰ বনানীৰ পৰা গহপুৰৰ লগতে অসমৰ বিভিন্ন লোকক বিভিন্ন মূল্যবান গছৰ পুলি বিক্রি কৰা লগতে উপহাৰ হিচাবেও বিনামূল্যে প্ৰদান কৰা হৈছে।

কেৱল গছ পুলি ৰোপন বা সংৰক্ষণে নহয় আমাৰ বনানীৰ নাৰ্চাৰিত অসংখ্য বিভিন্ন প্ৰজাতিৰ গছৰ সংৰক্ষণৰ লগতে বিভিন্ন চৰাইৰ প্ৰজাতিও নিৰাপদ ঠাই হিচাবে লাভ কৰাত সেই চৰাই চিৰিকটি সমূহৰো সংৰক্ষণ হৈছে। বিভিন্ন সময়ত আঘাত প্ৰাপ্ত নাইবা ৰোগীয়া চৰাই বা অন্যান্য বন্য প্রাণী উদ্ধাৰৰ ক্ষেত্রতো আমাৰ বনানীয়ে সেৱা আগবঢ়াই আহিছে।

বৰ্তমান গহপুৰৰ বিভিন্ন স্থানত আমাৰ বনানী স্বেচ্ছাসেবী সংগঠনৰ হৈ বকুল গগৈয়ে গহপুৰ অঞ্চলৰ কেইবাটাও জলাশয় বিশেষকৈ গহপুৰৰ ১২০ বিঘা মাটি আগুৰি থকা গেলেকী পিটনি সংৰক্ষণৰ বাবে কাম কৰি থকা দেখা গৈছে।

ইমানেই নহয় আমাৰ বনানী স্বেচ্ছাসেবী সংগঠনৰ উদ্যোগত গহপুৰ ডুবিয়াৰ বকুল গগৈ গৃহত প্ৰতি বছৰে ৪ বহাগ দিনটোত সুদীর্ঘ ২৬ বছৰ ধৰি গছক গামোচা পিন্ধাই গছ পুলি ৰোপন কৰি গছ বিহু উদযাপন কৰি আহিছে। ইতিমধ্যে আমাৰ বনানী স্বেচ্ছাসেবী সংগঠনে গছ বিহুৰ বাবে সুকীয়াকৈ গছ বিহু বাকৰি নামেৰে এক হেক্টর ভূমিও নিৰ্দিষ্ট কৰিবলৈ সক্ষম হৈছে। গছৰ প্ৰতি থকা অপৰিসীম ভালপোৱাৰ অতি অপূর্ব বহিঃপ্রকাশ গছ বিহু। অনাগত দিনত এই গছ বিহুক আমাৰ বনানীয়ে প্ৰত্যেক অসমবাসীৰ ঘৰে ঘৰে পালন কৰা দিশত কাম কৰি যাব বুলি আমাক  জানিবলৈ দিয়ে।

পৰিৱেশ প্ৰদূষণ পৃথিবীৰ গোলকীয় উষ্ণতা বৃদ্ধিৰ সময়ত পৰিৱেশ সংৰক্ষণ, গছ পুলি ৰোপন ক্ষেত্রত নিৰবিচ্ছিন্ন ভাৱে বহু বছৰ ধৰি কাম কৰি অহা আমাৰ বনানী দৰে অনুস্থান সমূহক চৰকাৰে গুৰুত্ব প্ৰদান কৰা উচিত।

লগতে পঢ়ক-Orientation Programme: নৱনিযুক্ত কৃষি বিষয়াসকলৰ সৈতে কৃষি মন্ত্ৰী অতুল বৰা!

প্ৰেৰকঃ প্ৰাচুৰ্য বৰুৱা, গহপুৰ

English Summary: Amar Bonani: Gokul Gogoi, The Tree man of Gohpur

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.