1. News

বাক্সাৰ মৈথাাৰীত বনৰীয়া হাতীৰ তাণ্ডব, বিঘাই বিঘাই নষ্ট কৰিলে ধানখেতি, হতাশ কৃষক!

KJ Staff
KJ Staff
Elephant Destroyed Paddy Field
Elephant Destroyed Paddy Field

বাক্সা জিলাৰ ভাৰত- ভূটান সীমান্তৱৰ্তী অঞ্চলত হাতী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে৷ বনৰীয়া হাতীৰ উপদ্ৰৱত উজাগৰী নিশা কটাবলগীয়া হৈছে সীমান্তৰ ৰাইজে৷ নিশা হলেই বনাঞ্চলৰ পৰা ওলাই আহি গাঁওসমূহত উপদ্ৰৱ চলায় হাতীৰ জাকে৷

বিশেষকৈ হাতীৰ জাকসমূহে খেতিপথাৰত প্ৰৱেশ কৰি ধানখেতি নষ্ট কৰাত কৃষক ৰাইজ হতাশ হৈ পৰিছে৷ জিলাখনৰ বাতাবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ  অন্তৰ্গত  মৈথাবাৰী আৰু বগৰীবাৰীত বনৰীয়া হাতীৰ এটা বৃহত জাকে প্ৰৱেশ কৰি খেতিপথাৰত উপদ্ৰব চলায়৷ হাতীৰ জাকটোৱে সীমান্তৰ পূৱ বগৰীবাৰীৰ প্ৰসন্ন হালৈ নামৰ কৃষকগৰাকীৰ তিনি বিঘা, লক্ষীৰাম মুৰ্মূৰ দুই বিঘা ধানখেতি সম্পূৰ্ণৰূপে তহিলং কৰে৷

সজাল ধৰা খেতিডৰা এনেদৰে হাতীৰ জাকে অনিষ্ট কৰাত হতাশ হৈ পৰিছে কৃষকসকল ৷ সেইদৰে হাতীৰ জাকটোৱে অমলাইগুৰিৰ বৈকুণ্ঠ ব্ৰহ্ম নামৰ লোকজনৰ ভৰাঁলঘৰটো  ভাঙি প্ৰায় পোন্ধৰ মোন ধান খাই তহিলং কৰাৰ লগতে  প্ৰায় পছিশডাল তামোল গছ ভাঙি পেলায়৷ পানীৰ অভাৱত ককবকাই থকা অঞ্চলটোৰ ৰাইজে অতি কষ্টেৰে যি অলপ খেতি কৰিছিল সেইখিনিও এনেদৰে হাতীয়ে নষ্ট কৰাত কৃষকসকল হতাশ হৈ পৰিছে৷

 উল্লেখ্য যে বিগত কিছুদিন ধৰি বনৰীয়া হাতীৰ এটা বৃহত জাকে মৈথাবাৰী গাঁওৰ নিচেই ওচৰত  অৱস্থান কৰি আছে৷ যাৰফলত অঞ্চলটোৰ ৰাইজে নিশা উজাগৰে থাকিবলগীয়া পৰিস্থিতি হৈছে৷ 

লগতে পঢ়ক-অসম কৃষিবিশ্ববিদ্যালয়ত শিক্ষক দিৱস, শতাধিক অৱসৰপ্ৰাপ্ত শিক্ষক–গৱেষক বিজ্ঞানীক বিশেষ সম্বৰ্ধনা

English Summary: Elephant Destroyed Paddy Field Baksa, Assam

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.