1. News

Bitter Gourd Farming : ফেব্ৰুৱাৰী-মাৰ্চৰ ভিতৰতে কৃষকসকলে কৰিব পাৰিব জেং কেৰেলাৰ খেতি

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Bitter Gourd & its Farming time in Assam
Bitter Gourd & its Farming time in Assam

মাঘৰ পাছতে বহাগ বিহু। বহাগ বিহুলৈ আগতীয়া কেৰেলাবোৰ প্ৰায় নলগা হয়গৈ। কিন্তু কেৰেলাটো বহাগ বিহুত গৰু গা-ধোৱাবলৈ লাগিবই। গতিকে কৃষকসকলে বহাগ বিহুৰ  কেৰেলা বজাৰখন ধৰিবলৈ এতিয়াই কৰিব লাগিব কেৰেলা। কেৰেলা খেতি বছৰটোত তিনিবাৰকৈ কৰিব পাৰি-আগষ্ট-নৱেম্বৰ, ফেব্ৰুৱাৰী-মাৰ্চ আৰু জুন-জুলাই মাহত আৰু সময় অনুসৰি সাৰ, পানীৰ প্ৰয়োগ আৰু কেৰেলাৰ সঁচ ভিন্ন ধৰণৰ হয়। ফেব্ৰুৱাৰী-মাৰ্চত অসমৰ কৃষকসকলে কৰিব পৰা উন্নত জাতকেইটা হ’ল-  বসন্ত ঋতুত খেতি কৰা সঁচ বোৰ : আর্লিয়েষ্ট অৱ অল , লংগ্রীণ , এক্সটা লং , পুচা ডো মৈচুমী।

মাটি:

পানী ওলাই যোৱাৰ সুব্যৱস্থা থকা, বালিঅঁহীয়া, পলসুৱা, অধিক জৈৱিক গুণ থকা মাটি এই খেতিৰ বাবে উপযোগী।

মাটি প্ৰস্তুতি:

২-৩ বাৰ হাল বাই  অৰ্থাৎ চহাই তাৰ পাছত মৈয়াই মাটিডৰা সমান কৰি মিহি কৰি ল’ব লাগে পুলি বা গুটিবোৰ ৰোপন কৰিব লাগে।

লগতে পঢ়ক- 

Foxtail millet: অসমত অৱহেলিত কণিধান, আমাজনত প্ৰতিকেজিৰ দাম ৩০০ টকা

ৰোপন পদ্ধতি :  

শাৰীৰ পৰা শাৰী ১ মিটাৰ আৰু এটা খুলিৰ পৰা এটা খুলিৰ দূৰত্ব ১ মিটাৰ হ’ব লাগে। এটা খুলি দুটাৰ পুলি ৰুব লাগে। যদি জেং নিদি হেণ্ডালি দিয়ে তেতিয়া শাৰীৰ দূৰত্ব একে ৰাখি খুলিবোৰৰ মাজৰ দূৰত্ব কৰিব পাৰে। হেণ্ডালি বৰ বেছি ওখ নকৰি মাটিৰ পৰা ৭ ফুটমান ওখ কৰিব লাগে।

সাৰ প্ৰয়োগ:

প্ৰতি বিঘাত ১০ কুইন্টল পচন সাৰ বা শুকান গোবৰ, ইউৰিয়া ১০ কিলোগ্ৰাম, ছুপাৰ ফছফেট ২৫ কিলোগ্ৰাম আৰু মিউৰিট অব পটাছ সাৰ ৭ কিলোগ্ৰামৰ প্ৰয়োজন। ইয়াৰে ইউৰিয়া সাৰৰ আধাভাগ আৰু সমুদায় সাৰখিনি মাটি চাহ কৰা সময়ত প্ৰয়োগ কৰিব লাগে। আধাভাগ ইউৰিয়া ফুল আৰু ফল ধৰাৰ সময়ত প্ৰয়োগ কৰিব লাগে।

লগতে পঢ়ক- 

Zinger Farming : ভালদৰে কৰিলে এবিঘা মাটিতে ৮-৯ মাহতে চকুমুদি লাভ কৰিব আঢ়ৈ লাখ টকা

English Summary: Bitter Gourd & its Farming time in Assam

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.