1. News

Bee farming Training : তামুলপুৰত ১৫ দিনীয়াকৈ বনৰীয়া মৌ –পালনৰ প্ৰশিক্ষণ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Bee farming Training in Tamulpur
Bee farming Training in Tamulpur

তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ কাউলীৰ হৰিণচৰাত ১৫ দিনীয়া বনৰীয়া মৌপালন আৰু প্ৰক্ৰিয়াকৰণ প্ৰশিক্ষণ শিবিৰৰ আজি সফল সামৰণি পৰে। অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদে (এএছটিইচি) যোৱা ২৭ ডিচেম্বৰ তাৰিখৰ পৰা মৌ মাখি পালনৰ সজাগতা বৃদ্ধি আৰু বৈজ্ঞানিক ভাৱে মৌপালন কৰি আয় বৃদ্ধি কৰাৰ উদ্দেশ্যে  আয়োজন কৰা শিবিৰত 'বনৰীয়া মৌ পালন আৰু প্ৰক্ৰিয়াকৰণ' সম্পৰ্কে পোন্ধৰ দিনীয়া উক্ত প্ৰশিক্ষণত প্ৰশিক্ষাৰ্থী সকলৰ মাজত ব্যৱহাৰিক আৰু মৌখিক ভাৱে আলোচনা কৰা হয়।

এই প্ৰশিক্ষণৰ দ্বাৰা " জলবায়ু স্থিতিস্থাপক অনুশীলনৰ ডিজাইনিং' শীৰ্ষক এক কাৰ্যসূচীৰ জলবায়ু স্থিতিস্থাপক কাৰ্যকলাপৰ এটা অংশ হিচাবে  অসম চৰকাৰৰ ৰাজ্যিক উদ্ভাৱন আৰু পৰিৱৰ্তন আয়োগ (চিটা)ৰ দ্বাৰা পৃষ্ঠপোষকতা কৰা কাজিৰঙা আৰু মানস লেণ্ডস্কেপৰ ব্যৱস্থাপনা শক্তিশালী কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। গ্ৰীণ এনভায়ৰনমেণ্ট টাস্ক ফ'ৰ্চে (জিইটিএফ) য়ে এএছটিইচি কাৰিকৰী সহযোগী হিচাপে কাম কৰাৰ লগতে মানস চৌকি খানকাৰ ইকোটুৰিজম চ'চাইটি আৰু বাল্টি সহযোগিতা আগবঢ়োৱা অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকি লোক সভাৰ প্ৰাক্তন সাংসদ তথা ৰাজ্যিক উদ্ভাৱনা আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ ৰমেন ডেকা। তেওঁ কয় যে গছপুলি ৰোপণ কৰিলে আমি ইয়াৰ পৰা অক্সিজেন পোৱাৰ লগতে ইয়ে আমাক পৰিৱেশ ৰক্ষাত সহায় কৰে। ঠিক সেইদৰে মৌ মাখি পালন কৰিলে ইয়াৰ পৰা মৌৰস পোৱাৰ লগতে এই মৌ মাখিৰ জৰিয়তে আমাৰ শস্যত থকা অপকাৰী পোক পতংগ বোৰ নিয়ন্ত্ৰণ হয়।

লগতে পঢ়ক- 

Bee Farming : মৌ পালনেৰে স্বাৱলম্বী টীয়কৰ এজন ব্যক্তিৰ মনৰ কথা

মৌমাখি পালন কৰিলে ইয়ে আমাক আয় দিব। মৌ মাখি পালন কৰাটো অতি সহজ। সেয়ে মৌ মাখি পালন কৰি আমি আমাৰ আয় বৃদ্ধি কৰিব লাগে।অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ বিষয়া ডঃ প্ৰাঞ্জল বেজবৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত সভাত অসম ৰাজ্যিক উদ্ভাৱনা আৰু ৰূপান্তৰ আয়োগৰ সহকাৰী উপাধ্যক্ষ ধ্ৰুৱ প্ৰসাদ বৈশ্যকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰদান কৰে।

এ এছ টি ইচিৰ জ্যেষ্ঠ বৈজ্ঞানিক বিষয়া ডঃ চন্দ্ৰ বৰুৱাই আদৰণি ভাষণ আগবঢ়োৱা সামৰণি অনুষ্ঠানত, ৰাজ্যিক উদ্ভাৱনা ৰূপান্তৰ আয়োগৰ বিত্ত আৰু গাণনিক উপদেষ্টা গুণ গোবিন্দ দাস,সহকাৰী গৱেষণা বিষয়া দ্বিজেন্দ্ৰ সিংহ হাজাৰে, এনভিএছ হাবৰ তথ্য প্ৰযুক্তি বিষয়া উৎপল দাস,  এএছটিইচিৰ জ্যেষ্ঠ বিষয়া ড০ মনীষা শৰ্মা আৰু ৰিতুপৰ্ণ দাস, জি ই টি এফৰ সঞ্চালক দেৱজিৎ বড়াৰ উপৰিও বিটিআৰৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাস,পৰিৱেশ মিত্ৰ বিজয় চৌধুৰী  উপস্থিত থাকে। সামৰণি অনুষ্ঠানৰ অন্তিম অংশত ২৩ জন অংশগ্ৰহণকাৰীৰ মাজত মৌমাখিৰ বাকচ আৰু আনুষঙ্গিক সামগ্ৰী বিতৰণ কৰা হয়।

লগতে পঢ়ক- 

Small chili and its farming : এবাৰ লগাৰ পাছতে ৩-৪ বছৰলৈ ১২ মাহে লাগিব জলকীয়া

English Summary: Bee farming Training in Tamulpur

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.