1. News

কৃষি বিভাগৰ বিভিন্ন আঁচনি ৰূপায়ণ ক্ষিপ্ৰ কৰাৰ নিৰ্দেশনা অতুল বৰাৰ

Mrigakshi Phukan
Mrigakshi Phukan
কৃষি বিভাগৰ বিভিন্ন আঁচনি ৰূপায়ণ ক্ষিপ্ৰ কৰাৰ নিৰ্দেশনা অতুল বৰাৰ
কৃষি বিভাগৰ বিভিন্ন আঁচনি ৰূপায়ণ ক্ষিপ্ৰ কৰাৰ নিৰ্দেশনা অতুল বৰাৰ

কৃষি বিভাগৰ অধীনৰ আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণ কৰাত বিশেষ গুৰুত্ব আৰোপ কৰিছে কৃষি বিভাগে।উৎপাদন বৃদ্ধিৰ বাবে গুণগত মানৰ বীজ সময়মতে বিতৰণতো বিভাগটোৱে গুৰুত্ব দিয়াৰ কথা প্ৰকাশ কৰিছে কৃষি মন্ত্ৰী অতুল বৰাই। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই বিষয়সমূহক বিভাগটোৱে গুৰুত্বসহকাৰে লোৱাৰ কথা কৃষি মন্ত্ৰীগৰাকীয়ে কয়।

মঙলবাৰে জনতা ভৱনত অনুষ্ঠিত কৃষি বিভাগৰ এক পৰ্যালোচনা বৈঠকত সংশ্লিষ্ট বিষয়াসকলক গুণগত মানৰ বীজ বিতৰণ সুনিশ্চিতকৰণৰ লগতে বীজ বিতৰণ ব্যৱস্থাটো কঠোৰভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশনা দিয়াৰ কথা মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। বৈঠকখনত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আৰু প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা শীৰ্ষক অভিলাষী আঁচনি দুখনৰ শেহতীয়া ৰূপায়ণ স্থিতিৰ সবিশেষ বুজ লোৱাৰ লগতে কৃষকসকলৰ সুবিধাৰ্থে আঁচনি দুখনৰ কাম-কাজসমূহ ক্ষিপ্ৰতাৰে সমাপন কৰিবলৈ বিষয়াসকলক নিৰ্দেশনা দিয়াৰ কথাও প্ৰকাশ কৰে কৃষি মন্ত্ৰী অতুল বৰাই। তদুপৰি NFSM, RIDF, CMSGUY, SMAM, HMNEH, NMEO-Oil Palm, MOVCD-NER আদি কৃষি আঁচনিসমূহৰ ৰূপায়ণ স্থিতি আৰু সাৰৰ উপলব্ধতা সন্দৰ্ভতো বিষয়াসকলৰপৰা সবিশেষ বুজ লয় মন্ত্ৰীগৰাকীয়ে।

এই সন্দৰ্ভত এক ছ’চিয়েল মিডিয়া প’ষ্টত এইদৰে ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে- ‘অসমৰ অৰ্থনীতি মুখ্যতঃ কৃষি নিৰ্ভৰশীল আৰু ৰাজ্যখনৰ অধিকাংশ লোক কৃষিখণ্ডৰ সৈতে জড়িত হৈ আছে। সেয়েহে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বত আমি কৃষি বিভাগৰ অধীনৰ আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণ কৰাত বিশেষ গুৰুত্ব আৰোপ কৰিছোঁ। লগতে কৃষি উৎপাদন বৃদ্ধিৰ বাবে আমাৰ কৃষকসকলক গুণগত মানৰ বীজ সময়মতে বিতৰণ কৰাৰ দিশতো অগ্ৰাধিকাৰ দিছোঁ। আজি জনতা ভৱনত অনুষ্ঠিত কৃষি বিভাগৰ এক পৰ্যালোচনা বৈঠকত সংশ্লিষ্ট বিষয়াসকলক গুণগত মানৰ বীজ বিতৰণ সুনিশ্চিতকৰণৰ লগতে বীজ বিতৰণ ব্যৱস্থাটো কঠোৰভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশনা দিওঁ।

বৈঠকত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আৰু প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা শীৰ্ষক অভিলাষী আঁচনি দুখনৰ শেহতীয়া ৰূপায়ণ স্থিতিৰ সবিশেষ বুজ লওঁ আৰু কৃষকসকলৰ সুবিধাৰ্থে আঁচনি দুখনৰ কাম-কাজসমূহ ক্ষিপ্ৰতাৰে সমাপন কৰিবলৈ বিষয়াসকলক নিৰ্দেশনা দিওঁ। লগতে NFSM, RIDF, CMSGUY, SMAM, HMNEH, NMEO-Oil Palm, MOVCD-NER আদি কৃষি আঁচনিসমূহৰ ৰূপায়ণ স্থিতি আৰু সাৰৰ উপলব্ধতা সন্দৰ্ভতো বিষয়াসকলৰপৰা সবিশেষ বুজ লওঁ। কৃষি উৎপাদন আয়ুক্ত তথা কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিব ডাঃ আশিস কুমাৰ ভূটানী, কৃষি সঞ্চালক শ্ৰী অনন্তলাল জ্ঞানী প্ৰমুখ্যে সংশ্লিষ্ট বিভিন্ন দায়িত্বত থকা বিভাগীয় জ্যেষ্ঠ বিষয়াসকল বৈঠকত উপস্থিত থাকে।‘

লগতে পঢ়কঃ বোকাখাত জলবায়ুৰ লগত নিমিলা ৰবি শস্যৰ বীজ যোগান কৃষি বিভাগৰ

English Summary: Atul bora's instruction on seeds distribution

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.