1. News

পূজাৰ বতৰত উৎকট গৰমে দহিছে অসমক

Mrigakshi Phukan
Mrigakshi Phukan
Heat Wave
Heat Wave

পূজা মানেই শৰতৰ আগমন। পুৱাৰ নিয়ৰ আৰু কোমল ৰ’দৰ আমেজ, কেউফালে শেৱালীৰ সুবাস। শৰৎ সেয়েহে সকলোৰে প্ৰিয় ঋতু। এই অনুভৱ অবিহনে যেন পূজাৰ আমেজেই মিছা। এইবাৰ পূজাত অসমবাসীয়ে বাৰুকৈয়ে অনুভৱ কৰিছে এই কথা। প্ৰখৰ ৰ’দ আৰু অত্যন্ত গৰমৰ বাবে এইবাৰ পূজাৰ উছাহ কিছু ম্লান পৰিছে। শাৰদীয় বতৰতো অসমৰ উষ্ণতা গ্ৰীষ্ম কালৰ দৰেই হৈ আছে।

অধিক গৰমৰ বাবে ফুলি উঠা নাই বতৰৰ শেৱালী ফুল। পূজালৈ বুলি সাজি-কাচি ওলাই গেটৰ মুখৰপৰাই ঘামি-জামি ঘূৰি আহিবলগীয়া হৈছে ৰাইজ। এজাক বৰষুণৰ অপেক্ষা এতিয়া দিন কটাইছে অসমৰ ৰাইজে। অস্বাভাৱিক এই বতৰে সৰ্বসাধাৰণৰ স্বাস্থ্যতো প্ৰভাৱ পেলোৱা দেখা গৈছে। পিছে আবতৰত এইদৰে অসমৰ ৰাইজক গৰমে দহাৰ কাৰণ কি ভাবি চাইছেনে?  

ভয়াৱহভাৱে তাপমান বৃদ্ধি পোৱাৰ আঁৰত আছে অবাধ বন ধ্বংস কাৰ্য। শেহতীয়াকৈ ৰাজ্যত বিভিন্ন নিৰ্মাণ কাৰ্যৰ নামত গছ-গছনি কাটি পেলোৱা হৈছে। তাৰ ঠাইত নতুনকৈ গছপুলি ৰোপণৰো কোনো আঁচনি চৰকাৰে লোৱা দেখা যোৱা নাই। যাৰ বিৰূপ প্ৰভাৱ ইতিমধ্যেই মানুহে দেখিবলৈ পাইছে। আগতে পূজাৰ সময়ত মানুহে যদি ছুৱেটাৰ পিন্ধিছিল, এতিয়া বিচনী হাতত লৈহে পূজা চাবলগীয়া হৈছে সৰ্বসাধাৰণে।

কেইবাদিনো ধৰি উমঘাম নাই বৰষুণৰ।

বনধ্বংসৰ ফলত ব্যাপক হাৰত বৃদ্ধি পাইছে উষ্ণতা।গৰমৰ দিনকেইটাত ঘৰে ঘৰে এচি-কুলাৰ লগোৱাৰ ফলত আমি সাময়িকভাৱে সকাহ পাওঁ সঁচা। কিন্তু ইয়াৰ ফলত পৰিৱেশৰ ওপৰত যি বিৰূপ প্ৰভাৱ পৰিছে সেয়া ভৱিষ্যতৰ বাবে ভয়াৱহ হ’ব। যাৰ বাবে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে অৰণ্য সুৰক্ষা সমিতি অসমে। গুৱাহাটীত সমিতিখনে আয়োজন কৰা এখন সভাত কৰ্মকৰ্তাসকলে উন্নয়নৰ নামত জধেমধে গছ নাকাটিবলৈ চৰকাৰক আহ্বান জনাই কয় যে, আমি যদি বহনক্ষম উন্নয়নৰ প্ৰতি মনোযোগ নিদিও তেনেহ'লে ভৱিষ্যত প্ৰজন্মই ভয়াৱহ পৰিৱেশজনিত সমস্যাৰ সন্মুখীন হ'ব আৰু আমি এদিন তেওঁলোকৰ ধিক্কাৰৰ পাত্ৰ হ'ব লাগিব।

সমিতিৰ অন্যতম উপদেষ্টা দীপক কুমাৰ দাসে সভাপতিত্ব কৰা সভাত সমিতিৰ সদস্যসকলে চৰকাৰক বহনক্ষম উন্নয়ন সম্পৰ্কীয় বিধি প্ৰণয়ণ কৰিবলৈ আহ্বান জনায়। সভাত ভাষণ দি সমিতিৰ সচিব প্ৰধান ড০ হৰিচৰণ দাসে কয় যে, বহল বাটতকৈ বহল বননিৰহে এতিয়া অধিক প্ৰয়োজন হৈ পৰিছে।

তেওঁ কয় যে, ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থত আমি কিছুমান প্ৰযুক্তি নিৰ্ভৰ সুখ-সুবিধা ত্যাগ কৰিবলৈ সাজু থাকিব লাগিব।অৰণ্য সুৰক্ষা সমিতি অসমৰ কাৰ্যকৰী সচিব নিতুল শিৱনাথে উদ্দেশ্য বাখ্যা কৰা সভাত সমিতিৰ গুৱাহাটীৰ স্বেচ্ছাসেৱকসকল উপস্থিত আছিল।

লগতে পঢ়কঃ 'কৃষকৰ হাততে আছে দেশৰ উন্নয়নৰ ছাবিকাঠি': গান্ধীজী

English Summary: ASSAM WEATHER

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.