1. News

ভাৰতীয় বিমান প্ৰাধিকৰণৰ ৪০ হাজাৰ দৰমহাৰ ৬০০ পদৰ বিজ্ঞাপন

PANKAJ KHANIKAR
PANKAJ KHANIKAR
airport authority of India
airport authority of India

এয়াৰপ’ৰ্ট অৰ্থৰিটি অফ ইণ্ডিয়া অৰ্থাত ভাৰতীয় বিমান প্ৰাধিকৰণত ওলাইছে চাকৰি। প্ৰাধিকৰণে খালী হৈ থকা প্ৰায় ৬০০ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। প্ৰকাশিত বিজ্ঞাপন অনুসৰি খালী হৈ থকা প্ৰায় ৬০০ পদৰ ভিতৰত আছে Junior Executive (Engineering) Civil (62), Junior Executive (Engineering) Electrical ( 84 ), Junior Executive-Electronics (440), Junior Executive-Architecture (10)।

লগতে পঢ়ক

বেমাৰ আজাৰ পৰা আপোনাৰ ফাৰ্মখনক কেনেদৰে সুৰক্ষা দিব!

এই পদসমূহৰ বিপৰীতে দৰমহাৰ নিৰিখ মাহে ৪০,০০০-১,৪০,০০০ টকা। পদসমূহৰ বাবে অনলাইনযোগে আবেদনৰ অন্তিম তাৰিখ ২১ জানুৱাৰী, ২০২৩। বিজ্ঞাপন অনুসৰি Junior Executive (Engineering) পদৰ প্ৰাৰ্থীসকল Civil শাখাত Engineering / Technology স্নাতক উগ্ৰীধাৰী হ'ব লাগিব । Junior Executive ( Engineering) পদৰ প্ৰাৰ্থীসকল Electrical শাখাত Engineering / Technologyৰ স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব ।

Junior Executive Electronics পদৰ প্রার্থীসকল Electronics/ Telecommunications / Electrical শাখাত Engineering / Technologyৰ স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব । Junior Executive- Architecture পদৰ প্ৰাৰ্থীসকল Architecture বিষয়ত স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব। ইয়াৰোপৰি প্ৰাৰ্থীসকলৰ Council of Architectureত নাম পঞ্জীয়নভুক্ত হ'ব লাগিব।

আটাই কেইটা পদৰ বাবে প্ৰাৰ্থীসকলৰ বয়সৰ ২১ জানুৱাৰী, ২০২৩লৈ ২৭ বছৰৰ অধিক হ'ব নোৱাৰিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে বয়সৰ ক্ষেত্ৰত বিধিগত ৰেহাই লাভ কৰিব। এই পদসমূহৰ বাবে আবেদন কৰা চাকৰি প্ৰাৰ্থীসকলে আবেদন মাচুল হিচাপে ৩৩০ টকা আদায় দিব লাগিব। এছ চি, এছ টি, বিদ্যাংগ, মহিলা, প্ৰাক্তন কৰ্মচাৰী, মৃত কৰ্মচাৰীৰ পৰিয়ালৰ সদস্য আৰু আৰ্থিক ভাৱে পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীয়ে এই আবেদন মাচুল পৰিশোধ কৰিব নালাগে।

লগতে পঢ়ক- 

নিমিষতে ধৰা পৰিব পশুৰোগ, বাঢ়িব দুগ্ধ উৎপাদনঃ কি এই প্ৰযুক্তি?

English Summary: airport authority of India

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.