1. News

আফ্ৰিকান ছোৱাইন ফিভাৰ আৰু গাহৰি পালকসকলে ল’বলগা সাৱধানতা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
African swine fever and precautions
African swine fever and precautions

গাহৰি উদ্যোগৰ বাবে মৃত্যু ঘন্টা বজোৱা আফ্ৰিকান ছোৱাইন ফিভাৰে ২০১৮ চনত চীনদেশত মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ পাছতে লাহেকৈ তিব্বতৰ মাজেদি আহি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ অঞ্চলসমূহত ই তাণ্ডৱৰ সৃষ্টি কৰে। দুৰ্ভাগ্যবশতঃ নতুনকৈ আক্ৰান্ত গাহৰিবোৰ খুব কম সময়ৰ ভিতৰতে মৃত্যু মুখত পৰে ।

মৃত্যুৰ আগতে সাধাৰণতে আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰাৰম্ভিক লক্ষণবোৰ এনেধৰণৰ হয় :

১. অতিপাত জ্বৰ

২. শ্ৰী হীনতা আৰু খাবলৈ মন নকৰা

৩. দুৰ্বলতা

৪. পালছ ৰেট অস্বাভাৱিক ভাৱে বাঢ়ি যোৱা

৫. সাধাৰণতে উঠিব নোৱাৰে আৰু উঠিলেও অস্বাভাৱিক ভাৱে কপি থকা

৬. তেজ যুক্ত ডায়েৰিয়া আৰু বমি

৭. গাৰ বিভিন্ন অংশত ৰঙা দাগ

৮. বগা ৰঙৰ গাহৰিবোৰৰ নাকৰ তলৰ অংশ, থুতৰি , কাণ আদিবোৰ বেঙুনীয়া-নীলা হৈ পৰা

৯. চকু আৰু নাকৰ পৰা অস্বাভাৱিক ভাৱে পানী ওলোৱা

১০. প্ৰায়বোৰ গাহৰি একেলগে ঠিয় হৈ কপি থকা

১১. উশাহ-নিশাহ লোৱাত কষ্ট হোৱা

১২. কমা অৱস্থালৈ গৈ ৬ ৰ পৰা ১৪ দিনৰ ভিতৰত মৃত্যু মুখত পৰা ।

লগতে পঢ়ক-

উদঙীয়া গৰুৰ যমকাল Bio Liquid Spray Herboliv+

এই ৰোগটো বিয়পাৰ মাধ্যম‌ অলেখ । এটা আক্ৰান্ত গাহৰিৰ মল, মূত্ৰ, মাংস সকলোৰে পৰা এই ভাইৰাছ বিয়পিব পাৰে । মলত ১১ দিনলৈ ভাইৰাছ বিধ জীয়াই থকাৰ বিপৰীতে মাংস আৰু মাংসজাত সামগ্ৰীত ই মাহৰ পৰা বছৰ পৰ্য্যন্ত জীয়াই থাকি বেমাৰ বিয়পাব পাৰে। মাংসভোজী জীৱ-জন্তুৱে বা মাংসাহাৰী চৰায়ে সাধাৰণতে মৰা গাহৰিৰ মাংস খাই সুস্থ জন্তুলৈ এই বেমাৰ কঢ়িয়ায় । আনহাতে, কেইবিধমান পতংগৰ কামোৰৰ মাধ্যমেৰেও ই বিয়পে । এজন লোকে যদি কোনো আক্ৰান্ত গাহৰিৰ সংস্পৰ্শলৈ অহাৰ পাছত এখন সুস্থ ফাৰ্মলৈ যায় তেন্তে তেখেতৰ হাত-ভৰি, কাপোৰ, জোতা চেণ্ডেল আনকি বাহনৰ টায়াৰ কেইটাৰ পৰাও সংক্ৰমণ হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে । আক্ৰান্ত, মৰা গাহৰি পানী বা নদীত পেলাই দিয়াৰ ফলত সেই পানী খিনিয়ে ভয়াবহ ৰূপত ৰোগটো বিয়পায় ।

অতি ভয়াবহ কথাটো হৈছে এই ৰোগটো যদিও প্ৰায় ১২০ বছৰৰ আগতেই ধৰা পৰিছিল যদিও বৰ্তমানলৈকে ইয়াৰ কোনো ভেকচিন আৱিষ্কাৰ হোৱা নাই । আনহাতে ইয়াৰ কোনো ধৰণৰ চিকিৎসাও নাই । প্ৰায় ১০০ শতাংশ মৃত্যু নিশ্চিত । কেনেবাকৈ এটা দুটা গাহৰি বাচি গ'লেও ই জীয়াই থকালৈকে বাহক হিচাপে কাম কৰি বেলেগলৈ এই বেমাৰটো বিয়পাই থাকিব পাৰে যিটো বেছি হে ভয়ানক । গতিকে জন্তু এটা এই বেমাৰত আক্ৰান্ত হোৱা বুলি নিশ্চিত হ'লে ই তাক মাৰি , বীজাণু নাশক ব্যৱহাৰ কৰি পুতি থোৱাৰ বাহিৰে কোনো গত্যন্তৰ নাই ।  ৰোগটোক প্ৰতিৰোধ কৰাৰ একমাত্ৰ উপায় হ'ল জৈৱ সুৰক্ষা আৰু চাফ-চিকুণতা । পৰাপক্ষত ৰোগ চলি থকাৰ সময়ছোৱাত নতুন গাহৰি ফাৰ্মখনলৈ অনাৰ পৰা সম্পূৰ্ণ বিৰত থাকিব লাগে । কিবা এৰাব নোৱাৰা কাৰণত নতুন গাহৰি আনিলেও সেইখিনি দূৰণিৰ জেগাত অতি কমেও এমাহৰ বাবে কোৱাৰেন্টাইনত ৰাখিব লাগে । সেইখিনি গাহৰি যিজনে চোৱা-চিতা কৰে তেখেতে পুৰণি জন্তখিনিৰ পৰা সম্পূৰ্ণ নিলগত থাকিব লাগে । কোনো বাহিৰৰ মানুহক ফাৰ্মত সোমাব দিব নালাগে । যিখিনি পালকে ফাৰ্ম হিচাপে গাহৰি নাৰাখি মুকলিকৈ ৰাখে তেখেতসকলে এইসময়ছোৱাত জন্তু খিনি বান্ধি ৰাখিব লাগে । পতংগৰ পৰা হোৱা সংক্ৰমণ ৰোধিবলৈ মাখি নাশক দ্ৰব্য, Pour on আদি ব্যৱহাৰ কৰিব পাৰে । Ivermectin বা Moxidectin জাতীয় বেজীও ব্যৱহাৰ কৰিব পাৰে। মৰা গাহৰি ভুলটো বাহিৰত বা পানীত পেলাব নালাগে । বহু ক্ষেত্ৰত চিকিৎসা কৰ্মী সকলৰ ভুলটো এই বেমাৰ বিয়পে । এখন ফাৰ্মত চিকিৎসা কৰি একেখিনি কাপোৰ কানি, জোতা পিন্ধি বেলেগ এখন ভাল ফাৰ্মলৈ চিকিৎসা কৰিবলৈ যাওঁতে কেতিয়াবা অজানিতে এই বেমাৰ বিয়পাব পাৰে, গতিকে চিকিৎসা কৰ্মী সকলো এই ক্ষেত্ৰত দায়বদ্ধ হ'ব লাগে ।

লেখক- ডা: মৃন্ময় চুতীয়া, অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ পশু চিকিৎসা বিষয়া

লগতে পঢ়ক- 

Contagious Ecthyma ৰোগৰ সাৱধানতা আৰু প্ৰতিকাৰ

 

English Summary: African swine fever and precautions

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.