1. স্বাস্হ্য আৰু জীৱন

শুকলতি (পাচাউলি) শাকৰ উপকাৰিতাসমূহ জানো আহক

KJ Staff
KJ Staff
Patchouli health benefits
Patchouli health benefits

   মূৰৰ বিষত, মাইগ্ৰেণ বেমাৰ ইয়াৰ শুকলতি পাতৰ আঞ্জা অতিকৈ উপকাৰী। শুকলতিৰ পাত পুষ্টিকৰ, ছাল সুন্দৰ, দৃষ্টিশক্তি বৃদ্ধি আৰু স্নায়ু সৱল কৰে|

   শুকলতি এবিধ বহুবৰ্ষী গোন্ধযুক্ত জোপোহা উদ্ভিদ| ইয়াৰ পাতবোৰ বহল জবা ফুলৰ গছৰ পাতৰ লেখীয়া, পাতৰ আগত চুটি শুং থাকে। শুকলতিৰ পাত ১৫ ছে:মি: পর্য্যন্ত দীঘল আৰু ৮ ছে:মি: বহল হয়৷ ইয়াৰ ফুলবোৰ বগা আৰু পাতল গুলপিয়া ৰঙৰ হয়৷ মূল কাণ্ডৰ পৰা সৰু ঠাল ঠেঙুলি বাঢ়ি আহে।

   শুকলতি শাক আমাৰ অসমীয়া সমাজৰ এক পৰিচিত আৰু প্রিয় খাদ্য। বিশেষকৈ গ্ৰাম্য অঞ্চলৰ লোকসকলৰ বাবে, বোধকৰো ইয়াৰ আঞ্জা খাই বেয়া পোৱা কোনো নাই। সেইকাৰণেই গ্রাম্য অঞ্চলৰ লোকৰ ঘৰে ঘৰে শুকলতিৰ গছ দেখা পোৱা যায়। শুকলতিৰ পাতেৰে মাছৰ আঞ্জা বনালে অধিক সোৱাদ হয় আৰু তৃপ্তিৰে ভাত এসাঁজ খাব পাৰি।ইয়াৰ বাহিৰেও শুকলতি পাত ভাজি, পাতত দি, কেঁচা ৰসো খাব পাৰি।

আৰু পঢ়ক- আপুনি পাচাউলি খেতি কৰিব আগ্রহী নেকি? তেন্তে এনেদৰে সহজতে কৰক পুলি উৎপাদন

    বহাগৰ বিহুৰ ১০১ বিধ শাক খোৱাৰ পৰম্পৰাত শুকলতি পাতো এবিধ। ইয়াৰ উপৰিও বহাগৰ বিহুত গৰু জাক দিয়াত শুকলতি পাত ব্যৱহাৰ কৰা হয়।

শুকলতি পাতৰ উপকাৰিতা (Benefit of patchouli):

  • মূৰৰ বিষত, মাইগ্ৰেণ বেমাৰ ইয়াৰ শুকলতি পাতৰ আঞ্জা অতিকৈ উপকাৰী।
  • শুকলতিৰ পাত পুষ্টিকৰ, ছাল সুন্দৰ, দৃষ্টিশক্তি বৃদ্ধি আৰু স্নায়ু সৱল কৰে|
  • শুকলতিৰ পাতৰ ৰস গ্ৰহনী ৰোগৰ বা পেটৰ যি কোনো ৰোগৰ বাবে বৰ উপকাৰী।
  • কেঁচা নহৰুৰ সৈতে শুকলতিৰ পাতৰ ৰস খালে গাঠিৰ বিষ, হাড় মজবুত হয়।
  • শুকলতিৰ পাতে কোষ্ঠ কাঠিন্য দূৰ কৰে|
  • মহিলাই প্ৰসৱৰ পাছত শুকলতিৰ পাতৰ আঞ্জা বা পাত গ্রহণ কৰিলে, দেহত শক্তি, পেটৰ বিষ আৰু ঘাঁ সোনকালে শুকুৱাই৷
  • শুকলতিৰ পাতে দাঁত ফুলা, বদহজম, পেট ফুলা, পেটত ঘাঁ হোৱা, ডায়েৰীয়া, বমি হোৱা, হৃদৰোগৰ বাবে উপকাৰী।
  • ডায়েৰীয়া, পেটচলা বেমাৰত ইয়াৰ পাতৰ ৰস দুই চামুচ নিয়মিত দিনে দুবাৰকৈ খাব লাগে। 
  • শুকলতিৰ শিপাৰ ৰসেৰে বাত বেমাৰত মালিচ কৰিলে ভাল হয়।
  • হাত-ভৰি ফুলিলে শুকলতিৰ পাতে বিষ কমোৱাত সহায় কৰে।
  • শুকলতিৰ পাত হৃদৰোগ আৰু কিডনী ৰোগীৰ বাবে অতি উপকাৰী।
  • শুকলতিৰ পাতে মানসিক চাপ (stress), দুচিন্তা, ভাৱনা কিছু সময়ৰ বাবে হলেও দূৰ কৰিব পাৰে।
 আৰু পঢ়ক- ভোট জলকীয়া খেতিয়ক সকলে তলত দিয়া কথা কেইটা বিশেষভাৱে মন কৰিব লাগে
English Summary: Some impressive health benefits of patchouli

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.