1. স্বাস্হ্য আৰু জীৱন

আখুনিঃ যাৰ গোন্ধ পালেই ভোক লাগে নগা লোকৰ

Mrigakshi Phukan
Mrigakshi Phukan
AXONE
AXONE

উত্তৰপূব ভাৰতৰ জনজাতীয় খাদ্য সম্ভাৰৰ বিচিত্ৰতাই সকলোকে আকৰ্ষিত কৰি আহিছে। বৰ্তমান সময়ত বিভিন্ন জনজাতিৰ পৰম্পৰাগত খাদ্যাভ্যাস ইণ্টাৰনেটৰ জড়িয়তে আন ঠাইৰ লোকৰ বাবেও পৰিচিত হৈ পৰিছে। নাগালেণ্ডত বহুলভাৱে প্ৰচলিত আখুনি তেনে এবিধ খাদ্য যি কিছুদিন আগলৈকে উত্তৰ পূৰ্বাঞ্চলতে অধিকসংখ্যক লোকৰ বাবে পৰিচিত নাছিল। অৱশ্যে এতিয়া এইবিধ খাদ্য দেশৰ চুকে কোণে পৰিচিত হৈ পৰিছে।

আখুনি বা গোৰাই থোৱা (fermented) ছ'য়াবীন নাগালেণ্ডত আৰু উত্তৰ-পূব ভাৰতৰ বিভিন্ন অঞ্চল আৰু ইয়াৰ বাহিৰতো বহু লোকে থলুৱাভাৱে প্ৰস্তুত কৰে আৰু খায়। আখুনি হৈছে নাগালেণ্ডৰ এবিধ গোৰাই থোৱা ছ'য়াবীন যাৰ এক অনন্য গোন্ধ আৰু সোৱাদ আছে। গাহৰিৰ মাংস, মাছ, কুকুৰা, বা আন মাংস ৰান্ধোতে ইয়াক ব্যৱহাৰ কৰা হয়। লগতে আচাৰ আৰু চাটনি হিচাপেও ইয়াক প্ৰস্তুত কৰি খোৱা হয়।

 উত্তৰ-পূব ভাৰতৰ "জাতিগত" খাদ্যৰ উত্থান আৰু মূলসুঁতিৰ ওপৰত নৃতাত্ত্বিক গৱেষণা কৰা ইতিহাসবিদ আৰু নৃতত্ত্ববিদ আদিত্য কিৰণ কাকতিৰ মতে আখুনিয়ে শাক-পাচলিকে ধৰি যিকোনো ৰন্ধা-বঢ়াত অধিক সোৱাদ যোগ কৰে।

সমগ্ৰ নাগালেণ্ডতে আখুনি ৰান্ধি খোৱা হয় যদিও চুমি (ছেমা নামেৰেও জনাজাত) জনগোষ্ঠীৰ মাজত ইয়াৰ জনপ্ৰিয়তা বেছি। ডিমাপুৰৰ এথনিক টেবল ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী আকেটোলি জিমোমিৰ মতে, "তেওঁলোকে ইয়াক প্ৰতিটো খাদ্যতে ব্যৱহাৰ কৰে।"

 কিৰণে আখুনিৰ জনপ্ৰিয়তাৰ কাৰণ এটা সম্প্ৰদায়ৰ সাধাৰণ খাদ্যৰ প্ৰয়োজনীয়তা বুলি কয়। "চাউলৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল সংস্কৃতিত মছলাই মুখ্য ভূমিকা গ্ৰহণ কৰে। আখুনি খাদ্যৰ মূল কেন্দ্ৰবিন্দু হ'বলৈ হ'লে ই সাধাৰণতে ইন্দ্ৰিয়সমূহক উত্তেজিত কৰা কিবা এটা হ'ব লাগিব– উদাহৰণস্বৰূপে নিমখীয়া, টেঙা, বা ফাৰমেণ্ট কৰা।"

আখুনি কেনেকৈ বনাব?

আখুনি দুটা পৃথক ধৰণে তৈয়াৰ কৰিব পাৰি: শুকানকৈ বা পেষ্টৰ দৰে। দুয়োটাৰে প্ৰস্তুতিৰ প্ৰয়োজনীয়তা একেধৰণৰ। জিমোমিয়ে কয়, "আমি ৰাতিটো কিছু কোমল হোৱাকৈ আখুনি তিয়াই থৈ দিওঁ। তাৰ পাছত পানী নিগৰাই কলপাতত বান্ধি বাঁহৰ পাত্ৰত ৰাখোঁ।''

তাৰ পিছত ইয়াক পাকঘৰত জুইৰ ওপৰত ৰাখি ফাৰমেণ্ট কৰা প্ৰক্ৰিয়া আৰম্ভ কৰা হয়। পাকঘৰত জুইশাল থকা গাঁৱৰ বিপৰীতে চহৰ অঞ্চলত সম্পূৰ্ণ ৰ’দত বেলকনিত খাদ্য সংৰক্ষণ কৰি ফাৰমেণ্ট কৰিব পাৰি।

 তাৰ পাছত ফাৰমেণ্ট কৰা বীনবোৰ গুড়ি কৰি পিঠালৈ ৰূপান্তৰিত কৰি কলৰ পাতেৰে ঢাকি জুইশালৰ ওচৰত ৰাখি থ'ব লাগে। কুকুৰা, গাহৰিৰ মাংস, মাছ আদি উপাদান ব্যৱহাৰ কৰি তৰকাৰী খাদ্য আৰু ষ্টু তৈয়াৰ কৰিবলৈ আখুনি ব্যৱহাৰ কৰা হয়। ফাৰমেণ্ট কৰাৰ বাবে এক ব্যতিক্ৰমী গোন্ধ আখুনিত পোৱা যায়। ঝিমমিয়ে জনোৱা মতে আখুনি শব্দটো নগাসকলৰ চুমি উপভাষাৰপৰা আহিছে। 'আখু' মানে গোন্ধ আৰু 'নি' মানে শক্তিশালী। অৰ্থাত আখুনিৰ শক্তিশালী গোন্ধটোকে ইয়াৰ নামটোৱে প্ৰতিনিধিত্ব কৰে। বহুতৰ বাবে এই গোন্ধ অসহ্যকৰ যদিও আখুনিৰ গোন্ধ পালেই নগা লোকসকলৰ ভোক লাগে বুলি ঝিমমিয়ে জনায়। 

লগতে পঢ়কঃ নহৰুৰ বিভিন্ন উপকাৰিতা সম্পৰ্কে জানো আহক

English Summary: AXONE RECIPE

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.