1. Government Schemes

৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে

RAHUL ALI
RAHUL ALI
Pradhan Mantri Matsya Sampada Yojana
Pradhan Mantri Matsya Sampada Yojana

Pradhan Mantri Matsya Sampada Yojana- কেন্দ্ৰীয় চৰকাৰে ২০২৪-২৫ বৰ্ষৰ ভিতৰত মাছৰ উৎপাদন ২২০ লাখ মেট্ৰিক টনলৈ বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছে। এই লক্ষ্য পূৰণ কৰিবলৈ, চৰকাৰে বিভিন্ন আঁচনি আৰু পদক্ষেপ হাতত লৈছে। আনহাতে, ভাৰতৰ কৃষকসকলেও মীন পালন, পশুপালন আৰু মৌ পালনৰ প্ৰতি আগ্রহ দেখুৱাইছে। সেয়েহে, কেন্দ্ৰীয় চৰকাৰে কৃষকসকলক বিভিন্ন স্তৰত সহায় কৰি আছে, যাতে তেওঁলোকৰ উপাৰ্জন বৃদ্ধি কৰিব পৰা যায়।

মীন খণ্ডৰ বিকাশ আৰু উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে 'প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা' আৰম্ভ কৰে। এই আঁচনিৰ অধীনত, চৰকাৰে মৎস পালনৰ ব্যৱসায় আৰম্ভ কৰিবলৈ অনুদান বা ৰাজসাহায্যৰ ৰূপত সহায় আগবঢ়ায়। উদাহৰণ স্বৰূপে, যদি আপুনি এই আঁচনিৰ অধীনত এটা গোট স্থাপন কৰিছে, তেন্তে আপুনি সহায় হিচাপে কেন্দ্ৰীয় চৰকাৰৰ পৰা ব্যয়ৰ 40 শতাংশ লাভ কৰিব। তদুপৰি, অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু মহিলা হিতাধিকাৰীৰ দৰে সংৰক্ষিত শ্ৰেণীবোৰে অনুদান হিচাপে ব্যয়ৰ 60 শতাংশ লাভ কৰিব পাৰে।

লক্ষ্য 2024-25: 220 লাখ মেট্ৰিক টন উৎপাদন কৰা 

2019 চনত, ভাৰতত মাছ উৎপাদন আছিল প্ৰায় 137.58 লাখ মেট্ৰিক টন। চৰকাৰে ২০২৪-২৫ বৰ্ষৰ ভিতৰত ইয়াক মুঠ ২২০ লাখ মেট্ৰিক টনলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছে। সেয়েহে, মাছমৰীয়া, মাছ পালক, মাছ শ্ৰমিক, মাছ বিক্ৰেতাসকলৰ কল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে 20,050 কোটি টকা বিনিয়োগ কৰিছে।

মীন খণ্ডৰ সম্ভাৱনা বৃদ্ধি কৰাৰ পৰিকল্পনা

  • নতুন প্ৰযুক্তিগত উদ্ভাৱন আৰু উন্নত মাছ ধৰা কৌশলৰ জৰিয়তে মাছৰ উৎপাদন বৃদ্ধি কৰা।

  • ৰপ্তানি খণ্ডত মীন খণ্ডৰ অংশ বৃদ্ধি কৰা আৰু লগতে GVAলৈ মীন খণ্ডৰ অৱদান 9% লৈ বৃদ্ধি কৰা।

  • মাছমৰীয়া আৰু মাছ পালকসকলৰ বাবে সামাজিক, শাৰীৰিক আৰু অৰ্থনৈতিক সুৰক্ষা নিশ্চিত কৰা।

  • এক শক্তিশালী মীন পালন ব্যৱস্থাপনা আৰু নিয়ামক পৰিকাঠামো নিৰ্মাণ কৰা।

  • মাছ মৰা সম্প্ৰদায়ৰ উপাৰ্জন দুগুণ কৰা।

 মীন পালন খণ্ডত ৰপ্তানি বৃদ্ধি কৰাৰ কাৰণ

এই মুহূৰ্তত, ভাৰত চৰকাৰে মাছৰ ৰপ্তানিৰ পৰা বছৰি 46,589 কোটি টকা উপাৰ্জন কৰি আছে। কিন্তু ২০২৪-২৫ বৰ্ষৰ ভিতৰত মীন পালন খণ্ডৰ বৃদ্ধিৰ বাবে চৰকাৰে নির্ধাৰণ কৰা লক্ষ্য পাবলৈ, দেশৰ কৃষকসকলক মাছ পালন কৰিবলৈ উৎসাহিত কৰা হৈছে কিয়নো কেন্দ্ৰই মাছ ৰপ্তানিৰ পৰা ১ লাখ কোটি লাভ অৰ্জনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। তদুপৰি, এই আঁচনিৰ জৰিয়তে গাওঁসমূহত নিযুক্তি বৃদ্ধি কৰাৰ উদ্দেশ্য ৰখা হৈছে। 

কেনেদৰে আবেদন কৰিব?

এই আঁচনিখন কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ সমূহৰ জৰিয়তে পৰিচালনা কৰে। আগ্ৰহী সকলে ৰাজ্যৰ মীন বিভাগৰ ৱেবছাইট পৰিদৰ্শন কৰি এই আঁচনিৰ লাভালাভ ল'ব পাৰে। তদুপৰি, যদি আপুনি এই আঁচনিখনৰ বিষয়ে অধিক তথ্যৰ প্ৰতি আগ্ৰহী, তেন্তে আপুনি নিম্নলিখিত লিংকটো দৰ্শন কৰিব পাৰে: http://dof.gov.in/pmmsy

লগতে পঢ়ক-

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ২০০০ টকাৰ পৰৱৰ্তী কিস্তি কেতিয়া আহিব কৃষকৰ একাউণ্টত?

English Summary: Pradhan Mantri Matsya Sampada Yojana

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.