1. কৃষি সঁজুলি

Modern Agri Machinery – কম সময়ত কৃষিত দুগুণ লাভ পাবলৈ এই কেইটা যন্ত্ৰ ব্যৱহাৰ কৰক

KJ Staff
KJ Staff
Transplanter
Transplanter

বর্তমান সময়ৰ পৰিস্থিতিৰ সৈতে খোজ মিলাবলৈ পৰম্পৰাগত কৃষি পদ্ধতিৰ ঠাইত আধুনিক কৃষি পদ্ধতি ব্যৱহাৰৰ প্রয়োজন আহি পৰিছে। লগে লগে আধুনিক কৃষি যন্ত্ৰপাতি সংযোজনৰ প্রাসংগিকতা আহি পৰিছে। ইয়াৰ ফলত কৃষকৰ শ্রম আৰু সময় হ্রাস হোৱাৰ লগতে আয় বৃদ্ধি পাব। তাৰোপাৰি এজন কৃষকে একে সময়তে তাতোধিক শস্য উৎপাদন কৰিব সক্ষম।

 গতিকে কৃষিযান্ত্ৰিককৰণ অপৰিহাৰ্য। কিন্তু আজি আমি আমাৰ ৰাজ্যৰ কৃষকসকলৰ বাবে কোনবোৰ যন্ত্ৰ অধিক উপযুক্ত হ'ব বা কোনবোৰ যন্ত্ৰই তেওঁলোকক কম খৰচত কৃষিক্ষেত্ৰত সহায় কৰিব সেই বিষয়ে তথ্য প্ৰদান কৰিম।

নিৰন্তৰ জনসংখ্যা বৃদ্ধি আৰু খাদ্য সুৰক্ষাৰ বাবে কৃষিৰ উৎপাদন বৃদ্ধি কৰাটো অতি গুৰুত্বপূৰ্ণ। উন্নত কৃষি যন্ত্ৰৰ লগতে উন্নত প্ৰকাৰৰ বীজ, সাৰ, জলসিঞ্চন আদিৰ গুৰুত্ব উৎপাদন বৃদ্ধিৰ বাবে অপৰিসীম। যিদৰে উন্নত যন্ত্ৰই খেতিৰ ব্যয় আৰু সময় ৰাহি কৰে, ই উৎপাদন আৰু শস্যৰ মানদণ্ডও বৃদ্ধি কৰে।

ভাৰতীয় কৃষিত শস্য উৎপাদন বৃদ্ধি কৰা আৰু শ্ৰম হ্ৰাস কৰা কেইটামান আধুনিক যন্ত্ৰৰ ওপৰত এবাৰ চকু ফুৰাওঁ আহক।

আৰু পঢ়ক- Pearls Farming - কেনেদৰে কৰিব মুক্তা খেতি? মুক্তাৰ ব্যৱসায় কৰি কোটি পতি হওঁক

ৰবটিক লেটুচ হাৰ্ভেষ্টাৰ -

হুভাৰ এক্সএল হৈছে এক শক্তিশালী যন্ত্ৰ (Hoover XL), এই যন্ত্ৰটো চতুৰ্থ পৰিসৰৰ উৎপাদকৰ বাবে ডিজাইন কৰা হৈছে। কবি জাতীয় শস্য কাটিবলৈ সমস্যা আৰু সময় হ্ৰাস কৰিবলৈ ইয়াত 4 টা ষ্টিয়েৰিং হুইলৰ সৈতে চাইড শ্বিফ্টিং কাটিং বাৰ লগোৱা হয়।

স্বয়ংক্ৰিয় গৰু গাখীৰ খেৰোৱা যন্ত্ৰ (Automatic cow milking machine) -

আমাৰ দেশত, মুখ্য ধান খেতি আৰু গোমৰ উপৰিও, বহুলোকে গৰু পালনৰ জৰিয়তে জীৱিকা অৰ্জন কৰে। গৰুৰ গাখীৰ স্বয়ংক্ৰিয় গৰু গাখীৰ যন্ত্ৰৰ জৰিয়তে খেৰোৱা বহুত সহজ। এই যন্ত্ৰটো দেশত গাখীৰ উৎপাদন বৃদ্ধি কৰি কৃষিৰ উৎপাদনশীলতা বৃদ্ধিত সহায়ক।

পুলি ৰোপন কৰা যন্ত্ৰ (Transplanter)

   এই যন্ত্ৰৰ সহায়ত বীজ ৰোপন কৰাৰ দৰে গছ পুলি ৰোপন কৰিব পাৰি। ইয়াৰ সহায়ত অতি সহজে নিদিৰ্ষ্ট দূৰত্বত সম্পূৰ্ণ স্বয়ংক্রীয়ভাৱে পুলি ৰোপন কৰিব পাৰিব। ইয়াক ট্ৰেক্টৰ (tractor) সৈতে সংলগ্ন কৰি খেতিপথাৰত ব্যৱহাৰ কৰিব পাৰোঁ। Transplanter মূল্য প্ৰায় ২ লাখৰ পৰা পোৱা যায়।

চিদ ড্ৰিলছ (Seed Drills)

   বৰ্তমান আধুনিক কৃষি পদ্ধতিত সকলো খেতি বিজ্ঞানসন্মতভাৱে কৰা হয়। সেই পৰিপেক্ষিতত গছ পুলি বা বীজ ৰোপন কৰিবলৈও বিজ্ঞান সন্মত পদ্ধতি ব্যৱহাৰ কৰা উচিত। এই ক্ষেত্ৰত Seed Drills Machine ব্যৱহাৰ কৰা উচিত। এই যন্ত্ৰৰ সহায়ত আপুনি বীজবোৰ মাটিত নিৰ্দিষ্ট গভীৰতাত আৰু নিদিষ্ট দূৰত্বত ৰোপন কৰিব পাৰিব। এই যন্ত্ৰ আপুনি ট্ৰেক্টৰৰ লগত সংলগ্ন কৰি ব্যৱহাৰ কৰিব পাৰে।

ইয়াক প্ৰায় ২০ হাজাৰ টকাৰ পৰা পোৱা যায়। আনহাতে সৰু হাতেৰে ব্যৱহাৰ কৰিব পৰা যন্ত্ৰ আছে যাৰ মূল্য প্ৰায় ৩ হাজাৰৰ পৰা আৰম্ভ হয়।

আৰু পঢ়ক- Eggs of the Sun Mango: বাংলাদেশত কৰা হৈছে বিশ্বৰ আটাইতকৈ দামী আমৰ খেতি 'সূর্যডিম'
Seed Drills
Seed Drills

সাৰ স্প্ৰেদাৰ (Manure Spreader)

   ই খেতিপথাৰত সাৰ দিবলৈ ব্যৱহাৰ কৰা এখন বাহন, যাক ট্ৰেক্টৰৰ লগত সংলগ্ন কৰিব পাৰি। এই বাহন খেতিৰ বাবে অতিকৈ প্ৰয়োজনীয় কাৰণ বৰ্তমান সময়ত সকলোধৰণৰ শস্যতে সাৰ প্ৰয়োগ গুৰুত্বপূৰ্ণ হৈ পৰিছে। ইয়াৰ মূল্য প্ৰায় ৫০ হাজাৰৰ পৰা উপলব্ধ।

হাৰ্ভেষ্টাৰ (Harvester)

হাৰ্ভেষ্টাৰ এটা বৃহৎ শক্তিশালী বাহন, যত কেইবাটাও যন্ত্ৰ সংযোগ কৰিব পৰা যায়। ইয়াৰ সহায়ত শস্য চপোৱা হয়। Harvester সহায়ত সহজতে কম সময়ত অধিক শস্য চপাব পাৰি। ইয়াক ধান, ঘেঁহু আদি খেতিত ব্যৱহাৰ কৰিব পাৰি।

ইয়াৰ মূল্য প্ৰায় ২০ লাখৰ পৰা আৰম্ভ হয়। আনহাতে চাহপাত চিঙিবৰ বাবে যি যন্ত্ৰ ব্যৱহাৰ কৰা হয় তাৰ মূল্য প্ৰায় ৩০ হাজাৰ পৰা আৰম্ভ হয়।

আৰু পঢ়ক- এমাহৰ ভিতৰত কেনেদৰে ওজন বৃদ্ধি কৰিব পাৰি জানক সহজ পদ্ধতি (How to weight gain in a month)
Harvester machine
Harvester machine

ব্ৰুচ কাটাৰ (Brush Cutter)

  এইটো এটা সাধাৰণ যন্ত্ৰ কিন্তু অতিকৈ উপযোগী যন্ত্ৰ। ব্ৰুচ কাটাৰ সহায়ত আপুনি ধান খেতি বা সৰু গছ বা অন্য তৃণ জাতীয় গছ কাটিব পাৰি। ই অসমৰ ধান খেতিয়কৰ বাবে আধুনিক খেতিৰ সঁজুলি হিচাপে অতিকৈ প্ৰয়োজনীয় আৰু লাভজনক হব। ইয়াক প্ৰায় ৬ হাজাৰ টকাত পাব পাৰি।

স্পিৰিকলাৰ (Sprinkler)

এইটো এটা খেতিৰ বাবে অপৰিহায্য সামগ্ৰী। ইয়াৰ সহায়ত খেতি পথাৰত পানী দিয়া সহজ হয়। ইয়াৰ সহায়ত আপুনি খেতিডৰাত বৰষুণৰ দৰে সকলো ঠাইতে ভালদৰে পানী ছটিয়াব পাৰে। আধুনিক খেতি পদ্ধতিত ই এটা অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ মূল্য বেছি নহয়, প্ৰায় ১০০ টকা মানতে পাব পাৰে।

আৰু পঢ়ক- 10 আটাইতকৈ লাভজনক পশুপালন ব্যৱসায় ধাৰণা (10 Most Profitable Livestock Farming Business Ideas)
English Summary: modern agri machinery use this machine to get double profit in agriculture in less time

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.