1. পশুপালন

শহাপহু পালন কৰি এবছৰতে হওক লাখপতি

Mrigakshi Phukan
Mrigakshi Phukan
rabbit
rabbit

কৃষক আৰু পশুপালকসকলে তেওঁলোকৰ প্ৰগতিৰ বাবে সকলো প্ৰকাৰে চেষ্টা চলাই আছে। তেওঁলোকে নিজাববীয়াকৈ বহু ধৰণৰ ব্যৱসায়ো কৰে। কিন্তু তথ্যৰ অভাৱত তেওঁলোকে লাভালাভ কৰিবলৈ সক্ষম নহয়। আজি আমি আপোনালোকক এনে এটা ব্যৱসায়ৰ বিষয়ে ক’ম য’ৰপৰা আপুনি লাখ লাখ টকা উপাৰ্জন কৰিব পাৰে। সেই ব্যৱসায়ৰ নাম শহাপহু পালন।

শহাপহু পালনৰ বাবে ব্যৱসায়ত প্ৰথমে ৪ লাখ টকা বিনিয়োগ কৰিব লাগিব। ইয়াৰ পাছত মাত্ৰ এবছৰৰ ভিতৰতে দুগুণ ধন উপাৰ্জন কৰিব পাৰিব। এতিয়া আপুনি হয়তো ভাবিছে যে শহাপহু পালনৰ পৰা কেনেকৈ লাভৱান হ’ব! জানিবলগীয়া যে শহাপহুৰ নোমৰপৰা ঊল তৈয়াৰ কৰা হয় আৰু মাংস হিচাপেও ইয়াৰ চাহিদা আছে। শহাপহু পালনৰ ব্যৱসায় ইউনিট অনুসৰি কৰা হয়, য’ত এটা ইউনিটত ৩টা মতা শহাপহু আৰু ৭টা মাইকী শহাপহু থাকে।

কিমান খৰচ হ’ব?

যদি আপুনি ১০ ইউনিট শহাপহু পালন আৰম্ভ কৰে তেন্তে ইয়াৰ বাবে ২ লাখ টকা খৰচ হ’ব।

এটা শহাপহুৰ গড়ালৰ দাম হ’ব প্ৰায় ১.৫ লাখ টকা আৰু পিঞ্জৰাৰ দাম হ’ব ১ৰ পৰা ১.২৫ লাখৰ ভিতৰত। বিশেষ কথাটো হ’ল মাইকী শহাপহুটোৱে ৩০ দিনত ৬-৭টা পোৱালি জন্ম দিয়ে। জন্মৰ প্ৰায় ৪৫ দিন পাছত পোৱালিৰ ওজন ২ কেজি হয়, যিটো বজাৰত বিক্ৰী কৰিবলৈ উপযোগী।

২ লাখ টকা পৰ্যন্ত খৰচ কিয় হ’ব জানেনে? শহাপহুটো ৰাখিবলৈ এটা টিনপাতৰ ঘৰ বনাব লাগিব। ইয়াৰ ব্যয় হ’ব ১.৫ লাখ টকা। শহাপহুৰ বাবে এটা পিঞ্জৰা বনাব লগা হৈছে আৰু ইয়াৰ বাবে খৰচ হ’ব ডেৰ লাখ টকা। এটি মাইকী শহাপহুৱে গৰ্ভধাৰণৰ ৩০ দিনৰ পাছত ৬-৭টা পোৱালি জন্ম দিয়ে। ৪৫ দিনৰ পিছত পোৱালিবোৰৰ ওজন ২ কেজি হয়, তাৰ পিছত আপুনি বিক্ৰী কৰিব পাৰে।

লাভ কেনেকৈ হয়?

এটা মাইকী শহাপহুৱে এবছৰত প্ৰায় ৭টা সন্তান জন্ম দিয়ে। এটা ইউনিটত ৭ টা মাইকী শহাপহু থাকে। যদি এটা শহাপহুৱে গড়ে ৫টা সন্তান জন্ম দিয়ে তেন্তে বছৰত ১০টা ইউনিটৰ পৰা শহাপহুৰ সংখ্যা ৩০০ৰ ওপৰত হ’ব, এইদৰে আপুনি খৰচৰ দুগুণ উপাৰ্জন কৰিবলৈ সক্ষম হ’ব। মূলতঃ ঊলৰ বাবেই শহাপহু পালনৰ ব্যৱসায় আৰম্ভ কৰা হয়। আৰু ই ব্যৱসায়িক খৰচৰ দুগুণ মুনাফা দিয়ে।

লগতে পঢ়কঃ থাই পুঠি পালনৰ পদ্ধতি সম্পৰ্কে জানো আঁহক

English Summary: Rabbit Farming

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.