1. পশুপালন

ৱ্যবসায়িক ভিত্তিত কুকুৰা পালনঃ অসমৰ জলবায়ুত ‘দিপ লিটাৰ্' পদ্ধতি

RAHUL ALI
RAHUL ALI
Poultry Farming! a Profitable Business for Farmers
Poultry Farming! a Profitable Business for Farmers

কুকুৰা পালন এক লাভজনক বৃত্তি। ষিশেষকৈ দেশত দেখা দিয়া নিবনুৱা সমস্যা সমাধানৰ কুকুৰা পালনে নিসন্দেহে এক উল্লেখযোগ্য ভূমিকা পালন কৰিছে৷ আর্থিক দিশত পিছপৰা পৰিয়ালেও কেইজনিমান কুকুৰা পুহি পৰিয়ালৰ পুষ্টিৰ বাবে আৱশ্যকীয় কণীকেইটা আহৰণ কৰি লব পাৰে।

বর্তমানে উন্নত জাতৰ কুকুৰা প্ৰায়বোৰ চৰকাৰী বা বেচৰকাৰী পামতেই পোৱা যায়। এনে এজনী কুকুৰাৰ্ বছৰত প্রায় ৩০০ টাকৈ কণী দিব পৰা ক্ষমতা আছে৷ কণীৰ উপৰিও মাংসৰ বাবে কুকুৰা পালন কৰা হয়।

মাংসৰ বাবে পোহা ব্রইলাৰ কুকুৰা সকলোৰে প্রিয় আৰু ইয়াৰ পালনো অধিক লাভজনক।

কণী পৰা কুকুৰা পালন (Chicken for Eggs)

আমাৰ থলুৱা কুকুৰাবোৰে বছৰত ৬০-৭০ টা মানহে কণী দিয়ে।

এনে কম উৎপাদক্ষম কুকুৰা পালনৰ জৰিয়তে বিশেষ লাভবান হব নোৱাৰি। সেয়েহে উন্নত জাতৰ অধিক কণী পৰা ক্ষমতা থকা কুকুৰা অসম তথা ভাৰতবৰ্ষৰ সকলো ঠাইতে পুহিবলৈ লৈছে। ইয়াৰ ভিতৰত 'হোৱাইত লেগ কৰ্ণ' আৰু 'ৰোড আইলেণ্ড ৰেড' প্ৰধান। এই দুয়োটা জাতৰ কুকুৰাই বছৰত ২৫০ৰ পৰা ৩০০ টাকৈ কণী দিয়ে। ইহঁতৰ কণীবোৰ আকাৰতো ডাঙৰ।

ঘৰ-দুৱাৰ নিৰ্মাণ  (Poultry House)

কুকুৰাৰ্ ঘৰ নির্মাণ কৰিবলৈ হলে এডোখৰ ওখ,  শুকান আৰু ৰদ পৰা ঠাইৰ প্রয়োজন। কুকুৰাৰ পামখন মানুহৰ বসতিস্থানৰ কিছু ওচৰতে হলে ভাল হয়। কিয়নো তেতিয়াহলে কুকুৰাবোৰক সাপ, নেউল, এন্দুৰ্, কুকুৰ, মেকুৰী আদিৰ পৰা ৰক্ষা কৰিব পৰা যায়।

ৱ্যবসায়িক ভিত্তিত কুকুৰা পালন কৰিবলৈ অসমৰ জলবায়ুত ‘দিপ লিটাৰ্' পদ্ধতিয়েই শ্রেষ্ঠ। ইয়াৰ্ বাবে স্থানীয় সামগ্রীৰে ঘৰটো নির্মাণ কৰিব লাগে। মাটিৰ পৰা প্রায় ৩ ফুট ওখলৈ সম্পূর্ণ বেৰ দি ওপৰ অংশত বাঁহ, লো অ৷দিৰ জালিৰে আৱদ্ধ কৰি দিব লাগে৷ লিটাৰ প্ৰস্তত কৰিবলৈ প্রথমে মজিয়াত এফুট ডাঠকৈ শুকান বালি পাৰি লব লাগে। তাৰ ওপৰত ৬ ইঞ্চি মান ডাঠকৈ তুহ বা কাঠৰ গুৰি পাৰি লব লাগে।

এনেকৈ তৈয়াৰ কৰা ভেটিটোৰ প্রত্যেক দহ বৰ্গফুটত প্রায় ৫০০ গ্ৰামকৈ চূণৰ গুৰি মিহলাই লব লাগে৷ এনেকৈ নির্মাণ কৰি লোৱাৰ পিছত কুকুৰাবোৰ মজিয়াত এৰি দিব পাৰি। একেদৰে প্রস্তুত কৰা লিটাৰ ছমাহৰ মূৰে মূৰে খান্দি ভালকৈ ওলট-পালট কৰি দিব লাগে। এই পদ্ধতিৰে পালনৰ্ বাবে প্ৰতিটো পূর্ণাঙ্গ বয়সৰ কুকুৰাৰ্ বাবে ২ বৰ্গফুট মজিয়াৰ আৱশ্যক। এই হিচাপত ঘৰটোৰ আকাৰ নির্ণয় কৰা হয় যদিও কােঠাত ২৫০ টাতকৈ অধিক কুকুৰা নৰখাই ভাল।

(সংগৃহীত প্ৰবন্ধ)

লগতে পঢ়ক-কুকুৰা ফাৰ্ম আৰম্ভ কৰাৰ বাবে নিয়ম আৰু নিৰ্দেশনাৱলী

English Summary: Poultry Farming! Business for Farmers

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.