1. পশুপালন

কেইবিধমান উন্নত প্ৰকাৰৰ ভাৰতীয় ছাগলীৰ জাত-

KJ Staff
KJ Staff
ছাগলী পালন
ছাগলী পালন

অসমত পৰ্য্যাপ্ত পৰিমাণে বৰষুণ হয়৷ ইয়াৰ জলবায়ু  উষ্ণতা আৰু সিক্ত৷ সেইবাবে ইয়াত প্ৰচুৰ পৰিমাণে সেউজীয়া ঘাঁহ গজে আৰু তৃণভোজী প্ৰাণী পোহাটো অতি সহজ৷ জনসংখ্যা বৃদ্ধিৰ লগে লগে কৃষিভূমি কমি যোৱাৰ ফলত কম মাটিতেই কৃষকে অধিক উৎপাদন কৰিবলগীয়া হৈছে৷ কৃষকৰ অৰ্থনীতিত গৃহপালিত ছাগলী পালনত কষ্ট কম আৰু খৰছো কম৷ যদিও অসম আৰু চুবুৰীয়া ৰাজ্য কেইখনত লেখত ল’বলগীয়া অনুমোদিত জাত নাই তথাপিও মাংস জাতীয় মাংস সাৰ(প্ৰ’টিন)উৎপাদনত  অসমত ছাগলী পালনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷

কেইবিধমান ভাৰতীয় ছাগলীৰ জাতঃ

  1. অসমৰ থলুৱা জাত (Assam Local) : অসমৰ থলুৱা জাতৰ ছাগলী মাংসৰ বাবে পোহা হয়৷ ৬-১২ মাহৰ ভিতৰত প্ৰজননৰ ক্ষমতা প্ৰাপ্ত হোৱা দেখা যায়৷ ইহঁতৰ দুটা বা ততোধিক পোৱালী দিয়াৰ ক্ষমতা আছে৷ গাৰ গঠন সৰু যদিও এবছৰ বয়সত প্ৰায় ১৪ কিলোগ্ৰাম  ওজনৰ হয়৷ এই ছাগলী বোৰ অসমৰ জলবায়ুৰ সৈতে সুন্দৰ ভাৱে খাপ খোৱা দেখা যায়৷

  2. বিটাল (Beetal): পাঞ্জাৱ আৰু হাৰিয়ানাৰ এই জাতৰ ছাগলীয়ে অসমৰ জলবায়ুৰ লগত সহজে খাপ খাব পাৰে৷ বিটাল ছাগলী মাংস আৰু গাখীৰ দুয়োৰে বাবে পোহা হয়৷ ইহঁতৰ ওজন প্ৰায় ২১ কিলোগ্ৰাম হয় আৰু প্ৰতিদিনে ৫০০-৮০০ মিলিলিটাৰ গাখীৰ দিয়াৰ সামৰ্থ্য আছে৷

  3. বাৰবাৰী (Barbari) : বাৰবাৰী ছাগলী উত্তৰ প্ৰদেশত পোৱা যায়৷ এই ছাগলীবোৰ মাংস আৰু গাখীৰ দুয়োটাৰ বাবে পোহা হয়৷ গাৰ গঠন সৰু আৰু এবছৰত প্ৰায় ১৫ কিলোগ্ৰাম ওজনৰ হয় ৷ বাৰবাৰী ছাগলীয়ে ৭০০-১৩০০ মিলিলিটাৰ গাখীৰ দিব পাৰে৷

  4. যমুনাপাৰী (Jamunapari): ভাৰতবৰ্ষৰ সবাতোকৈ জনপ্ৰিয় এইজাতৰ ছাগলীয়ে দৈনিক ১৫০০ মিলিলিটাৰ গাখীৰ দিব পাৰে৷ যমুনাপাৰী ছাগলী উত্তৰ প্ৰদেশ আৰু বিহাৰত পোৱা যায় ৷ ইহঁতে এবাৰত এটাহে পোৱালী দিয়ে৷ এবছৰত প্ৰায় ২৯ কিলোগ্ৰাম ওজনৰ হয় ৷ এই ছাগলী বোৰ মুকলিকৈ চৰি-ফুৰি সোনকালে ডাঙৰ হয়৷

  5. বৰ্ণসঙ্কৰ ছাগলী (Crossbred Goats): কোনো সম্পৰ্ক নথকা দুটা জাতৰ ছাগলীৰ প্ৰজননৰ ফলত উৎপাদিত  পোৱালীবোৰক বৰ্ণসঙ্কৰ ছাগলী বোলা হয়৷ এই পদ্ধতিৰ সহায়ত উচ্চ্ক্ষমতা সম্পন্ন চৰিত্ৰ একত্ৰিত কৰি ভৱিষ্যত প্ৰজন্মত উৎপাদন বঢ়াব পাৰি৷

কিন্তু অসমৰ থলুৱা জাতৰ ছাগলীত অকল গাখীৰৰ উৎপাদন বৃদ্ধিৰ বাবে-অসমৰ থলুৱা জাতৰ মাইকী ছাগলীৰ লগত যমুনাপাৰী জাতৰ মতা ছাগলীৰ প্ৰজনন আৰু তাৰপৰা উৎপাদিত বৰ্ণসঙ্কৰ পোৱালীৰ মাজত প্ৰজনন কৰাব লাগে৷

পোহনীয়া ছাগলীৰ নিৰ্বাচনঃ

 মাইকী ছাগলী:

  1. মাইকী ছাগলীজনী থলুৱা জাতৰ হোৱা ভাল৷

  2. দৈহিক গঠন আকৰ্ষণীয় আৰু থিয় হৈ থাকোঁতে চাৰিওটা ঠেঙত সমানে ভৰ পৰা হ’ব লাগে ৷

  3. ৩)গাখীৰ উৎপাদনৰ বাবে পোহা ছাগলীৰ ক্ষেত্ৰত সন্মুখৰ ফালতকৈ পিছফালটো বেছি বহল হ’ব লাগে ৷

  4. ওহাঁৰ আৰু ইয়াৰ বাটবোৰ যথাস্থানত থকাটো প্ৰয়োজনীয়৷

  5. অধিক সংখ্যক পোৱালী জন্ম দিয়া মাকৰ সন্তান৷

  6. মাইকী ছাগলী সাধাৰণতে ৬-১২ মাহৰ বয়সত প্ৰথম গৰম হয় আৰু ১৮-২৪ দিনৰ মূৰে মূৰে পুনৰাবৃত্তি হয়, যেতিয়ালৈকে গৰ্ভধাৰণ নহয়৷

  7. এজনী মাইকী ছাগলী ২-৩ দিন গৰম হৈ থাকে আৰু সেইসময়ত উপযুক্ত মতাৰে প্ৰজনন কৰাব লাগে৷

  8. প্ৰজননৰ পৰা পোৱালী জন্ম দিয়ালৈকে ছাগলীক গঢ়ে ১৪৮ দিন লাগে৷

 মতা ছাগলী:

  1. ভৱিষ্যত প্ৰজন্মৰ পৰা আশানুৰূপ ফল পাবলৈ হ’লে মতা ছাগলী বাছনিৰ ওপৰত গুৰুত্ব দিব লাগে ৷

  2. উন্নত গাৰ গঠন, আটিল স্বাস্হ্য, ঠেং কেইটা সমানে মাটিত পৰা আৰু নিৰোগী মতা ছাগলী বাছনি কৰিব লাগে ৷

  3. মতা ছাগলীয়ে ৭-১২ মাহৰ ভিতৰত প্ৰজনন ক্ষমতা পায়৷

  4. প্ৰজনন ক্ষমতা প্ৰাপ্ত ছাগলীক দিনে ৩-৫ কিল’মিটাৰ খোজ কাঢ়িবলৈ দিব লাগে৷

  5. সাধাৰণতে এটা মতা ছাগলীয়ে ৫০ জনী ছাগলীক গাভিনী কৰিব পাৰে ৷

  6. যিবোৰ মতা ছাগলী প্ৰজননৰ বাবে অনুপযুক্ত, সিহঁতক ৩ মাহ বয়সত খাহী কৰাব লাগে৷

  7. খাহী কৰিলে দেহৰ ওজন বাঢ়ে, মাংসৰ গুণগুণ বৃদ্ধি হয় আৰু অবাঞ্চিত প্ৰজনন ৰোধ হয়৷

ছাগলীৰ ঘৰ:

  1. ছাগলী ঘৰৰ বাবে শুকান, আহল-বহল, বতাহ চলাচল কৰিব পৰা, পোহৰ পৰা ঠাই উপযুক্ত৷

  2. ৫ ফুট বহল আৰু ৭ ফুট দীঘল বাঁহ-খেৰেৰে নিৰ্মিত সাধাৰণ ঘৰ এটাত ৩-৫ জনী ছাগলী ৰাখিব পাৰি৷

  3. যিহেতু আমাৰ উত্তৰ পূৰ্বাঞ্চলত বৰষুণ আৰু আৰ্দ্ৰতা বেছি সেয়েহে চাংঘৰত ছাগলী পালন কৰাটো উত্তম৷

  4. চাংঘৰৰ বাবে ছাগলী থকা মজিয়াখন ঘৰটোৰ ভেটিৰ পৰা ৩-৩.৫ ফুট ওখ কৰিব লাগে৷

  5. ছাগলী এজনীৰ বাবে ২.৫ ফুটX ৮.৫ ফুট মজিয়াৰ প্ৰয়োজন৷

  6. ঘৰৰ চালখন খেৰ বা এচবেচটচেৰে সাজিলে বছৰটোৰ সকলো সময়তে কোঠাটোৰ উষ্ণতা প্ৰায় একে থাকে৷

  7. চাংঘৰত ছাগলী প্ৰতিপালন কৰিলে ছাগলীবোৰ মল-মূত্ৰৰ সংস্পৰ্শলৈ নাহে আৰু বহু ধৰণৰ পেলুৰ পৰা মুক্ত হৈ থাকে৷

অসম কৃষি বিশ্ববিদ্যালৰ অধীনত বৰ্ণিহাটত থকা ছাগলী গৱেষণা কেন্দ্ৰত বিটাল আৰু যমুনাপাৰী জাতৰ ছাগলী প্ৰতিপালন কৰি থকা হৈছে৷ ইচ্ছুক ছাগলী পালকে নিজৰ পামত থকা থলুৱা জাতৰ পৰা অধিক উৎপাদনক্ষম বৰ্ণসঙ্কৰ ছাগলী উৎপাদনৰ বাবে গৱেষণা কেন্দ্ৰত যোগাযোগ কৰি বিটাল জাতৰ মতা ছাগলী আনিব পাৰিব৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয় (সংগৃহীত)

লগতে পঢ়ক-বাৰিষাৰ বেমাৰৰ পৰা গৰু-ম'হক ৰক্ষা কৰিবলৈ ল'বলগীয়া প্ৰাথমিক যতন

English Summary: Different Types of Goat for Farming

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.