1. এগ্ৰিপেডিয়া

কোনবিধ ধানৰ খেতি কোন মাহত কৰিব? অসমত বিভিন্ন ধান খেতিৰ উপযুক্ত ঋতু

KJ Staff
KJ Staff
Rice Cultivation
Rice Cultivation

শৰত ঋতু

আহু ধান (নিয়মীয়া)

আহু ধান বাম মাটিত সিঁচি খেতি কৰা আৰু সোনকালে পকা এজাতি ধান৷ এই ধান ফাগুন-চ’তত সিঁচি বাৰিষাৰ আৰম্ভণিতে কটা হয়৷ শালি ধানৰ যিমান উপজাতি আছে, ইয়াৰো প্ৰায় সিমান আছে৷ যেনে-আহু-বৰা, আহু-জহা, ইত্যাদি৷ ইয়াৰ প্ৰায়বিলাকৰ চাউল ৰঙচুৱা যদিও কোনো কোনো বিধ বগাও হয়৷ মাৰ্চৰ পৰা জুন মাহৰ ভিতৰত আহুধানৰ বীজ সিঁচিব পাৰি। বীজ সিঁচাৰপৰা খেতি চপোৱালৈ ৮০-১৩০ দিন সময় লাগে।

ডুমাই ধান

আহু ধানৰ দৰে একে ধৰণৰ ডুমাই ধানৰ খেতি মাৰ্চ মাহৰ পৰা জুন মাহৰ ভিতৰত কৰিবলৈ পৰামৰ্শ দিয়া হয়। বীজ সিঁচাৰ ৮০-৯০ দিনৰ ভিতৰত এই ধান চপাব পাৰি।

মুৰলী ধান

মুৰলী ধানো আহু ধানৰ দৰেই গুণবিশিষ্ট বিধ ধান। মাৰ্চ-জুন মাহত বীজ সিঁচি ৯০-১০০ দিনৰ ভিতৰত এই ধান চপাব পাৰি।

চেংৰি ধান

বিশেষত্ব আহু ধানৰ সমপৰ্যায়ৰ। মাৰ্চ-জুন মাহত বীজ সিঁচি ৯০-১০০ দিনৰ ভিতৰত এই ধান চপাব পাৰি।

ৰোৱা আহু ধান

মাৰ্চ-জুন মাহৰ ভিতৰত এই আহু ধানৰ বীজ সিঁচিলে ১০০ দিনৰ পাছত চপাব পৰা হয়। সাধাৰণতে ফাগুণৰ মাজভাগৰ পৰা ব’হাগৰ মাজভাগলৈ বীজ সিঁচি চ’তৰ মাজভাগৰপৰা জেঠৰ মাজ ভাগৰ ভিতৰত পথাৰত কঠিয়া ৰুবলৈ পৰামৰ্শ দিয়া হয়।

শীত কাল

জুন-জুলাইৰপৰা নবেম্বৰ-ডিচেম্বৰ মাহৰ ভিতৰত অসমত শীতকালীন ধানৰ প্ৰজাতিসমূহৰ খেতি কৰা হয়। ইয়াৰ ভিতৰত শালি ধান, লাহী ধান, জহা ধান আৰু বড়ো ধান অন্যতম।

শালি ধান

কিছু মোটা আকাৰৰ শালি ধান এবিধ শীতকালীন শস্য। বৰাক উত্যকাত ইয়াক শাইল বুলি কোৱা হয়। বীজ সিঁচাৰ ১৫০-১৮০ দিনৰ ভিতৰত এই ধান চপাব পাৰি।

লাহি ধান

মধ্যমীয়া আকাৰৰ লাহি ধান জুন-জুলাইৰপৰা নৱেম্বৰ-ডিচেম্বৰৰ ভিতৰত হয়। বীজ সিঁচাৰ পাছত ১৫০-১৮০ দিনৰ ভিতৰত এই ধান চপাব পাৰি।

জহা ধান

সুগন্ধি মিহি জহা ধান এক শীতকালীন শস্য। এই ধান জুন-জুলাইৰপৰা নৱেম্বৰ-ডিচেম্বৰ মাহৰ ভিতৰত হয়। বীজ সিঁচাৰ পাছত ১৫০-১৮০ দিনৰ ভিতৰত এই ধান চপাব পাৰি।

বড়ো ধান

আঠাজাতীয় এই ধান এক শীতকালীন শস্য, বীজ সিঁচাৰ পাছত ১৫০-১৮০ দিনৰ ভিতৰত এই ধান চপাব পাৰি। এই ধান জুন-জুলাইৰপৰা নৱেম্বৰ-ডিচেম্বৰ মাহৰ ভিতৰত হয়। বৰাক উপত্যকাত এই ধানক বিৰাইন বুলি কোৱা হয়।

চকোৱা ধান

কম পৰিমাণে amylose থকা এই চাউল আন চাউলতকৈ কোমল। এই ধান জুন-জুলাইৰপৰা নৱেম্বৰ-ডিচেম্বৰ মাহৰ ভিতৰত হয়। বীজ সিঁচাৰ পাছত ১৫০-১৮০ দিনৰ ভিতৰত এই ধান চপাব পাৰি।

আছৰা ধান

এপ্ৰিল-মে’ মাহৰপৰা ডিচেম্বৰ-জানুৱাৰী মাহৰ ভিতৰত এই ধানৰ খেতি কৰা হয়। বীজ সিঁচাৰ পাছত ২৪০ দিনৰ পৰা ২৭০ দিনৰ ভিতৰত শস্য চপাব পাৰি।

বাও ধান

এপ্ৰিল-মে’ মাহৰপৰা ডিচেম্বৰ-জানুৱাৰী মাহৰ ভিতৰত বাও ধানৰ খেতি কৰা হয়। বীজ সিঁচাৰ পাছত ২৭০ দিনৰ পৰা ৩০০ দিনৰ ভিতৰত শস্য চপাব পাৰি।

বড়ো ধান (গ্ৰীষ্ম কালীন)

নৱেম্বৰৰপৰা মে’-জুন মাহৰ ভিতৰত গ্ৰীষ্মকালীন বড়ো ধানৰ খেতি কৰা হয়। বীজ সিঁচাৰ পাছত ১৮০ দিনৰ পৰা ২০০ দিনৰ ভিতৰত শস্য চপাব পাৰি।

ঝুম খেতি

পাহাৰীয়া ঠাইত মাৰ্চ-এপ্ৰিলৰপৰা ছেপ্তেম্বৰ-অক্টোবৰ মাহৰ ভিতৰত ঝুম পদ্ধতিৰে ধান খেতি কৰা হয়। শস্য সিঁচাৰপৰা শস্য চপোৱাৰ মাজৰ সময়সীমা ২১০-২৫০ দিন।

লগতে পঢ়কঃ জৈৱিক পদ্ধতিৰে লেচেৰা মাহৰ খেতি কেনেকৈ কৰিব?

English Summary: Ideal season for various rice cultivation in Assam

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.