1. এগ্ৰিপেডিয়া

black Ridge gourd farming : জানুৱাৰী-ফ্ৰেব্ৰুৱাৰীতে কৃষকসকলে আৰম্ভ কৰক নেডাৰলেণ্ডৰ ক’লা জিকাৰ খেতি

PANKAJ KHANIKAR
PANKAJ KHANIKAR
black Ridge gourd farming in Assam
black Ridge gourd farming in Assam

অসমৰ মাটি আৰু জলবায়ুৰ বাবে উপযোগী এবিধ নতুন জিকাৰ সঁচ নেডাৰলেণ্ডৰ ক’লা জিকা । অসমত প্ৰথমবাৰৰ ২০২১ বৰ্ষত তেজপুৰ জামুগুৰিহাটৰ উদ্যমী কৃষক শৰৎ বৰুৱাই কৰিছিল নেডাৰলেণ্ডৰ ক’লা জিকাৰ খেতি। আৰু ৩ বিঘা মাটিত এই জাতৰ জিকাৰ খেতি কৰি ৩ মাহতে আঢ়ৈ লাখ টকা উপাৰ্জন কৰিছিল শৰৎ বৰুৱাই । আমাৰ থলুৱা জাততকৈ খাবলৈ ভাল আৰু উৎপাদনো বেছি বুলি জানিবলৈ দিয়ে কৃষক উদ্যমী কৃষকগৰাকীয়ে। কৃষকগৰাকীয়ে ইন্টাৰনেটত প্ৰথম লক্ষ্য কৰিছিল জিকাৰ এই সঁচবিধ। আৰু ইয়াৰ বিশেষত্ববোৰ গম পোৱাৰ পাছতে অনলাইন বীজৰ অৰ্ডাৰ কৰি ইয়াক দুবিঘা মাটিত কৰিছিল।

এইবাৰ তেওঁ প্ৰায় ছবিঘা মাটিত এই খেতি কৰিব বুলি জানিবলৈ দিয়ে। বিগত বৰ্ষত লাভৰ মুখ দেখাৰ পাছতে তেওঁ আন কৃষকসকলকো এইবিধ জিকাৰ খেতি কৰিবলৈ আহ্বান জনায়। থলুৱা সঁচবোৰৰ যিদৰে খেতি কৰা হয় আৰু খেতি কৰোঁতে যি শ্ৰম আৰু ব্যয় হয়- সেই একেই একেই শ্ৰম আৰু খৰচ-পাতি নেডাৰলেণ্ডৰ ক’লা জিকাৰ ক্ষেত্ৰতো হয়। পাৰ্থক্য এটাই নেডাৰলেণ্ডৰ ক’লা জিকা কৰিলে উৎপাদন বেছি হয়।

লগতে পঢ়ক-

বান্দৰৰ উপদ্ৰৱ থকা অঞ্চলৰ কৃষকসকলে কৰক পাচাউলিৰ খেতি

নেডাৰ ক’লাজিকাৰ খেতিও কৃষকসকলে জৈৱিকভাৱে কৰিব পাৰে। শৰৎ বৰুৱায়ো প্ৰথম যোৱাবছৰ জৈৱিক ভাৱেই কৰিছিল। ৰাসায়নিকভাৱে কৰিলে খৰচ-পাতি বেছি হয় সমান্তৰালভাৱে বজাৰতো ৰাসায়নিকভাৱে উৎপাদিত শাক-পাচলিৰ দামো বেছি নাপায়। গতিকে এই জিকাৰ খেতি কৰিব বিচৰা কৃষকসকলে জৈৱিকভাৱে কৰিলে অধিক লাভান্বিত হ’ব বুলি কয় উদ্যমী কৃষকগৰাকীয়ে।

উল্লেখ্য যে কোনো আগ্ৰহী কৃষকে যদি নেডাৰলেণ্ডৰ ক’লাজিকাৰ খেতি কৰিব বিচাৰে আৰু এই বিষয়ে জানিব বিচাৰে শৰৎ বৰুৱাৰ লগত যোগাযোগ কৰিব পাৰে। শৰৎ বৰুৱাৰ লগত যোগাযোগ কৰিব পাৰিব এই নম্বৰত- ৮৮৭৬৩৪৮৮৬৮।

লগতে  পঢ়ক- 

Ridge gourd farming : জানুৱাৰী-ফেব্ৰুৱাৰীতে আগতীয়াকৈ আৰম্ভ কৰক জিকাৰ খেতি!

English Summary: black Ridge gourd farming in assam

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.