1. সফল কাহিনী

কলৰ খেতিৰে স্বাৱলম্বী মৰিগাঁৱৰ তুলসী ডেকা

KJ Staff
KJ Staff

অসমৰ প্ৰতিখন জিলাতে শত সহস্ৰ শিক্ষিত নিবনুৱাই চৰকাৰী চাকৰিৰ বাবে হাহাকাৰ কৰি থকা সময়তে মৰিগাঁও জিলাৰ তুলসী ডেকা নামৰ যুৱকজনে কলৰ খেতিত আত্মনিয়োগ কৰি বৰ্তমান স্বাৱলম্বী হোৱাৰ দৃষ্টান্ত দাঙি ধৰিছে। ডেকাই মৰিগাঁও সদৰৰ নিকটৱৰ্তী চাৰণবিলৰ পাৰত অৱস্থিত ৩ কঠা মাটিত ২০১৩ চনৰ ৫ জুনত ৩৬০ টা টিছুকালচাৰ জি নাইন জাতৰ কলপুলি ৰোপণ কৰি সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে লালন-পালন কৰে। এনে পদ্ধতিৰে উৎপাদন কৰা এথোক কলৰ বজাৰ মূল্য হৈছে ৩০০ টকাৰ পৰা পৰা ৫০০ টকা পৰ্য্যন্ত। এনেদৰে তেওঁ প্ৰথম বছৰতে ৩০০ জোপা কলত ৪০০ টকাকৈ মুঠ ১ লাখ ২০ হেজাৰ টকা উপাৰ্জন কৰে। কল খেতি কৰোতে তেওঁৰ মুঠ ব্যয় হয় ১৫০০০ টকা। ডেকাৰ ৩ কঠা মাটিত ৩ বছৰত মুঠ উপাৰ্জন হয় ৩ লাখ ৭০ হেজাৰ টকা। আনফালে, ডেকাই ২০ বিঘা মাটিত জৈৱিক পদ্ধতিৰে কল খেতি কৰিবলৈ যো-জা কৰিছে। এই প্ৰসংগতে উল্লেখনীয় যে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰই তুলসী ডেকাক আদৰ্শ কৃষক হিচাপে সন্মান প্ৰদৰ্শন কৰিছে। দেশৰ কৃষি বিপ্লৱৰ লগত জড়িত ডেকা জীৱন জেউতি কৃষক সংঘৰ সম্পাদকৰ দায়িত্বও বহন কৰিছে। উল্লেখ্য যে ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ে ২০১৩-২০১৪ বৰ্ষৰ ৰাজ্যিক শ্ৰেষ্ঠ যুৱ বঁটা প্ৰদান কৰিছে জীৱন জেউতি কৃষক সংঘলৈ। লগত আছে মানপত্ৰ আৰু ২৫ হেজাৰ টকাৰ চেক। ডেকাৰ এতিয়া লক্ষ্য আত্মসংস্থাপন তথা বৃক্ষৰোপণৰ জৰিয়তে চিৰসেউজ এখন ধৰা গঢ়ি তোলা।

উৎস: দৈনিক অসম।

English Summary: Youth of Morigaon Dristrict make good earning by farming Banana

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.