গোলাঘাট সৰু পথাৰ অঞ্চলৰ মৰাজান গাঁৱৰ এজন কৃষক দধি শইকীয়া। পিতৃৰ সৈতে পথাৰলৈ যাব পৰা অৱস্থাৰ পৰা তেওঁৰ কৃষিকৰ্মৰ লগত জড়িত। বৰ্তমান কৃষকগৰাকীয়ে দুই পুত্ৰ ক্ৰমে মুকুট শইকীয়া আৰু বিদ্যুত শইকীয়াৰ সৈতে ২৬ বিঘা মাটিত উদ্যান শস্য, নগদী শস্য, ঋতুকালীন শস্য আৰু তিনিটা পুখুৰীত মীন পালন কৰি আহিছে। কৃষকগৰাকীয়ে কয় যে তেওঁ কৃষিকৰ্ম আগবঢ়াই নিয়াত পৰিবাৰৰ ভূমিকাও অপৰিসীম। শস্য ৰোপন কৰাত, শস্য চপোৱাৰ দৰে গুৰুত্বপূৰ্ণ কামবোৰ কৰাৰ লগতে পৰিবাৰৰ মানসিক সমৰ্থনৰ কথা কয় কৃষক দধি শইকীয়াই।
পূৰ্বতে কৃষকগৰাকীয়ে পৰম্পৰাগত পদ্ধতিৰে খেতি কৰি আহিছিল। দুই পুত্ৰই কৃষিকৰ্মত মনোনিৱেশ কৰাৰ পাছতে কৃষক দধি শইকীয়াৰ কৃষিক্ষেত্ৰলৈ নতুন জোৱাৰ আহে। সময়ে কঢ়িয়াই অনা হাইব্ৰীড প্ৰজাতিৰ শস্যৰ বীজ সমূহৰ খেতি কৰিবলৈ লয় কৃষকগৰাকীয়ে। বৰ্তমান কৃষকগৰাকীয়ে দুই পুত্ৰৰ সৈতে ১২০০ জোপা অমিতা, ডাংমাহ এবিঘা, ভোল আঢ়ৈ বিঘা, চাহপাত ছবিঘা আৰু ২৬ বিঘা কৃষিভূমিৰ প্ৰায় ১৮ বিঘামান মাটিতেই মিশ্ৰিতেই পদ্ধতিৰে তামোলৰ খেতি কৰিছে।
কৃষকগৰাকীৰ লগত হোৱা কথা-বতৰাত তেওঁ কয়- মোৰ পিতৃয়ো খেতিয়ক আছিল। ময়ো খেতিয়কেই হ’লো। খেতি কৰি আছো। খেতি কৰিয়েই ঘৰ-সংসাৰ চলাই আছো। কোনো অভাৱ নোহোৱাকৈ। বৰ্তমান মোৰ ল’ৰা দুটায়ো খেতি কৰে। সিহঁতিয়ো বিয়া বাৰু কৰাই ঘৰ-সংসাৰ চলাই আছে। পৰিকল্পিতভাৱে কাম কৰিলে সকলো কামতে সফলতা লাভ কৰিব পাৰি। তাৰবাবে ধৈৰ্য লাগিব, একগ্ৰতা লাগিব।
লগতে পঢ়ক-
মিস্ত্ৰী যোগালীৰ পৰা ১০০ বিঘা মাটিৰ খেতিলৈ কৃষক আচগৰ আলী
কোনো আগ্ৰহী যুৱক-যুৱতী কৃষি ক্ষেত্ৰলৈ আগবাঢ়ি আহিলে প্ৰথমে কোনবোৰ কথাত গুৰুত্ব দিব লাগিব বুলি সোধা এক প্ৰশ্নৰ উত্তৰত কৃষকগৰাকীয়ে কয়- কৃষিৰে সফলতা লাভ কৰিবলৈ এজন কৃষকে কৃষি পথাৰত পানীৰ ব্যৱস্থা কৰিব লাগিব। পানীৰ ব্যৱস্থা কৃষিকৰ্মত আগবাঢ়িব পাৰিব। ঘৰখনৰো সমৰ্থন লাগিব। মাটি নাথাকিলেও উঠি অহা যুৱক-যুৱতীসকলে লীজত লৈ খেতি কৰিব পাৰে। কৃষিক্ষেত্ৰত তেওঁ দুই সন্তানৰ ভূমিকা কথা উল্লেখ কৰি কয়- মোৰ ডাঙৰ ল’ৰা মুকুট শইকীয়াৰ বিশেষ ভূমিকা আছে এই কৃষিপথাৰ গঢ়ি তোলাত। তাক যদি এজোপা গছত এক কেজি গোৱৰ দিবলৈ কও সি ডেৰ কেজি দিব। এবাল্টি পানী দিবলৈ কলে সি দুবাল্টি দিয়ে। সেই যে অমিতা বাগানখন দেখিছে। সেইখন তাৰেই। মানে আমি সকলোৱে চাওঁ। কিন্তু মেইন মানুহটো সিয়েই।
ইফালে, কৃষকগৰাকীৰ ডাঙৰ পুত্ৰ মুকুট শইকীয়াই কয়- দেউতাৰ লগতেই সৰুৰ পৰা খেতি-বাতি কাম কৰি আহিছো। অন্য কথা ভাবিবলৈ সময় নহ’ল। পুলি এটা ডাঙৰ হৈ দেখিলে আহিলে ভাল লগা হ’ল। দেউতাই যি দৰে খেতি কৰিছিল তাতে ভেজা দি অকণমান কিছু নতুনকৈ কামবোৰ কৰিবলৈ আগবাঢ়িছো। আৰু খেতিৰ মাজতেই সপোনবোৰ দেখিবলৈ চেষ্টা কৰিছো।উল্লেখ্য যে কৃষক শইকীয়া এজন মৰাজান অঞ্চলৰ গাঁওপ্ৰধান। গাঁওপ্ৰধানৰ দৰে এটা গধুৰ দায়িত্ব সমাপন কৰাৰ লগতে কৃষিক্ষেত্ৰখনকো আগবঢ়াই নি এক আদৰ্শ দাঙি ধৰিছে দধি শইকীয়াই।
লগতে পঢ়ক-