বর্তমান সময়ত ভাৰতবৰ্ষৰ নাৰীসকল সকলো ক্ষেত্রতে আগবাঢ়ি গৈছে। ৰাজনীতি, অর্থনীতি, সমাজসেৱা, শিক্ষা, গৱেষনা ইত্যাদি সকলো খণ্ডতে নাৰীৰ জয়যাত্রা অব্যাহত আছে। আজিৰ মহিলাসকলে উপাৰ্জনৰ ক্ষেত্ৰত পুৰুষৰ সমান্তৰালভাৱে থিয় হোৱাৰ লগতে ঘৰৰ কামবোৰ অতি দক্ষতাৰে আৰু ধৈর্য্যৰে চম্ভালিব পাৰে। ভাৰতবৰ্ষৰ কৃষিক্ষেত্রতো মহিলাসকলে যথেষ্ট অৰিহনা আগবঢ়াই আহিছে।
ভাৰতৰ কৃষি শ্রমিক শক্তিৰ ৩৩% আৰু স্বনিয়োজিত কৃষকৰ ৪৮% ই হ'ল মহিলা। খেতিয়ক, উদ্যোগী, শ্রমিক হিচাপে একাধিক ভূমিকা গ্ৰহণ কৰি মহিলাসকলে কৃষিক্ষেত্রত অৰিহণা যোগাই আহিছে। গ্রাম্য মহিলাসকলেও পশুপালন, উদ্যান শস্য, চপোৱাৰ পিছৰ কাম-কাজ, কৃষি/সামাজিক বনানীকৰণ, মাছ ধৰা ইত্যাদিকে ধৰি সংশ্লিষ্ট ক্ষেত্ৰসমূহত নিয়োজিত হৈ আছে।
লগতে পঢ়ক-
Father & Son : পিতৃয়ে দেখুওৱা বাটেৰেই দুই পুত্ৰৰ কৃষিৰে সপোনৰ সন্ধান
অসমৰ যোৰহাট জিলাৰ জগদুৱাৰ অঞ্চলব এনে এগৰাকী মহিলা কৃষক হ'ল টুটুমণি হাজবিকা। তেওঁ নিজৰ ১০বিঘা মাটিত উন্নত জাতৰ শালিধান আৰু বাৰমাহে শাক পাছলিৰ খেতি কৰাৰ লগতে অন্য কৃষক তথা চৰকাৰী মাটি প্রায় ৩০বিঘা লিজত লৈ সৰিয়হ, মটৰ আদিৰ খেতি কৰি আহিছে। গোটেই বছৰজুৰি অয়ষ্টাৰ কাঠফুলাৰ খেতি কৰি নিজৰ পৰিয়ালে খোৱাৰ লগতে বজাৰতো বিক্ৰী কৰি দুপইছা উপার্জন কৰিছে। তেখেত সদৌ অসম নাৰী অধিকাৰ সুৰক্ষা সমিতিৰ কাঠফুলা উৎপাদনী গোটৰ সভানেত্রী হোৱা হেতুকে গোটেই অসমতে নাৰীসকলৰ উন্নয়নৰ কামত ঘুৰি ফুৰে যদিও কৃষিক্ষেত্রত প্রয়োজনীয় কামসমূহ ৰোৱা, তোলা, ধান দোৱা, মৰণা মৰা, হাল বোৱা, পুলি ৰোৱা ইত্যাদি কাম তেখেতে নিজ হাতেৰে সম্পন্ন কৰে।
পাৱাৰ টিলাৰ চলাই নিজৰ মাটি নিজেই চহ কৰি লয়। আনকি বিভিন্নধৰনৰ ধান যেনে বৰা, জহা, চকুৱা ইত্যাদি বেলেগে বেলেগে ৰাখিবলৈ তেখেতে নিজ হাতেৰে মেৰ প্রস্তুত কবি লয়। এইবছৰ তেখেতে মিলেট খেতি কৰিবলৈও মন মেলিছে। খেতিৰ লগতে এৰী পলু, নুনী পলু পোহা, মীনপালন, পশুপালন ইত্যাদিৰ লগতো তেখেত জড়িত। বর্তমানসময়ৰ অত্যাধিক কীটনাশক প্রয়োগ কৰি প্ৰস্তুত কৰা বজাৰৰ শাক পাছলি নাখাই গোটেই বছৰজুৰি নিজৰ বাৰীত উৎপাদিত পাছলি খাবলৈ সদায় চেষ্টা কৰা মহিলাগৰাকীয়ে বছৰি এইদৰে কৃষিকৰ্মৰ পৰা প্রায় ৩ লাখ টকা উপার্জন কৰিবলৈ সক্ষম হয়।
-তৃষ্ণালী শইকীয়া, কৃষি বিজ্ঞান কেন্দ্ৰ, যোৰহাট
লগতে পঢ়ক-