1. সফল কাহিনী

মীন পালনেৰে আদৰ্শ দেখুৱাইছে অৱসৰপ্ৰাপ্ত শিক্ষক মনোহৰ বাৰ্মাই

KJ Staff
KJ Staff

নলবাৰী জিলাৰ দিহজৰী গাঁৱৰ অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক মনোহৰ বাৰ্মাই মীন পালনৰ ক্ষেত্ৰত অঞ্চলটোত এক আদৰ্শ দেখুৱাবলৈ সক্ষম হৈছে। সত্তৰৰ উৰ্দ্ধৰ এইজন আদৰ্শ মীনপালকে ১৯৬১ চনৰপৰাই মাছ পালনৰ লগত জড়িত হৈ আহিছে আৰু ১৯৭৫ চনৰপৰাই ‘হাপা’ৰ যোগেদি কৃত্ৰিমভাৱে মাছৰ পোনা উৎপাদন কৰি অঞ্চলটোত মাছৰ পোনাৰ অভাৱ দূৰ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। শিক্ষকতাৰ উপৰি মৎস্য পালনত সমানে পাৰদৰ্শিতা দেখুওৱা মনোহৰ বাৰ্মাই ১৯৮৫ চনত বাৰ্মা মাছ পোনা উৎপাদন তথা প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰি নিজ ঘৰতে হেট্‌ছাৰীৰ ব্যৱস্থা কৰি উন্নত মানৰ মাছৰ পোনা উৎপাদন আৰু বিক্ৰী কৰি আহিছে। লগতে প্ৰশিক্ষণ কেন্দ্ৰটোত অঞ্চলটোৰ শ শ যুৱকৰ লগতে গৃহিনীসকলক মাছ পালন সম্পৰ্কে বিনামূলীয়াকৈ প্ৰশিক্ষণ আগবঢ়াই আহিছে। এই কেন্দ্ৰটোৱে ইতিমধ্যে অসম চৰকাৰৰ মীন বিভাগৰপৰা স্বীকৃতি লাভ কৰিছে। এইজন কৃতী মীনপালকে প্ৰতিবছৰে ৯ৰ পৰা ১০ কোটি বিভিন্ন প্ৰজাতিৰ মাছৰ পোনা উৎপাদন কৰি আহিছে।

বাৰ্মাই জানিবলৈ দিয়া মতে, প্ৰতি বছৰে তেওঁ ২৫ৰ পৰা ৩০ কুইণ্টল ডাঙৰ মাছ বজাৰত বিক্ৰী কৰি আৰ্থিকভাৱে লাভৱান হ’বলৈ সক্ষম হৈছে। তেওঁ প্ৰকাশ কৰা মতে, বৰ্তমান তেওঁৰ ১০ টা সৰু-বৰ মাছ পোহা পুখুৰী আছে ইয়াৰ জলকালিৰ পৰিমাণ হ’ব প্ৰায় ২২ বিঘা। বাৰ্মাই এইবাৰ উৰুকাৰ সময়ত প্ৰায় ১০ কুইণ্টল ৰৌ আৰু ভকুৱা মাছ বিক্ৰী কৰিবলৈ সক্ষম হৈছে। জ্যেষ্ঠ মীনপালকজনে জানিবলৈ দিয়া মতে, অঞ্চলটোৰ মীনপালকসকলে মাছৰ খাদ্য ক্ৰয়ৰ নামত অধিক খৰচান্ত হ’বলগীয়া হয়। সেয়ে বাৰ্মা মাছ পোনা উৎপাদন আৰু প্ৰশিক্ষণ কেন্দ্ৰত এটি মাছৰ খাদ্য প্ৰস্তুত কৰা উদ্যোগ স্থাপনৰ বাবে ইতিমধ্যে মীন বিভাগৰ লগত যোগাযোগ কৰা হৈছে। সেয়া হৈ উঠিলে অঞ্চলটোৰ লগতে আন আন ঠাইৰ মীনপালকসকলেও কিছু সকাহ লাভ কৰিব।

তদুপৰি বাৰ্মাই নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত ৫০ জনী খাকী কেম্বেল হাঁহ পালন কৰি কণী পাবলৈ সক্ষম হৈছে।

তেওঁ ঘৰতে কেঁচুসাৰ প্ৰস্তুত কৰা এটি কেন্দ্ৰও গঢ়ি তুলি জৈৱিক কৃষিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। মুঠতে এইজন অৱসৰপ্ৰাপ্ত শিক্ষকে নিজৰ তিনি পুত্ৰক লগত লৈ অঞ্চলটোত কৃষিক্ষেত্ৰত এক নতুনত্ব প্ৰদান কৰিবলৈ সক্ষম হৈছে।

                                                                                      লিখকঃ ৰমেন কলিতা, দৈনিক অসম

English Summary: Successful fish farmer retired teacher Monohar Barma

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.