Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 15 October, 2024 5:48 PM IST
Success story of Woman Farmer Jayanti Devi

মহিলাগৰাকীৰ নাম জয়ন্তী দেৱী। এগৰাকী গৃহিনী। কৃষিকৰ্মৰ প্ৰতি আছে তীব্ৰ আগ্ৰহ কিন্তু বান্দৰৰ পৰা একো খেতি কৰিব নোৱাৰে কৃষকগৰাকীয়ে। কাৰণ কিবা এটা কৰিলেই বান্দৰে আহি সকলো চাফা কৰে। কিন্তু তেওঁ বান্দৰৰ সমস্যাটোৰ পৰা বহুতৰ দৰে খেতি কৰা বাদ নিদি ইউটিউবত সন্ধান কৰিলে বান্দৰে নোখোৱা শস্যৰ খেতি। ইউটিউবত সন্ধান কৰি সন্ধান কৰি গম পালে যে ড্ৰেগন ফল বান্দৰে খাব নোৱাৰে। কাৰণ ড্ৰেগন ফলৰ গছত কাঁইট থাকে কাঁইটৰ বাবে বান্দৰ গছজোপাত উঠিব নোৱাৰে।

ইউটিউবত চায়েই তেওঁ গুজৰাটৰ পৰা পৰীক্ষামূলকভাৱে কৰি চাবলৈ ২০২১ চনৰ এপ্ৰিল মাহত ২০০ পুলি অৰ্ডাৰ কৰিলে অনলাইনত। ইউটিউবতেই ড্ৰেগন খেতিৰ কৃষি পদ্ধতিসমূহৰ বিষয়ে শিকি ল’লে। কৃষকগৰাকীয়ে জানিবলৈ দিয়া মতে, পুলি ৰোপন কৰাৰ ১৪ মাহৰ পৰাই গছত ফল লাগিবলৈ ধৰিল। ফলবোৰ বান্দৰে খোৱা নাই। পৰীক্ষামূলকভাৱে কৰা ড্ৰেগন খেতিত সফলতা লাভ কৰাৰ পাছতে পুনৰ ব্যৱসায়িক উদ্দেশ্যৰে খেতি কৰিবলৈ  ৩৫০ পুলি আনি খেতি আৰম্ভ কৰে। বৰ্তমান তেওঁ ড্ৰেগন ফলৰ বাগানখনত ৫৫০ টা ড্ৰেগন ফলৰ পুলি আছে। ড্ৰেগনৰ গছৰ পকা পোষ্টসমূহৰ মাজৰ খালী ঠাইসমূহত বতৰৰ বিভিন্ন শাক-পাচলি খেতি কৰাৰ লগতে শেহতীয়াকৈ ড্ৰেগন ফলৰ গছজোপাক প্ৰয়োজন হোৱা ছাঁৰ প্ৰতি লক্ষ্য ৰাখি তামোল পুলি ৰোপন কৰিছে। পৰৱৰ্তী সময়ত তামোল গছসমূহৰ পৰা ড্ৰেগন ফলৰ গছসমূহে ছাঁ পোৱাৰ লগতে গছত লগা তামোলৰ পৰা এটা অতিৰিক্ত উপাৰ্জন কৰিব পাৰিব।

লগতে পঢ়ক- 

এতিয়াৰ পৰা বান্দৰ উপদ্ৰৱ থকা অঞ্চলতো কৰিব পাৰিব খেতি

এগৰাকী মহিলা হৈ এনেদৰে ইউটিউবত বান্দৰে নোখোৱা শস্যৰ পুলি সুদূৰ গুজৰাটৰ পৰা ক্ৰয় কৰি খেতি কৰি স্বাৱলম্বী হোৱা কাৰ্য সঁচাকৈয়ে প্ৰশংসনীয়। তেওঁ জানিবলৈ দিয়া মতে, প্ৰথমে তেওঁ বিক্ৰি ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছিল। কিন্তু পৰৱৰ্তী সময়ত এখন ভাল বজাৰ পাবলৈ হয়। বৰ্তমান তেওঁ ড্ৰেগন ফলৰ বজাৰখনৰ প্ৰতি লক্ষ্য ৰাখি উতপাদনহে কৰিব পৰা নাই বুলি কৃষি জাগৰণ অসমক জানিবলৈ দিয়ে।

তেওঁ কয়- ৩ বছৰাীয়া এজোপা ড্ৰেগন ফলৰ গছত ৮-৯ কেজি ফল লাগে। প্ৰতিকেজি ড্ৰেগন তেওঁ ঘৰৰ পৰাই ২০০ টকা কেজিকৈ বেপাৰীক যোগান ধৰে। কৃষকগৰাকীয়ে শেহতীয়াকৈ তেওঁ পুলি উতপাদনো কৰিছে। কোনো আগ্ৰহী জয়ন্তী দেৱীৰ লগত যোগাযোগ কৰি পুলি ক্ৰয় কৰিব পাৰে। ড্ৰেগন খেতিৰ বিষয়ে তেওঁৰ লগত যোগাযোগ কৰি জানিবও পাৰিব। তেওঁৰ ফোন নাম্বাৰ- 70861 38593।

ভিডিঅ' আকাৰে জয়ন্তী দেৱীৰ ড্ৰেগন ফলৰ খেতি চাব বিচাৰিলে এই লিংকটোত ক্লিক কৰক- https://www.youtube.com/watch?v=CyT-0LCYhFE

English Summary: Success story of Woman Farmer Jayanti Devi
Published on: 15 October 2024, 05:48 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now